ETV Bharat / state

মহানগৰীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ

author img

By

Published : Sep 22, 2020, 6:33 PM IST

মহানগৰীৰ কছাৰীবস্তিত পুনৰ পিঞ্জৰাবদ্ধ হৈছে এটা নাহৰফুটুকী ৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় 7 ঘণ্টা জোৰা চেষ্টাৰ অন্তত ট্ৰেংকুলাইজ কৰে নাহৰফুটুকীটো ৷ সম্প্ৰতি গুৱাহাটী চিৰিয়াখানাৰ আলহী হৈছে নাহৰফুটুকীটো ৷

leopard rescued at guwahati assam etv bharat news
নাহৰফুটুকী পিঞ্জৰাবদ্ধ

গুৱাহাটী,22 ছেপ্তেম্বৰ: গুৱাহাটী মহানগৰীৰ কছাৰীবস্তিত পুনৰ পিঞ্জৰাবদ্ধ হৈছে এটা নাহৰফুটুকী ৷ সোমবাৰে নিশা কছাৰীবস্তিৰ গণেশ বড়ো নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত এজন যুৱকে প্ৰত্যক্ষ কৰিছিল নাহৰফুটুকীটো ৷ বাঘটো প্ৰত্যক্ষ কৰাৰ লগে লগে যুৱকগৰাকীয়ে খবৰ দিয়ে বন বিভাগৰ লোকক ৷ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় 7 ঘণ্টা জোৰা চেষ্টাৰ অন্তত ট্ৰেংকুলাইজ কৰে নাহৰফুটুকীটো ৷ পৰৱৰ্তী সময়ত বিভাগৰ লোকে অসম ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰে নাহৰফুটুকীটো ৷ নাহৰফুটুকীটো লৈ যোৱাৰ পিছতহে আতংকিত অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস পেলায় ৷

লগতে চাওকঃ তিনিচুকীয়াত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.