ETV Bharat / state

লক ডাউনে জুৰুলা কৰিছে নৃত্য প্ৰশিক্ষকৰ জীৱন

author img

By

Published : Jun 10, 2020, 3:59 PM IST

উপায়হীন নৃত্য প্ৰশিক্ষক সকল ৷ নৃত্য বিদ্যালয়ৰ ঘৰ ভাড়া দিব নোৱাৰি বন্ধ হৈ পৰিছে ইখনৰ পিছত সিখন নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় ৷ সংবাদমেল যোগে চৰকাৰলৈ সাহাৰ্যৰ আহ্বান নৃত্য প্ৰশিক্ষক সকলৰ ৷

lock down impact on dance teachers
লক্ ডাউনে জুৰুলা কৰিছে নৃত্য প্ৰশিক্ষকৰ জীৱন

গুৱাহাটী,10জুনঃ লক্ ডাউনে জুৰুলা কৰিছে বহু নৃত্য প্ৰশিক্ষকৰ জীৱন। নৃত্য বিদ্যালয়ৰ ঘৰ ভাড়া দিব নোৱাৰি বন্ধ হৈ পৰিছে বহুকেইখন নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় ৷ হতাশাত ভুগিছে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা নৃত্য প্ৰশিক্ষকসকল ৷ সংবাদমেল যোগে চৰকাৰলৈ সাহাৰ্যৰ আহ্বান নৃত্য প্ৰশিক্ষকৰ ৷ নৃত্য প্ৰতিষ্ঠানৰ ঘৰ ভাড়া ৰেহাইৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনালে প্ৰশিক্ষকসকলে ৷

মহামাৰীৰ বাবে ঘোষিত লক ডাউনৰ ফলত বিগত 3 মাহ ধৰি বন্ধ হৈ আছে নৃত্য প্ৰশিক্ষণৰ বিদ্যালয় সমূহ ৷ উপাৰ্জন বিমুখ হৈ পৰাৰ পিছতো বহু নৃত্য প্ৰশিক্ষকে দিব লগা হৈছে 10 হাজাৰৰ পৰা 30 হাজাৰ পর্যন্ত মাহিলি ভাড়া ৷ সেয়ে বৰ্তমান উপায়ন্তৰ হৈ পৰিছে নৃত্য প্ৰশিক্ষণৰ লগত জড়িত নৃত্য শিল্পীসকল। ঘৰ ভাড়া ৰেহাইৰ লগতে সাহাৰ্যৰ ব্যৱস্থা কৰিবলৈ সংবাদমেল যুগে আহ্বান জনায় উদয় শংকৰে ৷ লগতে স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনাৰ মাজেৰে নৃত্য বিদ্যালয় সমূহ খুলিবলৈ অনুমতি প্ৰদানৰো জনাই আহ্বান। চেনিটাইজাৰ মাস্ক,শৰীৰৰ উষ্ণতা জোখা বা সামাজিক ব্যৱধান মানি ক্লাছ চলাব বুলি ব্যক্ত কৰে সাংবাদমেল যোগে ৷ নৃত্য প্ৰশিক্ষণৰ লগত জড়িত প্ৰায় 60 গৰাকী নৃত্য শিল্পী নাৰেংগিস্থিত সৰস্বতী ডাঞ্চ একাডেমীত একত্ৰিত হৈ মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লয় বুধবাৰে। মহানগৰীৰ প্ৰায় 3 শতাধিক আৰু সমগ্র ৰাজ্যৰ সহস্ৰাধিক নৃত্য প্ৰশিক্ষণৰ বিদ্যালয়লৈ চকু মেলি চাবলৈ হাতযোৰ কৰে সকলোৱে ৷

লগতে পঢ়কঃ বাহিৰত ফুৰি থাকোতে চেইফ-কৰীণাক কিয় বাধা দিলে পুলিচে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.