ETV Bharat / state

Ayushman Bharat Card: মুখ্যমন্ত্ৰীৰ সমষ্টিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ - Jalukbari Constituency

জালুকবাৰী সমষ্টিত 'আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা' আৰু 'আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা' ৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত 'আয়ুস্মান কাৰ্ড' বিতৰণ প্ৰক্ৰিয়া আজিৰে পৰা মুকলি কৰা হৈছে ৷ কামৰূপ জিলাৰ আমিনগাঁৱস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বুধবাৰে বিয়লি আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Ayushman Bharat Card) ৷

Ayushman Bharat Card in Jalukbari Constituency
জালুকবাৰী সমষ্টিত আয়ুষ্মান কাৰ্ড বিতৰণ
author img

By

Published : Jun 7, 2023, 9:57 PM IST

Ayushman Bharat Card in Jalukbari Constituency
মুখ্যমন্ত্ৰীৰ সমষ্টিত আয়ুষ্মান কাৰ্ড বিতৰণৰ শুভাৰম্ভণি

গুৱাহাটী, 7 জুন: জালুকবাৰী সমষ্টিত 'আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা' (এবি-পিএমজেএৱাই) আৰু 'আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা' (এএ-এমএমজেএৱাই)ৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত 'আয়ুস্মান কাৰ্ড' বিতৰণ প্ৰক্ৰিয়া আজিৰে পৰা মুকলি কৰা হৈছে ৷ কামৰূপ জিলাৰ আমিনগাঁৱস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বুধবাৰে বিয়লি আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta Distributed Ayushman Bharat Card) ৷

জালুকবাৰী সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য নিশ্চয়তা আঁচনি দুখনৰ এই কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে মন্ত্ৰীজনে ৷ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়, “মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদৰ্শী চিন্তা-পৰিকল্পনাৰ আধাৰত আমাৰ চৰকাৰে 'সকলোৰে বাবে সুস্বাস্থ্য'ৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডত ন-ন সংযোজন অব্যাহত ৰাখিছে ৷ আৰ্থিক ভাৱে একেবাৰেই দুৰ্বল পৰিয়ালৰ লোকসকলৰ লগতে সমাজৰ সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে ৰাজ্যত অত্যাধুনিক স্বাস্থ্য তথা চিকিৎসা সেৱা সুলভ কৰিবলৈ চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে (Minister Keshab Mahanta) ৷”

উল্লেখযোগ্য যে এই দুখন আঁচনিৰ অধীনত প্ৰতিটো হিতাধিকাৰী পৰিয়ালে বছৰি পাঁচ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পাৰিব ৷ সাৰ্বজনীন স্বাস্থ্যসেৱাৰ নিশ্চয়তা প্ৰদান কৰি ২০১৮ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা আয়ুষ্মান ভাৰত আঁচনিৰ সম্প্ৰসাৰিত ৰূপ হিচাপে অসম চৰকাৰে 'আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা' নামৰ আঁচনিখন প্ৰৱৰ্তন কৰি ৰাজ্যখনৰ সকলো ৰেচনকাৰ্ড থকা পৰিয়ালক স্বাস্থ্যৰ নিশ্চয়তা প্ৰদানৰ ব্যৱস্থা কৰিছে (Ayushman Bharat Card in Jalukbari Constituency) ৷

এবি-পিএমজেএৱাই আৰু এএ-এমএমজেএৱাই আঁচনি দুখনৰ অধীনত আয়ুস্মান কাৰ্ড থকা হিতাধিকাৰীসকলে ৰাজ্য তথা দেশৰ 300 ৰো অধিক চৰকাৰী আৰু বেচৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত নগদ বিহীন ভাৱে বিভিন্ন ৰোগৰ 24 প্ৰকাৰৰ চিকিৎসা বিশেষত্বই সামৰি লোৱা 1900 টা চিকিৎসা সেৱা তথা অস্ত্ৰোপচাৰৰ সুবিধা লাভ কৰিব ৷ উল্লেখ্য যে, জালুকবাৰী সমষ্টিত প্ৰায় 94,000 গৰাকী হিতাধিকাৰীয়ে আঁচনি দুখনৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব (Jalukbari Constituency) ৷

লগতে পঢ়ক: Oppositions Election strategy:১১ টা দলৰ বহুকেইটাৰ কোনেও নামেই শুনা নাই:পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.