ETV Bharat / state

Landslide in Guwahati : ভূমিস্খলনত গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্য

গুৱাহাটীৰ নুনমাটিত ভয়ংকৰ ভূমিস্খলন (Massive landslide at Noonmati in Guwahati)। ভূমিস্খলনৰ ফলত আৱদ্ধ তিনিগৰাকী লোক । SDRF, আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত আৱদ্ধ লোককেইজনক উদ্ধাৰ । গুৰুতৰভাৱে আহত লোককেইজনক জিএমচিএইচত ভৰ্তি ।

author img

By

Published : Jun 16, 2022, 2:22 PM IST

Updated : Jun 16, 2022, 5:15 PM IST

Landslide in Guwahati
ভূমিস্খলনত গুৰুতৰভাৱে আহত এটা পৰিয়ালৰ তিনিগৰাকী সদস্য

গুৱাহাটী,১৬ জুন : শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Artificial floods in Guwahati)। সমান্তৰালকৈ ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে । এইবাৰ নুনমাটি শালবাৰী অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা (Massive landslide in Noonmati)। বৃহস্পতিবাৰে পুৱাই সংঘটিত ভূমিস্খলনত তিনিগৰাকীকৈ লোক গুৰুতৰভাৱে আহত ।

উল্লেখ্য যে, পাহাৰৰ পৰা নামি অহা শিল-মাটিয়ে শালবাৰীৰ হৰকান্ত হাজৰিকা নামৰ লোকজনৰ ঘৰটো হেঁচা মাৰি ধৰে । ফলত পৰিয়ালটোৰ তিনিগৰাকীকৈ লোক আৱদ্ধ হৈ পৰে । লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু SDRFৰ লোকসকল উপস্থিত হয় ।

ভূমিস্খলনত গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্য

উদ্ধাৰকাৰী দলে স্থানীয় ৰাইজৰ সহযোগত মাটিৰ তলত আৱদ্ধ হৈ থকা হৰকান্ত হাজৰিকাৰ পত্নী, পুত্ৰ আৰু কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু ঘটনাটোত হৰকান্ত হাজৰিকাৰ পত্নী মিনু হাজৰিকা, পুত্ৰ দেবাশীষ হাজৰিকা আৰু কন্যা দর্শনা হাজৰিকা গুৰুতৰভাৱে আহত হয় (3 injured in Noonmati landslide)। আহত তিনিওগৰাকীকে ততালিকে চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰা হয় ।

জানিব পৰা মতে, শালবাৰী অজন্তা পথৰ নিবাসী নীলমণি দাস নামৰ লোকজনৰ ঘৰত দীৰ্ঘদিন ধৰি ভাৰাতীয়া হিচাপে আছিল উক্ত পৰিয়ালটো । বৃহস্পতিবাৰে পুৱা প্রায় ৬.৩০ মান বজাত পৰিয়ালটো শুই থকা সময়তে হঠাৎ কাষৰ পাহাৰৰ পৰা পৰা শিল-মাটি আৰু গছ-গছনি বাসগৃহটোৰ ওপৰতে পৰে । স্বাভাৱিকতে এই ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত তীব্র আতংকৰ সৃষ্টি হৈছে ।ইফালে ঘটনাটো সংঘটিত হোৱাৰ সময়ত হৰকান্ত হাজৰিকা বাহিৰত ওলাই অহা বাবে সৌভাগ্যক্রমে তেওঁ ৰক্ষা পৰে ।

লগতে পঢ়ক :Landslide in NH 6 : ৰাষ্ট্ৰীয় ঘাইপথ খহি তললৈ বাগৰি পৰিল কেইবাখনো বাহন

Last Updated : Jun 16, 2022, 5:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.