ETV Bharat / state

Piyush Hazarika on Congress: ২০৩৬ চনলৈকে কংগ্ৰেছে দিছপুৰৰ শাসনভাৰ ল'ব নোৱাৰে : পীযুষ হাজৰীকা - হিতেশ দেৱ শৰ্মা

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ আছুক এই অভিযোগ গুৰুত্বসহকাৰে লোৱাৰ আহ্বান মন্ত্ৰী হাজৰীকাৰ (Minister Piyush Hazarika) ৷ কংগ্ৰেছে 2026 চনলৈকে দিছপুৰ শাসন কৰিব নোৱাৰে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

Piyush Hazarika on Congress
২০৩৬ চনলৈকে কংগ্ৰেছে দিছপুৰৰ শাসনভাৰ ল'ব নোৱাৰে : পীয়ূষ হাজৰীকা
author img

By

Published : Feb 17, 2023, 10:45 PM IST

২০৩৬ চনলৈকে কংগ্ৰেছে দিছপুৰৰ শাসনভাৰ ল'ব নোৱাৰে : পীয়ূষ হাজৰীকা

গুৱাহাটী, 17 ফেব্ৰুৱাৰী: কংগ্ৰেছৰ ভিতৰৰ সকলো খবৰ জানে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ বিধায়ক দেৱব্ৰত শইকীয়াই দিয়া পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই সংবাদমাধ্যমৰ আগত দেৱব্ৰত শইকীয়াৰ চিঠিখন পঢ়াৰ কথা সদৰী কৰে ৷ দেৱব্ৰত শইকীয়াই গুৰুত্বপূৰ্ণ কথা কৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, বৰ্তমানৰ প্ৰদেশ কংগ্ৰেছে পুৰণি লোকসকলক দায়িত্ব দিব নিবিচাৰে । কাৰণ তেওঁলোকে ‘কিবাকিবি’ দিব নোৱাৰে (Piyush Hazarika on Congress) ৷

লগতে তেওঁ কয়, ‘‘ কংগ্ৰেছৰ পুৰণি নেতা-কৰ্মীসকলে পদ ল’বৰ বাবে কিবাকিবি দিব নিবিচাৰে ৷ যাৰ বাবে কৰবাৰ পৰা অহাসকলে কিবাকিবি দি কংগ্ৰেছৰ পদ লৈছে ৷’’ ইয়াৰ লগতে মন্ত্ৰী পীযুষ হাজৰীকাৰ দাবী, ‘‘2036 চনলৈকে কংগ্ৰেছে দিছপুৰৰ শাসনভাৰ ল'ব নোৱাৰে ।’’

আনহাতে এ আই ইউ ডি এফৰে ভূপেন বৰাই কোনো কাৰণতে মিত্ৰতা নকৰে বুলি কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয়, ‘‘ভূপেন বৰাই নিজৰ কথাটো ধৰি ৰাখিব পাৰিলে ভাল ৷ বদৰুদ্দিন আজমলে ভূপেন বৰা কোন হয় বুলি প্ৰশ্নও কৰিব পাৰে ৷ কাৰণ আজমলে কংগ্ৰেছ হাইকামাণ্ডৰ লগত কথা পাতে ৷’’ ভূপেন বৰাই থৰকবৰক চকী এখনত বহি আছে বুলিও কটাক্ষ মন্ত্ৰীগৰাকীৰ (Piyush Hazarika slams Bhupen Bora) ৷

ইফালে, এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে প্ৰতীক হাজেলাৰ পৰা মাহে 16 লাখলৈ টকা লোৱা বুলি অনা অভিযোগ সন্দৰ্ভতো মন্ত্ৰী হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয়, ‘‘বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ ৷ অভিযোগটো সমুজ্জ্বল ভট্টাচাৰ্যই নস্যাৎ কৰিছে যদিও বিষয়টো সন্দৰ্ভত আৰু অলপ মানুহক বুজাই ক'লে ভাল হয় ৷ তেতিয়া ভাবিবলৈ বাধ্য হ’ম যে সমুজ্জ্বল ভট্টাচাৰ্যই কামটো কৰা নাই ৷’’

হিতেশ দেৱ শৰ্মাৰ অভিযোগটোক আছুৱে গুৰুত্বসহকাৰে ল’ব লাগে বুলিও পীযুষ হাজৰীকাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ আছুৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈয়ে থাকে বুলিও উল্লেখ কৰে হাজৰীকাই ৷

বেদখলকাৰীক উচ্ছেদ কৰা হ’ব বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ বিধায়ক নুৰুল হুদাই উচ্ছেদ ৰখাব নোৱাৰে বুলি সদৰী কৰি তেওঁ কয় যে, ‘‘তেওঁলোকৰ ভয়ত আমি চৰকাৰ নচলাওঁ । তেওঁলোকৰ আস্ফালনক আমি গুৰুত্ব নিদিওঁ (Eviction drive in Assam) ৷’’

লগতে পঢ়ক: Ranjit Bora Murder Case: আৰক্ষীৰ বেহুফালি হেণ্ডকাফ পিন্ধিয়েই পলাল শ্বাহ আলম; বিচাৰি ফুৰিছে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.