ETV Bharat / state

Mysterious Death: হাতীগাঁৱত মানসিকভাৱে অসুস্থ লোকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Apr 20, 2023, 7:58 PM IST

মহানগৰীৰ আলিয়ে গলিয়ে ওলাবলৈ ধৰিছে মৃতদেহ ৷ বৃহস্পতিবাৰে পুনৰ মহানগৰীৰ হাতীগাঁৱত উদ্ধাৰ কৰা হয় এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকৰ মৃতদেহ (Man body recovered at Hatigaon )৷ পিচে এয়া হত্যা নে দুৰ্ঘটনা এতিয়াও পোহৰলৈ অহা নাই ৷

Man body recovered at Hatigaon
হাতীগাঁৱত মানসিকভাৱে অসুস্থ লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী, ২০ এপ্ৰিল: এতিয়া মহানগৰীত যেন ইটোৰ পিচত সিটোকৈ হত্যাৰ ঘটনা তেনেই সুলভ হৈ পৰিছে ৷ সমগ্ৰ ৰাজ্যতে এতিয়া চলি আছে ৰঙালীৰ আনন্দ ৷ তাৰ মাজতে ৰাজ্যত ভিন্ন স্থানত সংঘটিত হৈছে কেইবাটাও হিংসাত্মক ঘটনা (Mysterious Death in Guwahati) ৷ পহিলা বহাগৰ দিনটোত মহানগৰীৰ বেলতলাত এজন ব্যক্তিৰ মৃতদেহ গেটত ওলমি থকা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বৃহস্পতিবাৰে পুনৰ মহানগৰীৰ হাতীগাঁৱত উদ্ধাৰ কৰা হয় এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ ।

জানিব পৰা মতে হাতীগাঁৱৰ গ’ল্ডেন পথৰে বুধবাৰৰ পৰাই এজন মানসিকভাৱে অসুস্থ ব্যক্তি ঘূৰি ফুৰিছিল । আজি পথটোৰ 3 নং উপ পথৰ নলাত পৰি থকা অৱস্থাত ব্যক্তিজনৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে (Man body recovered at Hatigaon ) । লগে লগে স্থানীয় লোকে হাতীগাঁও আৰক্ষীক খবৰ দিয়ে (Hatigaon Police recovered unknwon body)।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত হাতাগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায় ৷ উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ পৰা জানিব পৰা মতে ব্যক্তিজনৰ আনুমানিক বয়স ৩৫ বছৰ । কি কাৰণত এনে ঘটনা সংঘটিত হ’ল, সমগ্ৰ ঘটনা হত্যা নে আকস্মিক দুৰ্ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত । আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Spa Center Scam: স্পা কেন্দ্ৰৰ নামত চলিছে পতিতালয়, পূৰ্বোত্তৰৰ যুৱতীও উদ্ধাৰ

উল্লেখ্য যে পহিলা বহাগৰ দিনটোতেই মহানগৰীৰৰ সৌৰভনগৰৰ গৃহ নং 25ৰ গেটত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল এজন ব্যক্তিৰ মৃতদেহ ৷ জানিব পৰা মতে লোকজন ত্ৰিপুৰাৰ সুবল দেৱ বাৰ্মা নামৰ লোকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি এনেদৰে গেটত ওলোমাই থোৱাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে (Man suspected suicide case in Guwahati) ৷ প্ৰথম অৱস্থাত এইয়া হত্যাকাণ্ডৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও প্ৰাথমিক তদন্তত এইয়া আত্মহত্যা বুলি অনানুষ্ঠানিকভাৱে প্ৰকাশ কৰে আৰক্ষীয়ে ৷ দীৰ্ঘদিনে অসুস্থতাত ভূগি থকাৰ বাবেই এনে পন্থা লোৱা বুলি প্ৰকাশ কৰিছিল আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.