ETV Bharat / state

কংগ্ৰেছ দলে কাকো উঠিবলৈ নিদিয়ে, বিশ্বাস নকৰে : দিগন্ত কলিতা - সংবাদমেল

বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ মনোজ বৰুৱা আৰু বিধায়ক দিগন্ত কলিতাৰ সংবাদমেল ৷ সমালোচনা কৰাৰ নামত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ নেতা সকল চূড়ান্ত মিথ্যাচাৰত লিপ্ত হৈছে বুলি মন্তব্য নেতাদ্বয়ৰ ৷

MLA Diganta Kalita Slams Congress
কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 6:57 PM IST

বিধায়ক দিগন্ত কলিতাৰ সংবাদমেল

গুৱাহাটী, 23 নৱেম্বৰ :“শেহতীয়াকৈ ৰাজ্য চৰকাৰে আৰক্ষী সেৱা সেতুৰ জৰিয়তে বিভিন্ন অনুষ্ঠানৰ অনুমতি প্ৰদান কৰাৰ নামত কৰ সংগ্ৰহ প্ৰক্ৰিয়াক সমালোচনা কৰাৰ নামত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ নেতা সকল চূড়ান্ত মিথ্যাচাৰত লিপ্ত হৈছে ৷ এই সন্দৰ্ভত গ্ৰহণ কৰিবলগা প্ৰক্ৰিয়াজনিত মাচুলক ব্যাপক কৰ বৃদ্ধি বুলি ষড়যন্ত্ৰমূলকভাৱে প্ৰচাৰ কৰি কংগ্ৰেছে অসমৰ জনতাক বিভ্ৰান্ত কৰিব খুজিছে ৷ আনকি মাচুলৰ বাবদ জমা দিবলগীয়া ধন 2026 ত কংগ্ৰেছৰ চৰকাৰ গঠন হ’লে ঘূৰাই দিয়া হ'ব বুলি উদ্ভট মন্তব্যৰে ভূপেন বৰা, দেৱব্ৰত শ‍ইকীয়াই আকাশত চাং পাতিছে ৷" এই মন্তব্য কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ ৷

বৃহস্পতিবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱা আৰু মুখপাত্ৰ তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে ৷ সংবাদমেলত মনোজ বৰুৱাই কয় যে কংগ্ৰেছ দলে স্বৰাজোত্তৰ ছটা দশকতকৈ অধিক কাল শাসনত থাকি অসমৰ কলা-কৃষ্টি-সংস্কৃতিৰ ৰক্ষাৰ হেতু নামমাত্ৰ ভূমিকাও গ্ৰহণ নকৰিলে আৰু এতিয়া বিৰোধীৰ আসনত থাকোতেহে অসমৰ কলা-কৃষ্টি-সংস্কৃতিলৈ মনত পেলাইছে ৷

তেওঁলোকে কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিহুৱে বিশ্বৰ প্ৰেক্ষাপটত স্থান লাভ কৰিছে ৷ আকৌ প্ৰতিখন বিহু সমিতিকে ডেৰ লাখ টকাকৈ সাহাৰ্য আগবঢ়োৱা চৰকাৰখনে মাচুলৰ বাবদ তিনিশ টকাকৈ সংগ্ৰহ কৰি ৰাজ্যখনৰ বিত্তীয় সংকট দূৰ কৰিব ওলাইছে বুলি কংগ্ৰেছে কৰা অভিযোগ চৰম হাস্যকৰ ৷ নেতা দুজনে লগতে কয় যে, সকলোৱে মনত পেলোৱা উচিত যে কংগ্ৰেছ শাসনৰ সময়ত অসমৰ গাঁৱে-ভূঞে, ৰাস্তাই ঘাটে বাঁহ পেলাই অবৈধভাবে চেক গেট স্থাপন কৰিছিল ৷ সেয়ে এনে অবৈধ ধন সংগ্ৰহত বিশ্বাসী কংগ্ৰেছ দলে অসমৰ অর্থনৈতিক ক্ষেত্ৰৰ উত্তৰণৰ কথা ক'লে অশোভনীয় দেখা যায় ৷

সংবাদমেলত বিধায়ক দিগন্ত কলিতাই "Assam Right to Public Service" অধ্যাদেশ সম্পৰ্কত কয় যে ভূপেন বৰা, দেৱব্ৰত শ‍ইকীয়াই অধ্যাদেশ সম্পৰ্কত ভুৱা প্ৰচাৰ চলাই আছে ৷ এই আইনখন 2012 চনৰে, 2019 চনত ইয়াক সংশোধন কৰা হৈছিল ৷ 2023 চনত পুনৰাই এই আইনৰ আধাৰত সেৱা সম্পৰ্কত নতুন নীতি সংযোজন কৰা হৈছে ৷ পূৰ্বতে এখন বিহু সমিতিয়ে অনুষ্ঠান আয়োজনৰ অনুমতি বিচাৰি তিনি-চাৰিদিন উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী থানালৈ যাব লগা হৈছিল ৷ কিন্তু এতিয়া সমিতি সমূহে ঘৰতে বহি অনলাইন মাধ্যমেৰে এই অনুমতি লাভ কৰিব পাৰিব ৷

বিধায়ক গৰাকীয়ে লগতে কয় যে ৰাইজক যাতে সময় মতেই সেৱা আগবঢ়াব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি চৰকাৰে এই নিৰ্দেশনাৰ ব্যৱস্থা কৰিছে ৷ কেৱল অসমতেই নহয় কেৰেলা,ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যত পূৰ্বৰে পৰা এনে ব্যৱস্থা আছে ৷ সেয়েহে বিধায়ক গৰাকীয়ে জনসাধাৰণক বিৰোধীৰ এনে কথাত ভোল নাযাবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰৰ এই পদক্ষেপত জনসাধাৰণৰ সমৰ্থন পাব বুলি আশ্বাস ব্যক্ত কৰে ৷

লগতে পঢ়ক : ঔৰংগজেৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ পাৰ্থক্য বিচাৰি হায়ৰাণ ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.