গুৱাহাটী, 18 অক্টোবৰ : কথমপি প্ৰাণ ৰক্ষা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ মাজ আকাশত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হেলিকপ্টাৰত ঘটিল যান্ত্ৰিক বিজুতি । বুধবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই ঘটনা ৷ ফলত বৰঝাৰ বিমান বন্দৰত জৰুৰীভাৱে অৱতৰণ কৰাবলগীয়া হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা থকা হেলিকপ্টাৰখন ।
চৰকাৰী বিশেষ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মানকাচৰৰ পৰা গুৱাহাটীলৈ আহি আছিল মন্ত্ৰীগৰাকী ৷ তেনে সময়তে হেলিকপ্টাৰখনত যান্ত্ৰিক বিজুতিৰ উমান পাই পাইলটে জৰুৰীভাৱে বৰঝাৰ বিমান বন্দৰতে অৱতৰণ কৰায় ৷
উল্লেখ্য যে মানকাচৰত আজি অৰুণোদয় 2.0 আচঁনিৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে অনুমোদন পত্র বিতৰণ কৰি মন্ত্ৰীগৰাকী গুৱাহাটীলৈ হেলিকপ্টাৰযোগে আহি আছিল । খানাপাৰাত অৱতৰণ কৰিব লগা আছিল যদিও দুটা ইঞ্জিনযুক্ত হেলিকপ্টাৰখনৰ এটা ইঞ্জিন বিকল হৈ পৰাত খানাপাৰাৰ পৰিৱৰ্তে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰতে জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয় হেলিকপ্টাৰখন ৷
মন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰখন গুৱাহাটী বিমান বন্দৰৰ ৰান ৱে’ত জৰুৰীভাৱে অৱতৰণ কৰাত বিমানৰ স্বাভাৱিক যাতায়াত ব্যাহত হৈ পৰে ।
‘‘মই প্ৰথমে একো গম পোৱা নাছিলো ৷ অৱতৰণৰ সময়ত মই যেতিয়া বাহিৰলৈ চালো তেতিয়া অগ্নিনিৰ্বাপক বাহিনীৰ বাহন দেখিলো ৷ তেতিয়াহে অলপ ভয় লাগিছিল ৷ তাৰ পিচত লগে লগে ওলাই আহিলো হেলিকপ্টাৰৰ পৰা ৷ পাইলটে পিচত বুজাই কলে যে, হেলিকপ্টাৰখনৰ এটা ইঞ্জিন বিকল হৈছে ৷ সেয়ে বৰঝাৰত জৰুৰী অৱতৰণ কৰিব লগা হ’ল বুলি ৷ এই কথা পূৰ্বে মোক জনোৱা হ'লে হয়তো মই আৰু ভয় খালোঁহেতেন ৷ ভগৱানৰ কৃপাত একো বিঘিনি নঘটিল ৷"
লগতে পঢ়ক:Assam Flood Relief Fund : দিওঁ-নিদিওঁকৈ টকা 250 কোটিহে দিলে দিল্লীয়ে