ETV Bharat / state

HSLC 2024: ঘোষণা হ'ল ২০২৩-২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী - ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা

ছেবাই প্ৰকাশ কৰে ২০২৩-২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী ৷ এই সময়সূচী অনুসৰি ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীৰ ৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা ৷

HSLC 2024
ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী
author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 3:01 PM IST

গুৱাহাটী, ৯ অক্টোবৰ: ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী। সোমবাৰে ছেবাই প্ৰকাশ কৰে ২০২৩-২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী ৷ এই সময়সূচী অনুসৰি ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীৰ ৪ মাৰ্চলৈ অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা ৷

১৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা ইংৰাজী বিষয়েৰে আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা ৷ ২০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সমাজ বিজ্ঞানৰ পৰীক্ষা , ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব এম আই এলৰ পৰীক্ষা, ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা , ২৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব সাধাৰণ গণিতৰ পৰীক্ষা, ৪ মাৰ্চত অনুষ্ঠিত হ’ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা ৷ আনহাতে ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক (Practical) পৰীক্ষা।

Matriculation examination to be held till March 4 on February 16
মেট্ৰিক পৰীক্ষাৰ সময়সূচী

উল্লেখ্য যে, আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা ৫০ শতাংশ নম্বৰৰ অ' এম আৰ শ্বীটৰ জৰিয়তে হ'ব। পৃথক উত্তৰ বহীত হ'ব বাকী ৫০ শতাংশ নম্বৰৰ পৰীক্ষা। ২০২৩ বৰ্ষৰ পৰাই ৰাজ্যত আৰম্ভ হোৱা নতুন শিক্ষানীতিৰ আধাৰত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈ আহিছে ।

নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীয়ে ৪ টা বিষয়ত ৫০ শতাংশকৈ অবজেক্টিভ প্ৰশ্ন লাভ কৰিছিল। মুঠ ১০০ নম্বৰৰ ভিতৰত ৪৫ নম্বৰ আছিল থিয়ৰীৰ আৰু ৪৫ নম্বৰ আছিল অবজেকটিভ। ইয়াৰোপৰি ১০ নম্বৰ আছিল ইণ্টাৰনেল এছেছমেণ্টত। এম আই এলৰ পৰীক্ষা আৰু ঐচ্ছিক বিষয়ৰ প্ৰশ্ন পূৰ্বৰ দৰেই আছিল।

শেহতীয়াকৈ যোৱা ২৬ ছেপ্টেম্বৰত ২০২৪ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে ছেৱাই জাননী জাৰি কৰিছিল ৷ ছেবাই ২০২৪ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন অহা ৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰ নিৰ্দ্ধাৰণ কৰিছে । আকৌ অনলাইন মাচুল‌ আদায়ৰ অন্তিম দিন ৩১ অক্টোবৰ নিৰ্দ্ধাৰণ কৰিছে । ছেৱাই জাৰি কৰা জাননী অনুসৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণৰ বাবে ২,২০০ টকা মাচুল আদায় দিব লাগিব ৷ অৱশ্যে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাচুল ধাৰ্য কৰা হোৱা নাই ।

লগতে পঢ়ক: HSLC exam 2024: ৩ অক্টোবৰৰ পৰা মেট্টিক পৰীক্ষাৰ্থীৰ প্ৰ-পত্ৰ পূৰণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.