গুৱাহাটী,5 ডিচেম্বৰঃ মহানগৰীত সংঘটিত হ’ল এক লজ্জাজনক নিৰ্যাতনৰ ঘটনা । গুৱাহাটী মহানগৰীৰ ঘোঁৰামাৰাস্থিত নিৰিবিলি পথৰ এটা ভাড়াঘৰত সংঘটিত হৈছে এই ঘটনা ৷ শুকুৰবাৰে পত্নী নথকাৰ সুযোগ লৈ 10 বছৰীয়া জীয়ৰীক বলাৎকাৰ কৰিলে এজন পিতৃয়ে । ঘটনাটোত জড়িত 60 ৰ ঊৰ্ধৰ লম্পট পিতৃজনৰ নাম ছফিয়াৰ আলী ৷ দুস্কাৰ্যতো সংঘটিত কৰা আলী সম্প্ৰতি পলাতক অৱস্থাত আছে ৷ ইতিমধ্যে লম্পটজনৰ পত্নীয়ে ঘটনা প্ৰসংগত বশিষ্ঠ থানাত 2076/19 ধাৰাত এক গোচৰ ৰুজু কৰিছে ৷ উল্লেখ্য যে, পূৰ্বৰ পত্নী থকাৰ পিছতো ছফিয়াৰ আলীয়ে দ্বিতীয় বিবাহ কৰাইছিল ৷ পলাতক আলীৰ ঘৰ লক্ষীমপুৰত ৷
লগতে চাওকঃবকোত কৌশলগতভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 8 টা চোৰক