গুৱাহাটী,১জুলাই: মুল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সৰ্বসাধাৰণ জনতাৰ মূৰত । ৰন্ধন গেছ, শাক-পাচলি, বিদ্যুতৰ মাচুলকে আদি কৰি প্ৰায়বোৰ সামগ্ৰীৰে মূল্যবৃদ্ধিত জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । এনেবোৰ সামগ্ৰীৰ মূল্যবৃ্দ্ধি অব্যাহত থকাৰ মাজতে আহিল আন এবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ খবৰ । মহানগৰীত পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য ।
গুৱাহাটীত গাখীৰৰ মুল্যবৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই । প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধি কৰাৰ দাবী কৰিছে গো-পালক সন্থাই । আন আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে গাখীৰৰ মূল্যবৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে সন্থাই । কেতিয়াৰ পৰা গাখীৰৰ মূল্য বৃদ্ধি হ'ব সেই বিষয়ে কোনো সিদ্ধান্ত হোৱা নাই বুলি জনায় বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাৰ সভাপতি কৃষ্ণ প্ৰসাদ শৰ্মাই ।
তেওঁ কয় যে গো-পালকৰ পৰা বৰ্তমান সময়ত ৫৩ টকাকৈ প্ৰতিলিটাৰ গাখীৰ ক্ৰয় কৰি আহিছে ব্যৱসায়ীসকলে । লকডাউনৰ পূৰ্বে প্ৰতিলিটাৰ গাখীৰ ৪৮ টকা হোৱাৰ পিছত লকডাউনৰ পিছত দুই টকা বৃদ্ধি হৈ ৫০ হৈছিল আৰু বিগত বৰ্ষত তিনি টকা বৃদ্ধি হৈ ৫৩ টকাকৈ বৃদ্ধি হৈ আছে । কিন্তু এতিয়া প্ৰতিলিটাৰ গাখীৰ ৫৮ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সন্থাই সদৰি কৰে ।
সেই বিষয়ে গাখীৰ ব্যৱসায়ীসকলৰ লগত আলোচনা কৰা হৈছে বুলিও উল্লেখ কৰে । আনহাতে বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাৰ সভাপতি পদম বাচনেটে কয় যে, প্ৰতিলিটাৰ গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰা হৈছে যদিও গো-পালক সকলে মানি লোৱা নাই । যদি গৰু খুঁটিতে ৫৮-৬০ টকাকৈ গাখীৰ প্ৰতিলিটাৰ ক্ৰয় কৰিবলগীয়া হ'লে বজাৰত গাখীৰৰ দাম অধিক বৃদ্ধি পাব । উল্লেখ্য যে বিগত বৰ্ষৰ ২৭ জুলাইৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি হৈছিল গাখীৰৰ মূল্য । গুৱাহাটীৰ বজাৰত প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য ৫৭.৪০ টকা আৰু খুচুৰা মূল্য ৬০ টকাকৈ বিক্ৰী হৈ আছে ।
লগতে পঢ়ক: Shyamantika Sarma controversy: জানমণিক কোনে চলাইছে মানসিক নিৰ্যাতন!