আমিনগাঁও,28মে' :30 জুন পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব লক ডাউন ৷এই মন্তব্য গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ৷ আজি কামৰূপ(গ্ৰাম্য) জিলাৰ আমিনগাঁওস্থিত কৰ'ণা স্ক্ৰীণিং চেণ্টাৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, বিভিন্ন ক্ষেত্ৰত শিথিল কৰি 30জুন পৰ্যন্ত লক ডাউন প্ৰযোজ্য হ'ব ৰাজ্যখনত ৷কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে তথা বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ ওপৰত কামৰূপ (গ্ৰাম্য)জিলা প্ৰশাসনৰ বিষয়ববীয়াৰে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷
30 জুন পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব লক ডাউনঃমন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য - কামৰূপ (গ্ৰাম্য)জিলা প্ৰশাসন
বিভিন্ন ক্ষেত্ৰত শিথিল কৰি 30জুন পৰ্যন্ত লক ডাউন প্ৰযোজ্য হ'ব ৰাজ্যখনত ৷আনহাতে, ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷