ETV Bharat / state

মেঘালয় বাছ দুৰ্ঘটনা : নিহতৰ পৰিচয় ৰাজহুৱা কৰিলে মেঘালয় চৰকাৰে - Meghalaya Transport Corporation

মেঘালয়ৰ তুৰাৰ পৰা শ্বিলং অভিমুখী মেঘালয় পৰিবহন নিগমৰ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নিহত যাত্ৰী সকলৰ পৰিচয় ৰাজহুৱা কৰিছে মেঘালয় চৰকাৰে । বাছ দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাইছে 6 গৰাকীকৈ যাত্ৰীয়ে ।

Meghalaya accident
দুৰ্ঘটনাত নিহতৰ পৰিচয় ৰাজহুৱা কৰিলে মেঘালয় চৰকাৰে
author img

By

Published : Sep 30, 2021, 8:42 PM IST

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : বুধবাৰে মাজনিশা মেঘালয়ৰ তুৰাৰ পৰা শ্বিলং অভিমুখী মেঘালয় পৰিবহন নিগমৰ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নিহত যাত্ৰী সকলৰ পৰিচয় ৰাজহুৱা কৰিছে মেঘালয় চৰকাৰে । চৰকাৰী বিবৃতি যোগে কোৱা হৈছে যে যোৱা নিশা প্ৰায় ১১.৩০ ৰ পৰা ১২ বজাৰ ভিতৰত নংশ্ৰাম গাঁৱত এই বাছখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল যাৰ ফলত 6 গৰাকীকৈ যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে ।

দুৰ্ঘটনাটোত ১৬ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বুলিও বিবৃতিটোত কোৱা হয় । নিহত ছয় গৰাকী লোক হ'ল অভিশপ্ত বাছখনৰ চালক এভাৰষ্টাৰ খাৰুমনুইড (৪৫), যাত্ৰী চেকামচি জি মমিন (১৮), টংচিমবাৰ্থ এম চাংমা, ট্ৰাইৱিন আৰ মাৰাক (২৩), চেংশ্ৰাং আৰ মাৰাক আৰু ডিচমি এম চাংমা (২৩) ।

আনহাতে, আহত ১৬ গৰাকী যাত্ৰীক উন্নত চিকিৎসা প্ৰদান কৰি থকা হৈছে । মেঘালয় চৰকাৰে দুটা হেল্পলাইন নম্বৰো মুকলি কৰিছে । নম্বৰ দুটা হ'ল - ৮৭৯৪৭৬৫৬৯৬ আৰু ৬০০৯৮৪১০৬০ ।

লগতে পঢ়ক: পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.