মালিগাঁও,18 নৱেম্বৰঃ কামাখ্যাৰ পিছত এইবাৰ মহানগৰীৰ মালিগাঁও নীলাচলপুৰত বাঘৰ আতংক ৷ আন্ধাৰ হ'লেই অঞ্চলটোত বিচৰণ কৰে কেইবাটাও নাহৰফুটুকীয়ে ৷ খাদ্যৰ সন্ধানত এনেদৰে নিতৌ জন অৰণ্যলৈ নামি আহে নাহৰফুটুকী ৷
উল্লেখ্য যে,দেওবাৰে সন্ধিয়া গংগা শৰ্মা নামৰ মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰে এটা নাহৰফুটুকীয়ে ৷ নাহৰফুটুকীটোৰ বিচৰণৰ সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হৈ ৰয় ৷ এই ঘটনাৰ পিছতেই আতংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজ ৷ অঞ্চলটোত নাহৰফুটুকীৰ অবাধ বিচৰণ ৰোধ কৰিবলৈ শীঘ্ৰে বন বিভাগক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান অঞ্চলটোৰ ৰাইজৰ ৷