ETV Bharat / state

MLA Akhil Gogoi: শৰ্মা চৰকাৰৰ সৰ্ববৃহৎ কেলেংকাৰীৰ তথ্য-প্ৰমাণ আছে বিধায়ক অখিল গগৈৰ হাতত - বিধায়ক অখিল গগৈ

বিধায়ক অখিল গগৈৰ বিস্ফোৰণ । হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ছিণ্ডিকেট চলি আছে । এশ শতাংশ তথ্য-প্ৰমাণ লৈ সদনত আহিছিল অখিল গগৈ । সভাস্থগিত প্ৰস্তাৱ আনি সদনত তথ্য সহকাৰে প্ৰতিপন্ন কৰিব বিচাৰিছিল । কিন্তু দিয়া নহ'ল সুবিধা(Sivasagar MLA Akhil Gogoi) ।

Sivasagar MLA Akhil Gogoi
বিধায়ক অখিল গগৈ
author img

By

Published : Dec 21, 2022, 5:01 PM IST

Updated : Dec 21, 2022, 6:18 PM IST

বিধায়ক অখিল গগৈ

গুৱাহাটী, ২১ ডিচেম্বৰ: অসমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চিণ্ডিকেট চলি আছে । এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনাও অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰা হয়(MLA Akhil Gogoi Suspended from Assembly) । বহিস্কাৰ হোৱাৰ পাছত বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনে(Assam CM Himanta Biswa Sarma) ।

তেওঁ কয়- "এইখন চৰকাৰৰ দিনত যে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি ধ্বংস হৈ গৈছে তাক প্ৰতিপন্ন কৰাৰ সবিশেষ তথ্য মোৰ ওচৰত আছে আৰু সদনত ইয়াক উত্থাপন কৰিব বিচাৰিছিলো । গুৱাহাটীৰ মাজমজিয়াৰ ডকাইতিৰ পৰা ৰঞ্জিত বৰাৰ হত্যাকাণ্ডকে ধৰি সমস্ত আইন-শৃংখলা পৰিস্থিতিৰ ক্ষেত্রত এইখন চৰকাৰৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । এই কথা সভাস্থগিত প্ৰস্তাৱ আনি সদনত তথ্য সহকাৰে প্ৰতিপন্ন কৰিব বিচাৰিছিলো । কিন্তু দিয়া নহ'ল ।"

তেওঁ লগতে কয় যে, অপৰাধৰ ক্ষেত্রত অসম ভাৰতৰ ভিতৰতে এক নম্বৰত আছে । ইফালে মাৰ্ঘেৰিটা, লিডু আদিত কয়লা চিণ্ডিকেট চলি আছে বুলি অভিযোগ কৰি তেওঁ কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নামত ৰাজ্যত চিণ্ডিকেট চলি আছে । এখন এখন কয়লাভৰ্তি ট্ৰাকৰ পৰা মুখ্যমন্ত্রীৰ নামত ৭৫ হাজাৰ টকাকৈ চিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা হয় বুলি সদৰী কৰি তেওঁ কয় যে লিডু আৰু মাৰ্ঘেৰিটাৰ পৰা দৈনিক ৪০০-৫০০ ট্ৰাকৰ যোগেদি কয়লাৰ লুণ্ঠন চলাই থকা হৈছে ।

কয়লা কঢ়িওৱা গাড়ীয়ে দুৰ্ঘটনা কৰিলে গোচৰ পঞ্জীয়ন নহয় । অসমত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চিণ্ডিকেট চলি থকাৰ সমস্ত তথ্য তেওঁৰ হাতত আছে বুলি দাবী কৰি তেওঁ কয় যে এইটো কথা আজি সদনত উত্থাপন কৰি প্ৰমাণ কৰি দিলেহেঁতেন । "কয়লাৰ বিয়াগোম কেলেংকাৰীৰ সমস্ত তথ্য-প্ৰমাণ আজি সদনত লৈ আহিছিলো" বুলি উল্লেখ কৰি তেওঁ কয় যে অসম চৰকাৰ মানেই চিণ্ডিকেটৰাজ ।

বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ ধনৰ আটাইতকৈ ডাঙৰ উৎস কয়লা চিণ্ডিকেট আৰু এই কথা প্ৰমাণ কৰাৰ সকলো তথ্য-প্ৰমাণ তেওঁৰ হাতত মজুত আছে বুলি তেওঁ কয় । কিন্তু সদনত সেই কথা প্ৰতিপন্ন কৰাৰ সুযোগ তেওঁক দিয়া নহ'ল বুলি তেওঁ অভিযোগ কৰে । তেওঁ প্ৰত্যাহ্বান জনাই কয় যে তেওঁ অসমৰ সৰ্ববৃহৎ অৰ্থনৈতিক কেলেংকাৰীটো তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীটো প্ৰমাণ কৰি দিব বিচাৰে । আনকি তেওঁ বাতৰিটো প্ৰকাশৰ প্ৰসংগত সংবাদ মাধ্যমকো প্ৰত্যাহ্বান জনায় । তেওঁ লগতে কয় যে তেওঁ অনা অভিযোগৰ এশ শতাংশ তথ্য-প্ৰমাণ আছে ।

লগতে পঢ়ক: Assam Assembly Winter Session : অসমৰ ভূমি ৰক্ষা কৰিবলৈ গৈ বহিষ্কাৰ হ'লোঁ, অখিল গগৈ

Last Updated : Dec 21, 2022, 6:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.