ETV Bharat / state

বিলাসী বাহনত গুৱাহাটীত সৰবৰাহ হয় চুলাই মদ

author img

By

Published : Sep 8, 2021, 10:34 PM IST

চুলাই মদৰ বিৰুদ্ধে গুৱাহাটীত আৱকাৰী বিভাগৰ ব্যাপক অভিযান । গুৱাহাটীৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত ৭০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰাৰ লগতে মহিলাসহ মুঠ দহ গৰাকী সৰবৰাহকাৰীক আটক আৱকাৰী বিভাগৰ ৷

Luxury vehicle used for liquor supply in Guwahati
গুৱাহাটীত চুলাই মদ যোগানৰ ব্যৱহাৰ কৰা হয় বিলাসী বাহন

গুৱাহাটী,৮ ছেপ্টেম্বৰ : গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে । কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰই যৌথভাৱে এক অভিযান চলাই ৷

আৱকাৰী বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, কাহিলীপাৰাৰ চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়ান গেট, লখৰা, পাটৰকুছি, উলুবাৰী, কছাৰীবস্তি, ভঙাগড়, বিৰুবাৰী, দিছপুৰ, ফটাশিল আমবাৰী, ভূতনাথ, আঠগাঁও, উজান বজাৰ আদি অঞ্চলত চলোৱা হয় এই অভিযান ৷ অভিযানত ৭০০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰা হয় ৷

ইফালে অভিযান কালত মহিলা সহ মুঠ 10 গৰাকী সৰবৰাহকাৰীক আটক কৰে অৱকাৰী বিভাগে ৷ উক্ত অভিযানতে উলুবাৰী কছাৰীবস্তিত ৰঙিয়াৰ পৰা চুলাই মদ অনা অৱস্থাত AS-01-MA-0638 নম্বৰৰ এখন বিলাসী বাহন জব্দ কৰা হয় বুলি জানিব পৰা গৈছে ।

তদুপৰি গ্ৰেপ্তাৰ কৰা দহ গৰাকীৰ বিৰুদ্ধে অসম আৱকাৰী আইনৰ অধীনত গোচৰ ৰজু কৰি বুধবাৰে বিয়লি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে আটাইকে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: সেনাবাহিনী আৰু বায়ু সেনাৰ সহায়ত নিমাতীঘাটত চলিব অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.