ETV Bharat / state

Minister Pijush Hazarika: চাঙে-চাঙে গৈ উদ্ধাৰ হ'ব নোৱাৰে কংগ্ৰেছ; মন্ত্রী পীযুষ হাজৰীকা

কংগ্ৰেছ যিমান যি নকৰক কিয় মানুহে বিশ্বাস নকৰে বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ 'চাঙে চাঙে কংগ্ৰেছ' যাত্ৰাই কংগ্ৰেছক উদ্ধাৰ কৰিব নোৱাৰে বুলিও মন্তব্য মন্ত্ৰী হাজৰীকাৰ ৷

MInister Pijush Hazarika
মন্ত্রী পীযুষ হাজৰীকা
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 10:57 PM IST

মন্ত্ৰী পীযুষ হাজৰীকাৰ মন্তব্য

গুৱাহাটী, ১৫ অক্টোবৰ : কংগ্ৰেছ কোনো কাৰণতে উদ্ধাৰ নহয় । এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ । প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যজুৰি চলা ব্যাপক অভিযান সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে তেওঁলোকে যিমান শপত নাখাওক, যিমান চাঙে-চাঙে নাযাওক কিয় উদ্ধাৰ হ'ব নোৱাৰে । অৱশ্যে চৰলৈ গ'লে অলপ লাভ হ'ব যদিও পাহাৰতো গৈ লাভ নাই আৰু চাঙত তথা নামনিলৈ গৈ লাভ নাই ।

ইফালে ধেমাজি জিলাৰ জোনাইত 'চাঙে চাঙে কংগ্ৰেছ' যাত্ৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা বিপদত পৰা সন্দৰ্ভতো মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । উল্লেখ্য যে মিচিঙৰ ৰিঃবি গাচেঙক ভৰিৰে গচকি অপমান কৰা বুলি ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি জোনাই সমষ্টিৰ চিমেনমুখ পঞ্চায়তৰ ন-পাম কুলি গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া উপেন কুলিৰ গৃহত এই ঘটনা সংঘটিত হয় ।

চাঙে চাঙে কংগ্ৰেছ যাত্ৰাত মিচিং চাংঘৰত মিচিং জাতীয় স্বাভিমান ৰিঃবি গাচেঙৰ ওপৰত ভৰিৰে গচকি যোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মিচিং সমাজত । এই সন্দৰ্ভত মন্ত্ৰী হাজৰীকাই নিজৰ প্ৰতিক্ৰিয়াত কয় যে তেওঁলোকে মিচিঙৰ সন্মানৰ গামোচাখনক গচকিছে । কংগ্ৰেছে এনে কাম কৰে বুলি সদৰী কৰি তেওঁ কয় যে তেওঁলোক মনেৰে যোৱা নাই । মনেৰে কাম কৰা নাই, মগজুৰে কৰিছে । মগজুৰে কৰা কামৰ আন্তৰিকতা নাথাকে । কংগ্ৰেছে চেষ্টা কৰিছে যদিও মানুহে সফল হ'বলৈ নিদিয়ে বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তেওঁলোকে কিবা কৰি দিয়াৰ বাবে শপত খাবলগীয়া হৈছে । তেওঁলোকৰ প্ৰতি ৰাইজৰ বিশ্বাস নাই বাবেই শপত খাবলগীয়া হৈছে বুলি তেওঁ কয় ।

বিজেপিয়ে কাম কৰিছে বাবে মানুহে বিজেপিক বিশ্বাস কৰে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে কংগ্ৰেছ যিমান যি নকৰক কিয় মানুহে বিশ্বাস নকৰে । তেওঁ লগতে কয় যে বিজেপিয়ে চৰত উন্নয়নৰ বাবে যাব যদিও ভোটৰ বাবে নাযায় । লোকসভা নিৰ্বাচনত কংগ্ৰেছে ক'ৰবাত এটাত জয়ী হ'ব পাৰে বুলি ভৱিষ্যতবাণী কৰি পীযুষ হাজৰীকাই কয় যে বিধানসভা নিৰ্বাচনত ১৭ টা বা ১৮ টা সমষ্টিত জয়ী হ'ব কংগ্ৰেছ ।

লগতে পঢ়ক: Bhupen Bora controversy: ৰিবি গাচেং ভৰিৰে গচকি বিপাঙত পৰিল কংগ্ৰেছ সভাপতি ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.