ETV Bharat / state

এইবাৰ ৩ লাখ ভোটত হাৰিব ভূপেন বৰা: পীযুষ হাজৰীকা

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 8:47 PM IST

ভূপেন বৰা লুভীয়া মানুহ, চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত হাৰিব ৷ এইবাৰ ৩ লাখ ভোটত হাৰিব- কাজিৰঙাৰ প্ৰাৰ্থিত্বক লৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ ভৱিষ্যত বাণী ৷

Minister Pijush Hazarika Slams APCC President
ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ মন্ত্ৰী পীযুষ হাজৰীকা
ভূপেন বৰাক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, 18 নৱেম্বৰ : “ভূপেন বৰা এজন লুভীয়া মানুহ ৷ লোভেই পাপ, পাপেই মৃত্যু ৷ কাজিৰঙা লোকসভা সমষ্টিত যদি ভূপেন বৰাই প্ৰতিদ্বন্দ্বিতা কৰে 3 লাখ ভোটৰ ব্যৱধানত চতুৰ্থবাৰৰ বাবে নিৰ্বাচনত পৰাজয় বৰণ কৰিব ৷”- ভূপেন বৰাই কিবা এটা কোৱা মানেই প্ৰতিক্ৰিয়া অৱধাৰিত মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ কাজিৰঙা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলিব বুলি কোৱাৰ পিছতেই ভূপেন বৰাৰ বিৰুদ্ধে আকৌ এবাৰ সৰৱ হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰীকা ৷

"একেৰাহে চতুৰ্থবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই হৰাৰ ৰেকৰ্ড গঢ়িব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷" কাজিৰঙা লোকসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ মন মেলা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এটি মন্তব্যৰ প্ৰত্যুত্তৰত শনিবাৰে এই মন্তব্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গৰাকীৰ এই পদক্ষেপত তেওঁ অত্যন্ত সুখী ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে একেৰাহে চতুৰ্থবাৰৰ বাবে নিৰ্বাচন খেলি হৰাৰ ৰেকৰ্ড গঢ়িব ৷

ভূপেন বৰাৰ মন্তব্যৰ লোভ শব্দটোৰ আঁত ধৰি মন্ত্ৰী হাজৰীকাই কয় যে এগৰাকী দায়িত্বশীল ৰাজনৈতিক নেতাই লোভ লাগিছে বুলি ক’ব নাপায় ৷ ভূপেন বৰা যে এগৰাকী লুভীয়া মানুহ, তেখেতৰ কথাতেই প্ৰমাণ হৈছে ৷ আগন্তুক নিৰ্বাচনত ভূপেন বৰাৰ ৰাজনৈতিকভাৱে মৃত্যু হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

ৰাজ্যত চলি থকা অন্য এটা চৰ্চিত প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগত একমত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায় কয় যে, আজমল নামৰ এই মানুহ বিলাকক অসমৰ সমাজৰ পৰা নাইকিয়া কৰিব লাগে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজে সঁহাৰি জনোৱাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীৰ দাবী যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অবাস্তৱ কথা নকয় ৷ তেওঁ যি অনুৰোধ কৰে অসমৰ ৰাইজে শুনে ৷ আজমল কোনো ব্যক্তি বিশেষ নহয় ৷ আজমল লাভ জেহাদৰ প্ৰতীক, আজমল ভূমি জেহাদৰ প্ৰতীক, চুৰি-ডকাইতি কৰি সমাজক সন্ত্ৰাসিত কৰা কিছুলোকৰ প্ৰতীক হ’ল আজমল ৷ এনেদৰেই কিছুদিন পূৰ্বে আজমলৰ ব্যাখ্যা কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ঘটনা সন্দৰ্ভত এআইইউডিএফে আইনী ব্যৱস্থা লোৱাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, আইইউডিএফ নিজেই বেআইনী ৷ তেওঁলোকে বেলেগৰ ওপৰত কি আইনীভাৱে ব্যৱস্থা ল’ব ৷ এনে কথাত আমি কেতিয়াও ভয় নাখাওঁ বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনা বিৰোধীয়ে সকলো গম পাই যাব বুলি মন্তব্য কৰি কয় যে, বিৰোধীৰ যিসকলে চৰকাৰ তথা মুখ্যমন্ত্ৰীক সমালোচনা কৰি আছে তেওঁলোক ফলাফলৰ পিছত একবছৰলৈকে মাৰ্কেটত নাইকিয়া হৈ যাব ৷

বিৰোধীয়ে উত্থাপন কৰি থকা এটা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, কোনোপধ্যেই মুখ্যমন্ত্ৰী ড৹ শৰ্মা আজমলৰ লগত লগ লাগিব নোৱাৰে ৷ আজমল যদি সুমেৰুত আমি কুমেৰুত আছোঁ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিগত নিৰ্বাচনত এআইইউডিএফৰ লগ লাগিছিল কংগ্ৰেছে আৰু সেই পাপৰ পৰা মুক্তি পাবলৈ এনেদৰে আবোল-তাবোল বকি থাকে বিৰোধীয়ে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷

প্ৰত্যেক মাহত কংগ্ৰেছৰ সভাত এখন মাৰপিটৰ ছিৰিয়েল হয় বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ পৰৱৰ্তী মাৰপিটৰ ঘটনা নগাঁৱত হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷ বিৰোধী ঐক্য মঞ্চত কংগ্ৰেছে সহযোগী দলসমূহক মাত্ৰ এখন লোকসভাৰ আসন এৰি দিব বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, সেই আসনখনতো বিজেপি দলে চাৰে তিনি লাখ ভোটত জয়ী হ’বলৈ সক্ষম হ’ব ৷ অৱশ্যে মন্ত্ৰী পীযুষ হাজৰীকাৰ এই ভৱিষ্যত বাণী কিমান ফলিয়ায় সেয়া লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : কংগ্ৰেছ ক্ষমতালৈ আহিলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ধনৰ উৎসৰ তদন্ত হ'ব : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.