ETV Bharat / state

Year Ender-2023 : ২০২৩ৰ শীৰ্ষ ৰাজনৈতিক বিতৰ্কৰ এচেৰেঙা

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 1:09 PM IST

২০২৩ বৰ্ষটোত কিছুমান নেতা তথা ব্যক্তি বিশেষে বিতৰ্কিত মন্তব্যৰে চৰ্চাত থাকিল (Controversial statement)। অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ন-বিজেপি ৰূপজ্যোতি কুৰ্মীলৈ বিভিন্ন বিতৰ্কৰে সংবাদ মাধ্যমৰ শিৰোনামত থকা দেখা গ'ল । বহুতৰ বিৰুদ্ধে গোচৰো ৰুজু হ'ল আনহাতে একাংশই আকৌ ৰাজহুৱা ক্ষমা বিচাৰিবলৈও বাধ্য হ'ল ।

Political controversies
২০২৩ৰ শীৰ্ষ ৰাজনৈতিক বিতৰ্কৰ এচেৰেঙা

নিউজ ডেস্ক,৩১ ডিচেম্বৰ : মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী ৷ নতুন বছৰক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । ২০২৩ বৰ্ষটোত বহু ঘটনা-পৰিঘটনাই ৰাজ্যখনত আলোড়নৰ সৃষ্টি কৰি থৈ গ'ল । সমান্তৰালকৈ কেতবোৰ ৰাজনৈতিক বিষয় আৰু ৰাজনৈতিক ব্যক্তিৰ বিতৰ্কিত তথা অমাৰ্জিত মন্তব্যইয়ো বছৰটোত পদচিহ্ন এৰি থৈ গ'ল । বহু বিতৰ্কিত ৰাজনৈতিক মন্তব্যই সংবাদ শিৰোনামো দখল কৰিলে । যিবোৰ মন্তব্যক লৈ তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিবাদ হোৱাও দেখা গৈছিল সমাজৰ বিভিন্ন স্তৰত ।

বিতৰ্ক নহয়, যেন অলংকাৰ! মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

গীতা বচন বিতৰ্ক : অসমত ৰাজনৈতিক বিতৰ্ক প্ৰসংগ যেন আধৰুৱা হৈ ৰ'ব ড° মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অবিহনে ৷ প্ৰথমেই চৰ্চালৈ আহে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাম । তেওঁৰ কিছুমান মন্তব্যই কেৱল ৰাজ্যতে নহয় সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে বিদায়ী বছৰটোত । ২০২৩ বছৰটোত তেওঁৰ বহু বিতৰ্কিত মন্তব্য আছিল যিবোৰক লৈ বিৰোধী তথা বিভিন্ন পক্ষ সমালোচনাত মুখৰ হৈ উঠিছিল ।

তাৰ ভিতৰত অন্যতম হৈছে মুখ্যমন্ত্ৰীৰ শ্ৰীমদ্ভগৱতগীতা বচনক লৈ হোৱা বিতৰ্ক । বছৰৰ শেষৰ মাহটোতে তেওঁৰ সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ তীব্ৰ বিতৰ্কৰ সূত্ৰপাত ঘটে । তেওঁৰ বিৰুদ্ধে বৰ্ণবাদৰ ঘৃণ্য ৰাজনীতি কৰাৰ অভিযোগো উত্থাপিত হ'ল ৰাজ্যজুৰি ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে দৈনিক কৰি অহাৰ দৰে হিন্দু ধৰ্মগ্ৰন্থ শ্ৰীমদ্ভগৱত গীতাৰ এটা বাণী সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ৷ বাণীটোত কোৱা হৈছিল— "কৃষি কর্ম, গো-পালন, বাণিজ্য- এইসমূহ হৈছে বৈশ্যৰ স্বভাৱজাত তথা স্বাভাৱিক কর্ম আৰু ব্রাহ্মণ, ক্ষত্রিয় আৰু বৈশ্য এই তিনি বর্ণক শুশ্রূষা কৰাটো হৈছে শূদ্রৰ স্বাভাৱিক কর্ম ৷"

লগে লগে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গৰজি উঠিল বিৰোধীকে ধৰি বিভিন্ন পক্ষ ৷ অভিযোগ উঠিল মুখ্যমন্ত্ৰীয়ে কেৱল সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প বিয়পাই সমাজত ঘৃণা-বিদ্বেষ আৰু সংঘাতৰ বীজ সিঁচা নাই, এতিয়া ব্ৰাহ্মণ্যবাদৰো প্ৰৱক্তা হৈ আধুনিক ভাৰতবৰ্ষত চতুৰ্বৰ্ণ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে উন্মাদপ্ৰায় হৈ পৰিছে । 'হিন্দুত্ববাদ'ৰ নামত ক্ষমতাৰ খকত বলীয়া মুখ্যমন্ত্ৰী শৰ্মাই উদ্ধৃত কৰিছে গীতাৰ শ্লোক আৰু শূদ্রসকলক পৰামৰ্শ দিছে ব্ৰাহ্মণৰ সেৱাত নিযুক্ত হ'বলৈ ৷ অৱশেষত এই পোষ্ট সামাজিক মাধ্যমৰ পৰা মোহাৰি পেলাবলৈ বাধ্য হোৱাৰ লগতে ৰাজহুৱা ক্ষমাও খুজিবলৈ বাধ্য হয় মুখ্যমন্ত্ৰীগৰাকী ৷

হিতাধিকাৰী শিক্ষক বিতৰ্ক : যোৱা অক্টোবৰ মাহত হিতাধিকাৰী সম্পৰ্কীয় এক মন্তব্যৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শিক্ষক সমাজ আৰু বিভিন্ন সংগঠন সৰৱ হৈ পৰিছিল । তেওঁ অসমৰ শিক্ষকসকলক হিতাধিকাৰীৰ শাৰীত ৰাখি কৈছিল, "অসমৰ ৮০ শতাংশ শিক্ষকক মোৰ হাতেৰেই নিযুক্তি দিছোঁ ৷ তেওঁলোক যদি হিতাধিকাৰী, তেন্তে আগৰ পৰাই হিতাধিকাৰী ৷" নলবাৰীত এই মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি শিক্ষক সমাজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে । লগতে একাংশ দল-সংগঠনে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ।

ইফালে মুখ্যমন্ত্ৰীক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰি মন্ত্ৰী তথা নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই এই বিতৰ্কক আৰু এখোজ আগুৱাই লৈ গৈছিল । জয়ন্ত মল্ল বৰুৱাই মুখ্যমন্ত্ৰীক ৰক্ষা কৰিবলৈ গৈ সংবাদ মাধ্যমৰ ওপৰত সকলো দোষ জাপি দিয়াৰ চেষ্টা কৰে । এয়া মাত্ৰ কেইটামান উদাহৰণ হে বিতৰ্কৰ শীৰ্ষত থকা অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰায়ে বিভিন্ন বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰে ।

ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী আৰু ৰাজসাহায্য বিতৰ্ক :

কেৱল মুখ্যমন্ত্ৰীগৰাকীয়েই নহয় তেওঁৰ সহধৰ্মিণীও এই বছৰটোত বিভিন্ন বিতৰ্কত সোমাই পৰিছিল । বিতৰ্কটো আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী আৰু ৰাজসাহায্য বিষয়ক । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্রীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ফুড প্ৰছেচিঙৰ বাবে কেন্দ্ৰৰ পৰা ১০ কোটি টকাৰ অনুমোদন লাভ কৰাৰ কথা তথ্য সহকাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল । লগে লগে এই বিতৰ্কৰ সূচনা হৈছিল । এই বিষয়ক লৈ মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈৰ মাজত সামাজিক মাধ্যমত তৰ্ক যুদ্ধ হোৱাও দেখা গৈছিল । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সংবাদ শিৰোনাম দখল কৰে এই বিতৰ্কই ৷

ৰাজ সাহায্য বিতৰ্কৰ পাছত অসমৰ ফ্লাই অভাৰ নিৰ্মাণৰ ক্ষেত্ৰতো বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ পত্নীক আক্ৰমণ কৰিছিল । কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ডিচেম্বৰ মাহৰ আৰম্ভণিতে গোলাঘাটত এক অনুষ্ঠানত কৈছিল, "ফ্লাই অভাৰ নিৰ্মাণ হ'লেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাগানৰ সংখ্যা বৃদ্ধি পায় ।"

কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাৰ এনিমেল কৰিড'ৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ তৰফৰ পৰা এখন বিলাসী ৰিজ'ৰ্ট নিমাণ কৰাৰো অভিযোগ উত্থাপন হৈছিল । কাজিৰঙা, গোলাঘাট, তিনিচুকীয়াকে ধৰি কেইবাটাও স্থানত মুখ্যমন্ত্ৰীৰ পৰিয়ালে চাহ বাগিচা ক্ৰয় কৰাৰ অভিযোগো উত্থাপন হৈছে । ইয়াৰ উপৰিও অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ অভিযোগেও ৰাজ্যখনত ব্যাপক বিতৰ্কৰ সৃষ্টি কৰে । যোৱা কিছু মাহ ধৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কংগ্ৰেছ, ৰাইজৰ দলকে ধৰি ৰাজ্যখনৰ বিৰোধী দলবোৰে ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে । ক্ষমতা অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে অৰ্থনৈতিকভাৱে দুৰ্বল লোকৰ পৰা মাটি ক্ৰয় কৰাৰো অভিযোগ কৰে বিৰোধীয়ে । মুঠতে বছৰটোত মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পত্নীও সমানে বিতৰ্কৰ চৰ্চাত থাকে ।

কংগ্ৰেছৰ অমৃত কলহে লগোৱা কন্দল :

দলীয় কাৰ্যসূচী বিজেপিৰ, অথন্তৰ অসম কংগ্ৰেছত : এই বছৰ বিজেপিয়ে 'অমৃত কলহ যাত্ৰা' শীৰ্ষক এক বিশেষ কাৰ্যসূচী হাতত লৈছিল । কিন্তু এই কাৰ্যসূচীয়ে কংগ্ৰেছ দলত ব্যাপক অন্তঃ কলহ আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল । ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ দলে এই কাৰ্যসূচী বৰ্জন কৰিলেও দলটোৰ একাংশ বিধায়কে এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল । তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অমৃত কলহ যাত্ৰাত অংশ লোৱাক লৈ দলত ক্ষোভৰ বহিঃপ্ৰকাশ হোৱা দেখা গৈছিল ।

আনকি দলৰ সভাপতি ভূপেন বৰা আৰু বিজেপিৰ নেতা পীযুষ হাজৰীকাৰ মাজতো এই বিষয়ক লৈ তৰ্কযুদ্ধ হোৱা দেখা গৈছিল । যোৱা অক্টোবৰ মাহত মন্ত্ৰী পীযুষ হাজৰীকাই ভূপেন বৰালৈ এখন পত্ৰযোগে দলটোৰ স্থিতিক সমালোচনাও কৰিছিল । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইয়ো অংশগ্ৰহণ কৰিছিল এই বিতৰ্কত ।

আজমলৰ বিতৰ্কৰ দস্তাবেজ :

অসমত বিতৰ্কৰ আন এটা নাম হৈছে এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল । বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে তেওঁ চৰ্চাত থকা দেখা যায় । তাৰ ভিতৰত যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ "ভাৰতত শাসন কৰিবলৈ হ'লে মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব" বুলি মন্তব্য কৰিছিল বদৰুদ্দিন আজমলে । অসমৰ বিভিন্ন ঠাইত আজমলৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাৰ লগতে এই প্ৰসংগত বৰপেটাত গোচৰো দাখিল কৰিছিল বহু ব্যক্তি আৰু সংগঠনে ।

বিৰোধী ঐক্যৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিও বিতৰ্কৰ মাজত সোমাই পৰিছিল আজমল । এআইইউডিএফক অসমৰ ১৫ দলীয় বিৰোধী ঐক্যত চামিল নকৰাৰ পাছতে যোৱা মে' মাহত আজমলে বিৰোধী ঐক্যক 'হিজৰা' বুলি সম্বোধন কৰিছিল । এই মন্তব্যৰ পাছত বিৰোধী ঐক্যৰ অংশীদাৰ কংগ্ৰেছ দলৰ লগতে বাকী দলবোৰেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল ।

যোৱা মে' মাহত বদৰুদ্দিন আজমলে বছৰটোৰ শীৰ্ষ বিতৰ্কিত মন্তব্য কৰিছিল । তেওঁ সংবাদ মাধ্যমক তীব্ৰ আক্ৰমণ কৰিছিল । আজমলে শিলচৰ বাঁশকান্দি মাদ্ৰাছাত কৈছিল, "য'ত যি কেমেৰামেনক পাবা ধৰি ধৰি পিটন দিয়া । পুলিচ কেচ হ'লে মই কভাৰ দিম ।" ফটো সাংবাদিকসকলক উদ্দেশ্যি কৰা এই আপত্তিজনক মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

যোৱা ১৪ নৱেম্বৰত মৰিগাঁৱৰ লাহৰীঘাটত অনুষ্ঠিত এখন সভাত আজমলে তেওঁক সম্বৰ্ধনা জনোৱা এখন 'চেলেং চাদৰ" মঞ্চৰ তললৈ দলিয়াই দিছিল । চেলেং চাদৰ অসমীয়া সমাজৰ এক সন্মানৰ প্ৰতীক, তেনেস্থলত এইধৰণৰ কাৰ্যই অসমীয়া সমাজৰ অনুভূতিত বাৰুকৈয়ে আঘাত হানিছিল । ফলস্বৰূপে অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ বহু মন্ত্ৰী, বিধায়ক আৰু বিৰোধী দলৰো একাংশ নেতাই আজমলক তীব্ৰ সমালোচনা কৰিছিল । অসমৰ মুখ্যমন্ত্ৰীয়ে আজমলক অসমীয়া জাতি বিৰোধী এক নেতিবাচক প্ৰতীক বুলিও অভিহিত কৰে ।

'অসম ম্যানমাৰৰ অংগ' বিতৰ্ক :

অসম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি শেহতীয়াকৈ বিতৰ্কত জ্যেষ্ঠ কংগ্ৰেছী অধিবক্তা নেতা কপিল চিব্বাল । যোৱা ৭ ডিচেম্বৰত কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত নাগৰিকত্বৰ ভিত্তি বৰ্ষ প্ৰসংগৰ এক গোচৰত অসমক ম্যানমাৰৰ অংগ বুলি কৈছিল । নেতাগৰাকীৰ সেই মন্তব্যৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ সৃষ্টি হয় । উল্লেখ্য যে এআইইউডিএফৰ হৈ অধিবক্তা ৰূপে গোচৰটোত উচ্চ ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰিছিল চিব্বালে ৷

বিতৰ্কৰ চাকনৈয়াত ভূপেন বৰা :

ভূপেন বৰা আৰু বিতৰ্ক এটা মুদ্ৰাৰ দুটা ইপিঠি সিপিঠি যেন হৈ থাকিল বিদায়ী বৰ্ষটোত ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা প্ৰায়ে বিভিন্ন কাম বা বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত থকা দেখা গ'ল বছৰটোত । যোৱা অক্টোবৰ মাহত 'চাঙে চাঙে কংগ্ৰেছ' শীৰ্ষক এক কাৰ্যসূচীত ভূপেন বৰাই মিচিং সম্প্ৰদায়ৰ সন্মানৰ প্ৰতীক ৰিবি গাচেঙ বস্ত্ৰ ভৰিৰে গচকি অপমান কৰাৰ অভিযোগ উত্থাপন হৈছিল । একাংশ মিচিং সংগঠনে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছিল ।

আনহাতে ভূপেন বৰাৰ বছৰটোৰ আটাইতকৈ ডাঙৰ বিতৰ্ক হিচাপে বিবেচিত বিতৰ্কটো হ'ল- শ্ৰী কৃষ্ণক লাভ জিহাদ সজোৱা বিতৰ্ক ৷ যোৱা জুলাই মাহত ভূপেন বৰাৰ লাভ জিহাদ সম্পৰ্কীয় মন্তব্যই ৰাজ্যজুৰি তোলপাৰ লগাইছিল । লাভ জিহাদৰ কথা নতুন নহয় বুলি সদৰী কৰি সংবাদ মাধ্যমৰ সন্মুখত ভূপেন বৰাই মহাভাৰতৰ প্ৰসংগ টানি আনিছিল । ধৃতৰাষ্ট্ৰই গান্ধাৰীক বিয়া কৰোৱাৰ প্ৰসংগৰে মহাভাৰতৰ যুদ্ধৰ কথা উল্লেখ কৰি তেওঁ কৈছিল যে গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ মুখ নাচাও বুলিয়ে চকুত ক'লা কাপোৰ বান্ধিছিল । শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক নিবলৈ আহিছিল তেতিয়া অর্জুনে মহিলাৰ বেশ লৈ আহিছিল বুলি সদৰী কৰিছিল । সেয়াও আছিল লাভ জিহাদেই ৷ এইদৰে মন্তব্য কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল কংগ্ৰেছ নেতা ভূপেন বৰাই । শেষত নামঘৰত সেৱা লৈ ক্ষমা ভিক্ষা কৰিবলৈ বাধ্য হয় ভূপেন বৰাই ৷ কিন্ত ইতিমধ্যেই ৰাজনৈতিকভাৱে যথেষ্ঠ ক্ষতি হৈ গৈছিল বৰাৰ ৷

কংগ্ৰেছ বিধায়কৰ নামঘৰীয়া বিতৰ্ক :

জলেশ্বৰৰ কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাও এই বছৰ বিশেষ চৰ্চাত আছিল । হিন্দু ধৰ্মক লৈ ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰি বিপদ পৰিছিল ইছলামধৰ্মী বিধায়কগৰাকী । হিন্দুক ব্যভিচাৰী আৰু নামঘৰীয়াক ধৰ্ষণকাৰী বুলি কৰা মন্তব্যৰ পাছতেই তেওঁৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হোৱা দেখা গ'ল ৷ ৰাজ্যজুৰি বহু গোচৰ ৰুজু হোৱাৰ পিচত যোৱা নৱেম্বৰ মাহত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল ।

বাজপেয়ী ভৱন জোকাৰি যোৱা ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যা :

২০২৩ বৰ্ষটো বিজেপি দলৰ বাবেও তীব্ৰ বিতৰ্কৰ মাজেৰে গৈছে । বিজেপিৰ এগৰাকী সক্ৰিয় নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ পাছতে দলটোৰ ভিতৰচ'ৰাত ব্যাপক উত্তেজনাৰ সৃষ্টি হৈছিল । ঘটনাৰ তদন্তৰ সময়ত নিযুক্তি কেলেংকাৰীক লৈ বহু বিজেপি নেতা-পালিনেতাৰ নামো সাঙোৰ খাই পৰিছিল । তহবিলদাৰৰ আত্মহত্যাৰ পাছত বিজেপি কাৰ্যালয়ত নিশা মহিলা সুৰক্ষিত নহয় বুলিও বিৰোধীৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল বিজেপি । ইফালে এই ঘটনাৰ পাছত বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাই দলৰ আদৰ্শ আৰু সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাও দেখা গৈছিল । প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই আনকি অসন্তুষ্টি প্ৰকাশ কৰি দলৰ সভাপতি ভৱেশ কলিতালৈ পত্ৰও প্ৰেৰণ কৰিছিল ।

ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিলে বিধায়ক ৰূপজ্যোতিয়ে :

কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা ৰূপজ্যোতি কুৰ্মীয়ে প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি থকা দেখা গ'ল বছৰটোত । বুৰঞ্জীৰ পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ কৰাক লৈ দেশজুৰি বিতৰ্ক চলি থকাৰ মাজতে কুৰ্মীয়ে প্ৰেমৰ প্ৰতীকস্বৰূপে তাজমহলকলৈ বিতৰ্কিত মন্তব্য কৰিছিল ৷ যোৱা এপ্ৰিল মাহত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ তাজমহল আৰু কুতুবমিনাৰ ভাঙি তাৰ ঠাইত ডাঙৰ মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি কৈছিল ।

এয়া মাত্ৰ চৰ্চাৰ শীৰ্ষত বিতৰ্কসমূহৰ কেইটামান উদাহৰণহে । ২০২৩ বৰ্ষটোত বহু ব্যক্তি বিতৰ্কিত মন্তব্যৰ বাবে চৰ্চাত থকা দেখা যায় । অৱশ্যে এই সকলো বিতৰ্ক ক্ষণিকৰ বাবে হ'লেও পাহৰি এতিয়া ২০২৪ত নতুন আৰম্ভণিৰ বাবে সাজু হৈছে ৰাজ্যবাসী । ইতিহাসৰ পাতত হয়তো থাকি যাব ২০২৩ৰ দুই এটা বিতৰ্ক ৷ সৰহ সংখ্যকেই বিলীন হৈ যাব সময়ৰ কোৱাল সোঁত আৰু ২০২৪ ৰ নতুন বিতৰ্কৰ চাকনৈয়াত ৷ আহি আছে লোকসভা নিৰ্বাচন ৷ সেয়ে ২০২৪ৰো প্ৰথম চোৱা যে ৰাজনৈতিক বিতৰ্কৰে ভৰি পৰিব সেয়া প্ৰায় নিশ্চিত ৷

লগতে পঢ়ক :উভতি চাওঁ 2023: কোনটো গীতে বেছিকৈ স্পৰ্শ কৰিলে আপোনাক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.