গুৱাহাটী, 31 মে': মূল্যবৃদ্ধি ৰোধ আৰু অসমৰ বানপীড়িত ৰাইজক সাহাৰ্যৰ দাবীত সমগ্ৰ ৰাজ্যতে জিলাই জিলাই স্থানীয় পর্যায়ত বাঁও দলসমূহে ঐক্যবদ্ধভাবে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
গুৱাহাটীত মঙলবাৰে চি পি আই এম, চি পি আই, চি পি আই (এম এল) আৰু আৰ চি পি আই দলে দীঘলীপুখুৰীৰ পাৰত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, ফ্লেগ, ফেষ্টুন লৈ দীঘলীপুখুৰীৰ পাৰৰ পৰা প্ৰতিবাদী সমদল উলিয়ায় ।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি চি পি আই (এম) ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই বিগত মাহটোত দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৭.৭৯ শতাংশ যদিও আমাৰ অসমত খুচুৰা হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি— ৮.৫ শতাংশ হৈছে । পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অবিৰাম কেন্দ্ৰীয় কৰ বৃদ্ধি কৰি থকা নীতিৰ ফলতে এইদৰে বয়-বস্তুৰ দাম বাঢ়িছে ।
মুদ্ৰাস্ফীতিৰ হাৰ বাঢ়ি যোৱাৰ সহজ অৰ্থ হ’ল, আটা, খোৱাতেল, শাক-পাচলি, ৰন্ধন গেছ আদিৰ অত্যধিক মূল্যবৃদ্ধি । অর্থাৎ দুখীয়া আৰু নিম্ন আয়ৰ পৰিয়ালসমূহৰ সীমাহীন দুৰ্দশা । মুদ্ৰাস্ফীতিৰ ফলত লক্ষ লক্ষ পৰিয়ালে, বিশেষকৈ পদপথত সৰু-সুৰা দোকান-পোহাৰ, ক্ষুদ্ৰ ব্যৱসায় আদি কৰি জীৱন নিৰ্বাহ কৰাসকলেও কর্মসংস্থান তথা জীৱিকাৰ পথবোৰ হেৰুৱাই পেলাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি তেওঁ কয় ।
কাৰ্যসূচীত অংশ লৈ চি পি আইৰ সম্পাদক মুনিন মহন্তই মূলবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বিজেপি চৰকাৰক সমালোচনা কৰি ভাষণ দিয়ে । কাৰ্যসূচীত চি পি আই এমৰ নেতা হেমেন দাস, ইছফাকুৰ ৰহমান, চি পি আই (এম এল)ৰ নেতা নৰেণ বৰা আদি উপস্থিত আছিল । কাৰ্যসূচীৰ শেষত বাওঁদলকেইটাৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক: প্ৰতীক হাজেলাৰ বিপদ ঘনীভূতঃ চি আই ডিয়ে বিচাৰিছে তদন্তৰ অনুমতি