ETV Bharat / state

Assam education department: প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত সংগৃহীত গণস্বাক্ষৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত গণস্বাক্ষৰ অভিযান ৷ 6 জুনৰ পৰা 15 জুনলৈ অব্যাহত থাকিব এই অভিযান ৷

author img

By

Published : Jul 4, 2023, 1:39 PM IST

Mass signature campaign demanding headmaster posts
প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত গণস্বাক্ষৰ অভিযান

গুৱাহাটী, 4 জুলাই : ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত সংগৃহীত গণস্বাক্ষৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ উদ্দেশ্যে মঙলবাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত চানমাৰিত থকা শিক্ষক ভৱনৰ পৰা এক যাত্ৰা উলিওৱা হয় ।

প্ৰাথমিক শিক্ষক সন্মিলনীৰ এক প্ৰতিনিধি দলে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে । ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে এই সন্দৰ্ভত কয় যে প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ নাই । এয়া শিক্ষকৰ সমস্যা নহয় । এই সমস্যা শিক্ষানুষ্ঠানৰ ।

শিক্ষানুষ্ঠানখন ৰাইজৰ সেয়ে ৰাইজে প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি কৰাটো বিচাৰে নে নিবিচাৰে তাৰেই মতামত গ্ৰহণৰ বাবে প্ৰাথমিক শিক্ষক সন্মিলনীয়ে চলিত বৰ্ষৰ 6 জুনৰ পৰা 15 জুনলৈ দহদিনীয়া গণস্বাক্ষৰ অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে ।

কেৱল মাত্র দহ দিনত 1,43,198 গৰাকী লোকে স্বাক্ষৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীলৈ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ আবেদন জনাইছে বুলি গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

আজি প্ৰাথমিক শিক্ষক সন্মিলনী আৰু সহযোগী সংগঠন নিখিল বড়ো প্রাথমিক শিক্ষক সন্থা, সদৌ অসম টেট উত্তীর্ণ শিক্ষক সমাজ আৰু সদৌ অসম ষ্টেটপুল শিক্ষক সন্থাৰ এটি প্রতিনিধি দলে জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত স্বাক্ষৰসমূহ জমা দিয়ে ।

প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে কয় যে ইতিমধ্যে ৰাজ্যিক আৰু জিলা ভিত্তিকভাৱে বিভিন্ন ছাত্র-যুৱ সংগঠন, সকলো জাতি জনগোষ্ঠীৰ সাহিত্য সংগঠন, সংবাদকর্মী, শিক্ষাবিদ, বুদ্ধিজীৱীয়ে অংশ গ্ৰহণ কৰা মত-বিনিময় সভাৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে । বর্তমানে খণ্ড ভিত্তিক মত বিনিময় সভা চলি আছে, এই সভাসমূহে গ্ৰহণ কৰা প্ৰস্তাৱো মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব ।

পোন্ধৰ দিনৰ ভিতৰত সমস্যাটো সমাধানৰ বাট প্ৰশস্ত নহ’লে অহা 19 জুলাইৰ দিনা সামূহিকভাৱে চৰকাৰে দিয়া তিনিশ টকাৰ দায়িত্ব বানচ গ্ৰহণ নকৰাৰ ঘোষণা পত্র নিজ নিজ শিক্ষা বিষয়াৰ হাতত অৰ্পন কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে । সন্মিলনীয়ে বিষয়টোত মুখ্যমন্ত্রীৰ হস্তক্ষেপৰ দাবী জনায় ৷

লগতে পঢ়ক : Manipur situation: শাম কাটিছে অগ্নিগৰ্ভা পৰিস্থিতিৰ; 5 জুলাইৰ পৰা খুলিব বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.