ETV Bharat / state

Flood relief in Assam: অধিক ক্ষতিগ্ৰস্ত জিলাত কেবিনেট মন্ত্ৰীৰে আই এ এছ বিষয়াৰ তদাৰক

author img

By

Published : Jul 28, 2022, 11:30 AM IST

বানত বিধ্বস্ত ঘৰ পুৰ্ননিৰ্মাণ বাবে প্ৰকৃত ক্ষতিগ্ৰস্তক আৰ্থিক সাহায্য দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ । কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা বান সাহায্যৰ নীতি অনুসৰি সৰ্বোচ্চ ৯৫ হাজাৰ টকা পর্যন্ত সাহায্য লাভ কৰিব হিতাধিকাৰীয়ে(Flood relief in Assam)। ইতিমধ্যে পূৰ্ণগতিত চলি আছে হিতাধিকাৰীৰ তালিকা পৰীক্ষণৰ কাম । বানৰ সময়ত প্ৰকৃততে ঘৰ ভঙা লোকেহে যাতে সাহায্য লাভ কৰে সেই কথা নিশ্চিত কৰিবলৈ মন্ত্ৰীসকলৰ লগতে আই এ এছ বিষয়াসকলকো জড়িত কৰিছে মুখ্যমন্ত্ৰীয়ে(Minister and IAS officers are also overseeing flood relief process in Assam)

বান সাহায্য সন্দৰ্ভত মন্ত্ৰীৰে আই এ এছ বিষয়াৰ তদাৰক
Flood relief

গুৱাহাটী,২৭ জুলাইঃ বানৰ প্ৰকোপ কমিল যদিও কমা নাই বানাক্ৰান্তৰ দুখ-দুৰ্গতি(Flood situation of Assam)। বানাক্ৰান্তক শিবিৰৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত বাচন-বৰ্তন, কানি-কাপোৰ আদি ক্ৰয় কৰিবলৈ সাহায্য আদায় দিয়াৰ পাছত বিধ্বস্ত ঘৰ-বাৰী মেৰামতিৰ বাবে আৰ্থিক সাহায্য দিয়াৰ বাবে যো-জা আৰম্ভ কৰিছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ।

বানত ঘৰ ক্ষতিগ্ৰস্থ হোৱা প্ৰকৃত বানাক্ৰান্তইহে যাতে সাহায্য লাভ কৰে তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকলে এজনকৈ আই এ এছ বিষয়াক লগত লৈ বাহৰ পাতিবলগীয়া হৈছে ৰাজ্যখনৰ শেহতীয়া বানৰ দ্বাৰা অধিক ক্ষতিগ্ৰস্থ হোৱা জিলাকেইখনত । আই এ এছ বিষয়াৰ সহযোগত মন্ত্ৰীসকলে পৰীক্ষণ কৰা বানাক্ৰান্তৰ তালিকাৰ ভিত্তিত বানত ঘৰ ক্ষতিগ্ৰস্থ হোৱাসকলে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা বান সাহায্যৰ নীতি অনুসৰি সৰ্বোচ্চ ৯৫ হাজাৰ টকা পর্যন্ত সাহায্য লাভ কৰিব ।

বান সাহায্যৰ বাবদ কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক পেকেজৰ প্ৰয়োজন হোৱা নাই ; বৰং ৰাজ্য চৰকাৰৰ হাতত মজুত থকা পুঁজিৰে আন কোনো বছৰে বানাক্ৰান্তই নোপোৱা বান সাহায্য এইবাৰ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াইছিল । খাদ্য সামগ্ৰী পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ লগতে বাচন-বৰ্তন, কাপোৰ-কানিৰ পৰা কিতাপ-পত্ৰ ক্ৰয় কৰিবলৈ আগবঢ়োৱা সাহায্য সুকলমে বিতৰণ কৰাৰ পাছত বানত ঘৰ ভঙা লোকৰ তালিকা প্ৰস্তত কৰিবলৈ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত প্ৰতিটো চক্ৰত এটাকৈ টাস্ক ফ’ৰ্চ গঠন কৰা হৈছিল । এই টাস্ক ফ’ৰ্চে প্ৰস্তুত কৰা তালিকাত যাতে বানৰ সময়ত প্ৰকৃততে ঘৰ ভঙা লোকেহে সাহায্য লাভ কৰে সেই কথা নিশ্চিত কৰিবলৈ মন্ত্ৰীসকলৰ লগতে আই এ এছ বিষয়াসকলক জড়িত কৰিছে মুখ্যমন্ত্ৰীয়ে।

টাস্ক ফ’ৰ্চে প্ৰস্তুত কৰা হিতাধিকাৰীৰ তালিকাত অৰ্ন্তভুক্ত ২০ শতাংশ নাম উপায়ুক্তসকলৰ সহযোগত মন্ত্ৰী আৰু আই এ এছবিষয়াসকলে ২৭ জুলাই অৰ্থাৎ বুধবাৰৰ দিনটোৰ ভিতৰত পৰীক্ষা প্ৰক্ৰিয়া সম্পন্ন কৰিছে । বানত ঘৰ ভঙা লোকৰ তালিকা শুদ্ধকৈ প্ৰস্তুত হোৱাৰ পাছত আৰ্থিক সাহায্য বিতৰণ কৰা হ’ব ।

মুখ্যমন্ত্ৰীয়ে পৰিমল শুক্লবৈদ্যৰ লগত হাইলাকান্দি জিলাৰ দায়িত্ব দিছিল আই এ এছ বিষয়া ৰাকেশ কুমাৰক। মন্ত্ৰী বিমল বৰাৰ লগত আই এ এছ বিষয়া মানবেন্দ্ৰ প্ৰতাপ সিঙক কৰিমগঞ্জ জিলাৰ দায়িত্ব দিয়া হৈছিল ।

আই এ এছ বিষয়া বি কল্যাণ চক্ৰৱৰ্তীৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কাছাৰ জিলাৰ দায়িত্ব দিয়া হৈছিল । হোজাই জিলাৰ দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তৰ লগত আছে আই এ এছ বিষয়া অবিনাশ পুৰুষোত্তম দাস যোশী, আই এ এছ বিষয়া আশিস কুমাৰ ভূটানী৷ নগাঁও জিলাৰ হিতাধিকাৰীৰ তালিকা পৰীক্ষা কৰিছে মন্ত্ৰী অতুল বৰাই । দৰং জিলাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত আছে আই এ এছ বিষয়া ৰবিশংকৰ প্ৰসাদ, ওদালগুৰি জিলাৰ দায়িত্বত থকা মন্ত্ৰী উর্খাও গৌড়া ব্ৰহ্মৰ লগত আছে আই এ এছ বিষয়া দিলীপ কুমাৰ বৰা ।

কামৰূপ জিলাৰ তালিকা পৰীক্ষণত মন্ত্ৰী পাটোৱাৰীৰ লগত আছে আই এ এছ বিষয়া ওম প্ৰকাশ । আই এ এছ বিষয়া ড৹ জে বি এক্কা তামুলপুৰত আছে মন্ত্ৰী সঞ্জয় কিষাণৰ লগত, আই এ এছ বিষয়া ড৹ লক্ষ্মনন আছে নলবাৰী জিলাৰ দায়িত্বত থকা মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগত, আই এ এছ বিষয়া উমানন্দ দলেক লগত লৈ হিতাধিকাৰীৰ তালিকা পৰীক্ষা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দসে । বৰপেটা আৰু বজালী জিলাৰ দায়িত্বত আছে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু তেওঁক সহযোগ কৰিছে আই এ এছ বিষয়া এম এছ মনিৱন্নম আৰু ভাৰত ভূষণ দেৱ চৌধুৰীয়ে মৰিগাঁৱৰ দায়িত্বত আছে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু আই এ এছ বিষয়া চৈয়দ্দিন আব্বাছী, আই এছ বিষয়া পার্থপ্ৰতীম মজুমদাৰক লগত লৈ মন্ত্ৰী অজন্তা নেওগে শোণিতপুৰত আৰু আই এ এছ বিষয়া পৱিত্ৰ খাওন্দক লগত লৈ মন্ত্ৰী অশোক সিংঘালে ধুবুৰীত বানত গৃহৰ ক্ষতি হোৱা হিতাধিকাৰীৰ তালিকা পৰীক্ষণ কৰিছে । এনেদৰে কেবিনেট মন্ত্ৰীৰ দ্বাৰা বানাক্ৰান্তৰ ক্ষয়ক্ষতিৰ তদাৰকী আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে।

লগতে পঢ়ক: বানাক্ৰান্তৰ হাহাকাৰ: ৰঙিয়াত বানপীড়িতৰ শৰীৰত ভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.