ETV Bharat / state

মালিগাঁৱত আবকাৰী বিভাগৰ অভিযানঃ উৎখাত চুলাইৰ ঘাটি

author img

By

Published : Aug 6, 2020, 12:47 PM IST

অবাধ হাৰত বৃদ্ধি পোৱা চুলাইৰ ঘাটিৰ বিৰুদ্ধে মহানগৰীৰ মালিগাঁও আদিংগিৰিত আবকাৰী বিভাগে চলায় অভিযান ৷ এই অভিযানকালত ৪০০০ কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰী বিনষ্ট কৰাৰ লগতে ৮ টাকৈ চুলাই ভাটি উৎখাত কৰে ।

maligaon-excise-oparation-against-illegal-hooch-buisness
মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান, উৎখাত চুলাইৰ ঘাটি

গুৱাহাটী, 6 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ চুলাইৰ ঘাটিসমূহৰ বিৰুদ্ধে অব্যাহত আছে আবকাৰী বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে মহানগৰীৰ মালিগাঁও আদিংগিৰিত আবকাৰী বিভাগে চলায় অভিযান । অবাধ হাৰত বৃদ্ধি পোৱা চুলাইৰ ঘাটিৰ বিৰুদ্ধে বিভাগটোৰ এটা দলে চলায় এই অভিযান । আবকাৰী বিভাগে এই অভিযানকালত ৪০০০ কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰী বিনষ্ট কৰাৰ লগতে ৮ টাকৈ চুলাই ভাটি উৎখাত কৰে । তাৰোপৰি প্ৰায় ২০০ লিটাৰ চুলাই নষ্ট কৰে অভিযানকাৰী দলটোৱে ।

ইফালে আবকাৰী বিভাগৰ এই অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চুলাই ব্যৱসায়ীয়ে । আবকাৰী বিভাগৰ অধীক্ষক দেৱজিৎ নাথ,উপ অধীক্ষক অনন্ত কলিতা আৰু আবকাৰী বিষয়া নজৰুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিযান । আইন অমান্যকাৰীৰ বিৰুদ্ধে এনেদৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিলে অভিযানকাৰী দলটোৱে ।

লগতে পঢ়ক : বিকাশ ডুবে ঘটনাৰ প্ৰতিবেদন দাখিলৰ সময়সীমা অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.