ETV Bharat / state

FILMFARE 2020ঃ জুবিন গাৰ্গ গ'ল, ৰবি শৰ্মা নগ'ল, প্ৰতিবাদ কৰিলে মানস ৰবীনে - জুবিন গাৰ্গ

ফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ ভিন্ন স্থিতি অসমৰ শিল্পী সকলৰ ৷ যোৱানিশা ফিল্মফেয়াৰ এৱাৰ্ডত অংশ লৈ অক্ষয় কুমাৰ, মাধুৰী দিক্ষিতকে ধৰি কেইবাগৰাকীও শিল্পীয়ে গুৱাহাটীৰ পৰা উভতাৰ সময়তে বৰঝাৰ বিমানবন্দৰত কন্ঠশিল্পী মানস ৰবীনসহ এটি দলে CAA ৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনহাতে এই ক্ষেত্ৰত কন্ঠশিল্পী জুবিন গাৰ্গ আৰু অভিনেতা ৰবি শৰ্মাইয়ো প্ৰকাশ কৰিলে নিজৰ নিজৰ স্থিতি ৷

ভিন্ন স্থিতিত অসমৰ শিল্পী
ভিন্ন স্থিতিত অসমৰ শিল্পী
author img

By

Published : Feb 16, 2020, 3:04 PM IST

গুৱাহাটী, 16 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসমবাসীৰ মনত বিৰাজমান হৈ থকা অসন্তষ্টিৰ বাবেই ফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ ভিন্ন স্থিতি প্ৰকাশ কৰিলে অসমৰ কেইবাগৰাকীও শিল্পীয়ে ৷ যোৱানিশা ফিল্মফেয়াৰ এৱাৰ্ডত অংশ লৈ গুৱাহাটীৰ পৰা উভতিছিল, অক্ষয় কুমাৰ, মাধুৰী দিক্ষিতকে ধৰি কেইবাগৰাকীও শিল্পীয়ে ৷ তেনে সময়তে কন্ঠশিল্পী মানস ৰবীনসহ এটি দলে, বৰঝাৰ বিমানবন্দৰত বলিউডৰ শিল্পীকেইগৰাকীৰ আগত সাব্যস্ত কৰিবলৈ যায় প্ৰতিবাদ ৷ Akshay Kumar we love you so much, Madhuri Dixit we love you so much বুলি লিখাৰ লগতে, অসমক নাগৰিকত্ব সংশোধনী আইনৰ পৰা ৰক্ষা কৰাত সহায় কৰক বুলি লিখি প্ৰতিবাদ সাব্যস্ত কৰিছিল দলটোৱে ৷ যাৰ বাবে আজাৰা আৰক্ষীয়ে নিশাই মানস ৰবীনসহ দলটোক আটক কৰি আজাৰা আৰক্ষী থানালৈ লৈ যায় যদিও অৱশেষত মোকলাই দিয়ে ৷

ফিল্ম ফেয়াৰ বিভ্ৰান্তিঃ ভিন্ন স্থিতিত অসমৰ শিল্পী

আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বলিষ্ঠ আৰু শক্তিশালীভাৱে প্ৰতিবাদ অব্যাহত ৰখা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গএ অংশগ্ৰহণ কৰিলে ফ্লিম ফেয়াৰৰ অনুষ্ঠানত ৷ এয়াকে লৈ একাংশ লোকে চ'ছিয়েল মিডিয়াত ব্যাপক নেতিবাচক সমালোচনাৰ কৰিলে জুবিন গাৰ্গক ৷

ZUBEEN GARG AT FILM FARE
ফ্লিমফেয়াৰত জুবিন গাৰ্গ
ZUBEEN GARG AT FILM FARE
ফ্লিমফেয়াৰত জুবিন গাৰ্গ

অৱশ্য অনুষ্ঠানলৈ যোৱাৰ পূৰ্বেই জুবিন গাৰ্গে কেৱল ইটিভি ভাৰতৰ আগত ব্যক্ত কৰিছিল নিজৰ স্থিতি ৷ ফ্লিমফেয়াৰৰ অনুষ্ঠানত উপস্থিত থকা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি কি কৈছিল শুনক জুবিন গাৰ্গে..

কন্ঠশিল্পী জুবিন গাৰ্গৰ স্থিতি

ইয়াৰোপৰি 65 সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডত উপস্থিত নাথাকিল অসমৰ আন এগৰাকী জনপ্ৰিয় শিল্পী ৰবি শৰ্মা ৷ এই বিষয়ত শিল্পীগৰাকীয়ে প্ৰকাশ কৰিলে অনুষ্ঠানলৈ নোযোৱাৰ কাৰন ৷

অভিনেতা ৰবি শৰ্মাৰ স্থিতি

লগতে পঢ়কঃ

ফিল্ম ফেয়াৰ এৱাৰ্ডক লৈ প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.