ETV Bharat / state

Masterchef Nayanjyoti Saikia: উত্তৰ-পূবৰ খাদ্যক সম্ভাৰ বিশ্ব দৰবাৰত জনপ্ৰিয় কৰাৰ সপোন নয়নজ্যোতি শইকীয়াৰ - nayanjyoti saikia

উত্তৰ-পূবৰ খাদ্য সম্ভাৰ বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে নয়নজ্যোতি শইকীয়াই ৷ মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ ত বিজয়ী হৈ আহি এতিয়া নয়নে সপোন দেখিছে উত্তৰ-পূবৰ খাদ্য সম্ভাৰক বিশ্বাভিমুখী কৰাৰ (MasterChef India season 7 winner) ৷

masterchef india season 7 winner
নয়নে সপোন দেখিছে উত্তৰ পূবৰ খাদ্য সম্ভাৰক বিশ্বাভিমুখী কৰাৰ
author img

By

Published : May 16, 2023, 11:01 PM IST

নয়নে সপোন দেখিছে উত্তৰ পূবৰ খাদ্য সম্ভাৰক বিশ্বাভিমুখী কৰাৰ

গুৱাহাটী, ১৬ মে’ : নয়নজ্যোতি শইকীয়া, নামেই যাৰ পৰিচয় ৷ প্ৰতিজন অসমবাসীৰে গৌৰৱ নয়নৰ নাম আজি ভাৰতৰ চুকে কোণে প্ৰতিখন ঘৰৰে পাকঘৰতে উচ্চাৰিত হয় ৷ ভাৰতৰ বিভিন্ন ৰাজ্যৰ খাদ্য সম্ভাৰক পিছুৱাই নয়নজ্যোতিয়ে সৰ্বভাৰতীয় পৰ্যায়ত চিনাকি কৰাই দিলে অসমীয়া জুতি লগা খাদ্যৰ ৷ মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ ৰ বিজয়ী নয়নজ্যোতি শইকীয়াই এতিয়া সপোন দেখিছে অসমৰ খাদ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ (masterchef india season 7 winner name) ৷

নিজাকৈ এখন ৰেষ্টোৰেন্ট খোলাৰ সপোন আছে মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ ৰ বিজয়ী নয়নজ্যোতি শইকীয়াৰ । ছ’চিয়েল মিডিয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূবৰ খাদ্য সম্ভাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে নয়নে । এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে (Masterchef India 2023) ।

masterchef india season 7 winner
ৰেডিচন ব্লুত নয়ন

ৰেডিচন ব্লু গুৱাহাটীয়ে মঙলবাৰে মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ ৰ বিজয়ী নয়নজ্যোতি শ‍ইকীয়াৰ বিজয় উদযাপন কৰাৰ লগতে নিজৰ ৰন্ধন দক্ষতাৰে সমগ্ৰ উত্তৰ-পূবলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁক অভিনন্দন জনায় । শ‍ইকীয়াৰ এই সাফল্যই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক খাদ্যৰ ক্ষেত্ৰত সৃষ্টি কৰা চৰ্চাক ৰেডিচন ব্লু গুৱাহাটীৰ পৰিচালনা দলে স্বীকৃতি প্ৰদান কৰাৰ লগতে যথেষ্ট শলাগ লয় (Nayanjyoti Saikia) ।

লগতে পঢ়ক : Naga village in Assam: গদাপাণি-ডালিমীৰ অমৰ প্ৰেমৰ গাঁথা বিজৰিত অসম মুলুকৰ এখন নগা গাঁও

নয়নজ্যোতি শইকীয়াৰ সফলতাৰ স্বীকৃতিস্বৰূপে হোটেলখনে বিজয়ী প্ৰার্থীগৰাকীক আদৰণি জনাই আৰু তেওঁৰ সন্মানাৰ্থে এক বিশেষ মধ্যাহ্নভোজনৰ আয়োজন কৰে । অনুষ্ঠানটোত নয়নজ্যোতি শ‍ইকীয়াই হোটেলখনৰ জ্যেষ্ঠ পৰিচালনা সমিতিক সাক্ষাৎ কৰাৰ লগতে হোটেলৰ কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰি তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰে (Masterchef India season 7 winner Nayanjyoti Saikia) ।

masterchef india season 7 winner
নয়নজ্যোতি শইকীয়া

নয়নজ্যোতি শইকীয়াই মাষ্টাৰচেফ ইণ্ডিয়া ছিজন ৭ ৰ বিজয় যাত্ৰা আৰু উত্তৰ-পূবৰ বিভিন্ন অঞ্চলৰ বিভিন্ন খাদ্যই বিচাৰক আৰু দৰ্শকক কেনেকৈ আকৰ্ষিত কৰিছিল সেই বিষয়ে কয় । লগতে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰপূৰ্ণ খাদ্যসম্ভাৰক দেশৰ বাকী অংশত প্ৰদৰ্শন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : National Education Policy: শীঘ্ৰেই গুৱাহাটী বিশ্ববিদ্যালয়ত NEP-২০২০ আধাৰিত পাঠ্যক্ৰম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.