ETV Bharat / state

লক ডাউনে সমৃদ্ধ কৰিছে অসম আৰক্ষীৰ পূঁজি - মাস্ক নিপিন্ধাৰ বাবে

যোৱা মাৰ্চ মাহৰ পৰা কাৰ্যত এতিয়ালৈ চলি থকা লক ডাউনৰ সময়ছোৱাত জৰিমনা হিচাপে সংগ্ৰহ কৰিছে মুঠ 4,58, 9,105 টকা,অৰ্থাৎ প্ৰায় 4.59 কোটি টকা।

lockdown-police-fine-regarding-assam
লক ডাউনে সমৃদ্ধ কৰিছে অসম আৰক্ষীৰ পূঁজি
author img

By

Published : Jul 7, 2020, 10:27 PM IST

গুৱাহাটী,7জুলাইঃ লক ডাউনে সৃষ্টি কৰা অচলাৱস্থাৰ এই সময়ত আইন ভংগ কৰা নাগৰিকক কৰা জৰিমনাই সমৃদ্ধ কৰিছে অসম আৰক্ষীৰ পূঁজি। যোৱা মাৰ্চ মাহৰ পৰা কাৰ্যত এতিয়ালৈ চলি থকা লক ডাউনৰ সময়ছোৱাত জৰিমনা হিচাপে সংগ্ৰহ কৰিছে মুঠ 4,58, 9,105 টকা,অৰ্থাৎ প্ৰায় 4.59 কোটি টকা। অতি লক্ষনীয় ভাবে কেবল মাস্ক নিপিন্ধাৰ বাবেই আৰক্ষীয়ে সাধাৰন জনতাৰ পৰা জৰিমনা তুলিছে মুঠ 73,68,000 টকা। অসম আৰক্ষীৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া ৰাজীৱ শইকীয়াই জনোৱা মতে কালিৰ দিনটো লৈকে (6 জুলাই) লক ডাউন ভংগ কৰাৰ অপৰাধত অসমৰ বিভিন্ন প্ৰান্তৰত আৰক্ষীৰ লোকে অভিযান চলাই মুঠ 35069 খন বাহন জব্দ কৰি জৰিমনা বিহে। ইয়াৰে 30938 খন বাহন দুচকীয়া, 3276 খন চাৰিচকীয়া 727 খন তিনিচকীয়া, সাধাৰন নাও 23 খন ইঞ্জিন নাও 11 খন।

মনকৰিবলগীয়া লগীয়া যে যোৱা 28 জুনৰ পৰা গুৱাহাটী মহানগৰীত চলি থকা লকডাউনৰ সময়ছোৱাত কালি পৰ্যন্ত কেবল মাস্ক নিপিন্ধাৰ বাবেই আৰক্ষী য়ে নাগৰিকৰ পৰা মুঠ 54 হাজাৰ টকা জৰিমনা উঠাইছে। আনহাতে, কেবল কালিৰ দিনটোতে অসম আৰক্ষীয়ে লক ডাউন ভংগৰ অভিযোগত মুঠ 559 জন লোকক আটক কৰে। এনে লোকে ব্যৱহাৰ কৰা গাড়ী সমূহৰ পৰা এদিনতে জৰিমনা সংগ্ৰহ কৰে 33500 টকাৰ। তথ্য অনুসৰি যোৱা 30 জুনৰ পৰা 5 জুলাই পৰ্যন্ত গুৱাহাটী মহানগৰীত লক ডাউন ভংগৰ অভিযোগত মুঠ 108 জন নাগৰিকক আৰক্ষীয়ে আটক কৰিছে । বিভিন্ন শিতানত গোচৰ ৰুজু হৈছে 31 টা।

লগতে পঢ়কঃ সোণৰ অলংকাৰ চুৰ কৰি আৰক্ষীৰ জালত মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.