ETV Bharat / state

Bhupen Bora on Lok Sabha election: লোকসভা নিৰ্বাচনত বিজেপিৰ নেতা হ'ব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী; ভূপেন বৰা - Loksabha election 2024

বিজেপিৰ ভিতৰচৰাত প্ৰকৃততে চলিছে কি ? অসমত বিজেপিক প্ৰতিষ্ঠা কৰা নেতাসকলে এতিয়া অস্বস্তিৰ মাজত ৰাজনীতি কৰি আছে । এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ (Bhupen Bora commented on BJP) ৷

APCC president bhupen bora reaction
লোকসভা নিৰ্বাচনত বিজেপিৰ নেতা হ'ব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী
author img

By

Published : May 3, 2023, 7:31 PM IST

লোকসভা নিৰ্বাচনত বিজেপিৰ নেতা হ'ব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী

গুৱাহাটী, ৩ মে': অসমৰ বাবে চিন্তনীয় বিষয় যে, অসম বুৰঞ্জীৰ লগত কোনো সম্পৰ্ক নথকা বদৰুদ্দিন আজমলৰ দৰে এজন ব্যক্তি অসমৰ নেতাৰ আসনত অধিষ্ঠিত হৈছে । এই মন্তব্য প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora slams AIUDF) । বুধবাৰে সংবাদ মাধ্যমৰ আগত এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে শেহতীয়াকৈ কংগ্ৰেছক লৈ কৰা তীৰ্যক মন্তব্য সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে (APCC president bhupen bora reaction)।

বৰাই লগতে কয় যে, আজমলৰ দৰে ব্যক্তি নেতা হ'লে অশালীন তথা শিষ্টাচাৰহীন শব্দবিলাক শুনাটো অস্বাভাৱিক নহয় । আজমলে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰতি তুচ্ছ-তাচ্ছিল্য কৰি অহাৰ মূলতে হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উদগনি (Badaruddin Ajmal cmment against oppositins)। আজমলে অসমৰ সমগ্ৰ নাৰীসত্বাটোক অপমান কৰাৰ উপৰি মুখ্যমন্ত্রীকলৈয়ো কৰা অতি নিন্দনীয় মন্তব্যৰ পাচত শতাধিক গোচৰ ৰুজু হোৱাৰ পাচতো মুখ্যমন্ত্রীগৰাকী নীৰৱ হৈ থাকিল । যাৰ বাবে আজমলে ধৰি ল'লে যে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি ধ্বংস কৰাৰ বাবে চৰকাৰে তেওঁক অনুমতি দিছে । মুখ্যমন্ত্রীৰ এনে উদঙনিৰ বাবেই আজমলে বিৰোধী ৰাজনৈতিক সত্বাটোক হিজৰা বুলি ক'বলৈ সাহস পাইছে ।

আজমলে অসমৰ সভ্যতা-সংস্কৃতি সম্পৰ্কে নাজানে বাবেই এই শব্দটো ব্যৱহাৰ কৰিছে বুলি তেওঁ কয় । বিৰোধী ৰাজনৈতিক সত্বাটোক এনেদৰে কোৱাৰ দুঃসাহস কৰাটো সাধাৰণ কথা নহয় । ইয়াৰ পৰিণাম ভয়াৱহ হ'ব বুলি তেওঁ সকিয়াই দিয়ে । এইক্ষেত্রত তেওঁ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ বাবে দাবী জনায় সভাপতি বৰাই । আজমলৰ মন্তব্যৰ ক্ষেত্রত চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত ল'বলৈ দাবী জনায় (Bhupen Bora slams bjp)।

লগতে সভাপতিগৰাকীয়ে বিৰোধী ঐক্যৰ প্ৰসংগত তেওঁ কয় যে, জাতীয় স্বাৰ্থ পালন কৰাৰ বাবে বিৰোধী ঐক্যবদ্ধ হৈছে । দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাষ্ট্ৰজুৰি বিৰোধী ঐক্যবদ্ধ হোৱাৰ চিন্তাচৰ্চা চলি আছে । অসমতো তাৰেই প্ৰয়াস চলোৱা হৈছে । লোকসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ বহু নেতা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'ব পাৰে । অসমত বিজেপি প্ৰতিষ্ঠাৰ সংগ্ৰ‍ামখনত জড়িত কেইবাজনো ব্যক্তিয়ে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে । কংগ্ৰেছে সেই প্ৰশ্নৰ সুদুত্তৰ দিব ৷

অসমত পৰিস্থিতি আৰু পৰিৱৰ্তন হ'ব । অসমত বিজেপিক প্ৰতিষ্ঠা কৰা নেতাসকলে এতিয়া অস্বস্তিৰ মাজত ৰাজনীতি কৰি আছে । তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলাবৰ বাবে কংগ্ৰেছৰ মঞ্চখনৰ ওপৰত চকু ৰাখি আছে আৰু কংগ্ৰেছৰ নেতৃত্বৰ লগত আলোচনা চলি আছে বুলি সভাপতিগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । এই কথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে গম পাই বুলি তেওঁ কয় ।

আনহাতে কৰ্ণাটকৰ ৰাজনীতিত সভাপতি ভূপেন বৰাই কয় যে, অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কোনো প্ৰভাৱ নাই । তেওঁ কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত কোৱা কথাবোৰক লৈ তাৰ মানুহে হাঁহিছে (Bhupen bora reacts on Karnataka election)। তেওঁ লগতে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ বাবে কৰ্ণাটকত বিজেপিৰ বিপৰ্যয় হ'ব পাৰে বাবেই বিজেপিৰ নেতৃত্বই তেওঁক সোনকালে অসমলৈ ঘূৰি আহিবলৈ কৈছে ।

লগতে পঢ়ক: Assam govt grade 3 results: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 11,324 গৰাকী প্ৰাৰ্থী; 11 মে’ত পাব নিযুক্তি পত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.