ETV Bharat / state

থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা - থোৰতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা

এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ অধিকাৰী এই গৰাকী ৰাজনৈতিক নেতা অসমৰ ভৱিষ্যতৰ ৰাজনীতিক সকলৰ বাবে নিসন্দেহে আদৰ্শ স্বৰূপ ৷ সুদীৰ্ঘ পৰিক্ৰমাৰ মাজেৰে আগুৱাই গৈ তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল তৰুণ গগৈয়ে ?

EX CHIEF MINISTER TARUN GOGOI DETAILS
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীৱন পৰিক্ৰমা
author img

By

Published : Nov 23, 2020, 9:50 AM IST

Updated : Nov 23, 2020, 10:11 AM IST

নিউজ ডেস্ক, 23 নৱেম্বৰঃ গুৰুতৰ ভাৱে অসুস্থ হৈ জি এম চি এইচত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ জনপ্ৰিয় নেতা গৰাকীৰ আশু-আৰোগ্য কামনা কৰি ৰাজ্যজুৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে সকলো ধৰ্মাৱলম্বীৰ লোক সকলে ৷ এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ অধিকাৰী এই গৰাকী জনপ্ৰিয় নেতা তথা অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী গৰাকীৰ জীৱন পৰিক্ৰমা সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন-

প্ৰাৰম্ভিক জীৱন:

তিনিবাৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন শুৱণি কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্ম হৈছিল যোৰহাট জিলাৰ ৰঙাজান চাহ বাগিচাত ৷ 1936 চনৰ 1 এপ্ৰিলত জন্ম গ্ৰহণ কৰিছিল এই গৰাকী ৰাজনীতিকে ৷ শিশু কাল যোৰহাটতে অতিবাহিত কৰাৰ পাছত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল তৰুণ গগৈয়ে ৷ ইয়াৰ পিছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল.এল.বি. ডিগ্ৰী লাভ কৰে ৷ এল.এল.বি. সম্পূৰ্ণ কৰি আসাম বাৰ কাউন্সিল (Assam Bar Council)ত এজন অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলিছিল গগৈয়ে ৷ পৰৱৰ্তী সময়ত Assam Small-Scale Industries Development Corporationৰ অধ্যক্ষৰ পদটো অধিষ্ঠিত হৈছিল তৰুণ গগৈ ৷ 1972 চনত ডলী গগৈৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলিছিল গগৈয়ে ৷

EX CHIEF MINISTER TARUN GOGOI DETAILS
বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে তৰুণ গগৈ

ৰাজনৈতিক জীৱন:

ৰাজনৈতিক জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পদ হিচাপে 1968 চনত যোৰহাট পৌৰসভালৈ সদস্য হিচাপে নিৰ্বাচিত হয় তৰুণ গগৈ ৷ পৰৱৰ্তী সময়ত, 1976 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ অধীনত তেঁও নিখিল ভাৰত কংগ্ৰেছ (ই) কমিটি চমুকৈ AICC ৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ ইয়াৰ পিছত 1985-1990 বৰ্ষৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অধীনত সদৌ নিখিল ভাৰত কংগ্ৰেছ (ই) কমিটিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ 1991-1996 বৰ্ষৰ বাবে তেওঁ সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খাদ্য দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰীৰ পদ লাভ কৰে ৷ পৰৱৰ্তী সময়ত 1986-1990 বৰ্ষত তৰুণ গগৈ দেৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চমুকৈ APCCৰ সভাপতি পদত অধিষ্ঠিত হৈ আছিল ৷ 1996 চনত তেওঁ দ্বিতীয়বাৰৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ৷

EX CHIEF MINISTER TARUN GOGOI DETAILS
ইটিভি ভাৰতেৰে বিশেষ সাক্ষাৎকাৰৰ মূহুৰ্তত তৰুণ গগৈ

বিধায়ক হিচাপে তৰুণ গগৈ:

অসম বিধানসভালৈ পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ 1996 চনত প্ৰথম বাৰৰ বাবে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল গগৈ ৷ ইয়াৰ পৰৱৰ্তী সময়ত 2001,2006,2011 আৰু 2016 চনৰ বিধানসভাৰ নিৰ্বাচনত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ

EX CHIEF MINISTER TARUN GOGOI DETAILS
সংবাদ মাধ্যমক সম্বোধন কৰা মূহুৰ্তত তৰুণ গগৈ

সাংসদ হিচাপে তৰুণ গগৈ:

পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত লোকসভালৈ ছয়বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ 1971 চনৰ 1985 চনলৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ পৰৱৰ্তী সময়ত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল গগৈ ৷

EX CHIEF MINISTER TARUN GOGOI DETAILS
ৰাইজক অভিবাদন জনাই থকাৰ মূহুৰ্তত তৰুণ গগৈ

মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈ:

2001 চনৰ 17 মে' তাৰিখে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে ৷ পৰৱৰ্তী সময়ত 2006 আৰু 2011 চনত তিতাবৰ সমষ্টিৰ পৰা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল অসমৰ ৰাজনীতিত সুকীয়া স্থান দখল কৰা এই গৰাকী ৰাজনৈতিক নেতা ৷

EX CHIEF MINISTER TARUN GOGOI DETAILS
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

উল্লেখ্য যে, বিগত 25 আগষ্টত তৰুণ গগৈৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ ৷ তেতিয়াৰে পৰা ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল নেতা গৰাকীৰ ৷ গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতালত দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ কিন্তু পুনৰ 1 নৱেম্বৰৰ নিশা হৰ্ঠাৎ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰে নেতা গৰাকী ৷ স্বাস প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় নেতা গৰাকীক ৷ তেতিয়াৰে পৰা চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসাধীন হৈ আছে নেতা গৰাকী ৷ ইটিভ ভাৰতৰ পৰাও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰিলো ৷

EX CHIEF MINISTER TARUN GOGOI DETAILS
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

লগতে পঢ়কঃ তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

Last Updated : Nov 23, 2020, 10:11 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.