ETV Bharat / state

Third alternative political front: তৃতীয় বিকল্প মৰ্চা গঠনৰ লক্ষ্যৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰে লুৰীণজ্যোতি গগৈৰ বৈঠক

author img

By

Published : Dec 14, 2022, 9:09 PM IST

দেশত শীঘ্ৰেই গঠন হ’ব তৃতীয় বিকল্প মৰ্চা (Third alternative political front) ৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বত তৃতীয় বিকল্প ৰাজনৈতিক মৰ্চা গঠনৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি (KCR Third front) ৷ এই মৰ্চাত অন্তৰ্ভুক্তিৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে দিল্লীত দীৰ্ঘ সময় আলোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

KCR Third front
তৃতীয় বিকল্প মৰ্চা গঠনৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰে লুৰীণজ্যোতি গগৈৰ বৈঠক

গুৱাহাটী, 14 ডিচেম্বৰ: 2024চনৰ লোকসভা নিৰ্বাচনৰ(Lok sabha election 2024) বাবে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে তৎপৰতা ৷ তাৰ সমান্তৰালভাৱে দেশত আৰম্ভ হৈছে তৃতীয় বিকল্প মৰ্চা গঠনৰ তৎপৰতা(KCR third front) ৷ তৃতীয় বিকল্প মৰ্চা গঠন আৰু অন্তৰ্ভুক্তিৰ বাবে দিল্লীত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও(Telangana CM K Chandrashekhar Rao) আৰু সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱৰ(Akhilesh Yadav) সৈতে দীঘলীয়া ৰাজনৈতিক আলোচনা অসম জাতীয় পৰিষদৰ(AJP) সভাপতি লুৰীণজ্যোতি গগৈৰ(Lurin Jyoti Gogoi) ৷

উল্লেখ্য যে, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতি(TRS) দলটোৰ নাম সলনি কৰি কৰা হৈছে ভাৰতীয় ৰাষ্ট্ৰ সমিতি চমুকৈ বি আৰ এছ(Bharat Rashtra Samithi) ৷ এই উপলক্ষে বুধবাৰে দিল্লীত দেশৰ বিভিন্ন ৰাজ্যৰ বিজেপি বিৰোধী ৰাজনৈতিক দল সমূহৰ নেতৃত্বৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও ৷ য’ত তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আঢ়ৈ ঘণ্টাজোৰা আলোচনাত মিলিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ(Lurin Jyoti gogoi in conversation with Telangana CM) ৷

এই আলোচনাত অংশ লয় উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশযাদৱেও ৷ লগতে, এই বৈঠকত উপস্থিত আছিল জাতীয় পৰিষদৰ যুটীয়া সম্পাদক কাষ্টম বসুমতাৰী(Kastom basumatary) ৷ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী বিকল্প মৰ্চা গঠনৰ বিষয়ে আলোচনা কৰা হয়(Discussion to form a third front) ৷ যদিহে এই প্ৰস্তাৱিত বিকল্প মৰ্চা গঠন হয় তেন্তে তাত অন্তৰ্ভুক্ত হ’ব অসম জাতীয় পৰিষদ দলো(Assam Jatiya Parishad) ৷

বুধবাৰে অনুষ্ঠিত হোৱা বৈঠকত এক বিকল্প মৰ্চা(Alternate front) গঠন কৰি বিজেপিক ক্ষমাচ্যুত কৰিবৰ বাবে নেতৃত্ব ল’বলৈ কে চন্দ্ৰশেখৰ ৰাও আৰু অখিলেশ যাদৱক আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে ৷ স্মৰ্তব্য যে, কে চন্দ্ৰশেখৰ ৰাওৰ দল টি আৰ এছে 'কা' বিৰোধী(CAA) স্থিতি গ্ৰহণ কৰি অসমৰ জাতীয়তাবাদী চেতনাৰ প্ৰতি সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছিল ।

সেয়েহে, স্বাভাৱিকতে অসম জাতীয় পৰিষদৰ সৈতে হোৱা এই আলোচনা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে । বৈঠকৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ‘‘ভাৰতবৰ্ষৰ আঞ্চলিক দলসমূহৰ গুৰুত্ব আৰু প্ৰাসংগিকতা(Relevance of regional political party) সদায় আছে আৰু থাকিব, সেয়ে আঞ্চলিক শক্তিসমূহৰ সমন্বয়ৰ প্ৰয়োজন ।’’

বুধবাৰৰ আলোচনা আঞ্চলিক ৰাজনৈতিক দলৰ সমন্বয়ৰ প্ৰয়াস বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে, ‘‘আঞ্চলিক ৰাজনৈতিক দল সমূহক উপেক্ষা কৰি 2024ৰ লোকসভা নিৰ্বাচনত(Lok sabha election 2024) কেন্দ্ৰত কোনো এটা পক্ষই চৰকাৰ গঠন কৰিব নোৱাৰে ৷’’ আঞ্চলিক ৰাজনৈতিক দল সমূহৰ মাজত সমন্বয় স্থাপন কৰাটো সময়ৰ আহ্বান বুলিও উল্লেখ কৰে AJPৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ কিন্তু এই তৃতীয় বিকল্প মৰ্চা গঠনৰ প্ৰয়াস কিমান সফল হ’ব সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Badaruddin Ajmal Controversy : আজমলৰ ঘৰ ভাঙিব পৰা বুলডজাৰ নিৰ্মাণ হোৱা নাই : জাকিৰ হুছেইন লস্কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.