ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সদৌ অসম অধিবক্তা সন্থাৰ

বিশেষ নীতি-নিয়মৰ মাজেৰে আদালতৰ কাম আৰম্ভ কৰাৰ লগতে লক্​ ডাউনে জুৰুলা কৰা একাংশ অধিবক্তাৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে মহানগৰীত বৃহস্পতিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰে সদৌ অসম অধিবক্তা সন্থাই ৷ সংবাদমেলখনৰ জৰিয়তে সন্থাৰ সম্পাদক দীপক কুমাৰ দাসে অধিবক্তা সমাজৰ বাবে চৰকাৰে আজিকোপতি গ্ৰহণ নকৰা বিশেষ আঁচনিৰ কথা উনুকিয়াই তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷

author img

By

Published : May 8, 2020, 1:18 PM IST

lawyers association pressmeet guwahati kamrup etv bharat news
সদৌ অসম অধিবক্তা সন্থাৰ সংবাদমেল

গুৱাহাটী,8 মে’ঃ সদৌ অসম অধিবক্তা সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে মহানগৰীত অনুষ্ঠিত হয় এক সংবাদমেল ৷ সংবাদমেলখন সম্বোধন কৰি সন্থাটোৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ৷ দাসে বৰ্তমান অধিবক্তা সমাজৰ মাজৰ প্ৰায় 30 শতাংশ অধিবক্তা লক্ ডাউনৰ বাবে​ বিশেষভাৱে ক্ষতিগ্ৰস্ত বুলি প্ৰকাশ কৰে ৷ উল্লেখ্য যে,লক্​ ডাউন আৰম্ভ হোৱাৰ পূৰ্বৰ পৰা অৰ্থাৎ 17 মাৰ্চৰ পৰা আদালতৰ কাম-কাজ বন্ধ আছিল ৷ নিম্ন আদালতৰ প্ৰায় 30 শতাংশ অধিবক্তাৰ জীৱিকা নিৰ্ভৰ কৰে দৈনিক আদালতৰ কাম-কাজৰ ওপৰত ৷ গতিকে লক্​ ডাউনৰ ফলত আদালতৰ কাম-কাজ ন্যায়ালয়ে স্থগিত ৰখাত আৰ্থিক সংকটত ভুগিছে একাংশ অধিবক্তা ৷

সদৌ অসম অধিবক্তা সন্থাৰ সংবাদমেল

আনহাতে,অসমৰ কোনো এখন চৰকাৰে অধিবক্তাসকলৰ বাবে জনকল্যাণমুখী আঁচনি বৰ্তমানলৈ গ্ৰহণ কৰা নাই যাৰ ফলত এনেকুৱা দুৰ্যোগৰ সময়ত দুৰ্ভোগ ভোগ কৰিবলগা হৈছে বহু অধিবক্তাই । উল্লেখ্য যে,অসমৰ বাদে ভাৰতৰ অন্য ৰাজ্যৰ চৰকাৰে ষ্টেট বাৰ কাউন্সিলৰ যোগেদি অধিবক্তা কল্যাণৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰিছে । গতিকে আদালতৰ কাম স্থবিৰ কৰাৰ বিপৰীতে বিজ্ঞানসন্মতভাৱে ন্যায় প্ৰদান কৰাৰ লগতে ব্যৱস্থাটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি নোহোৱাকৈ অধিবক্তাসকলৰ জীৱন-জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয় আৰু অসম চৰকাৰে বিশেষ নীতি গ্ৰহণ কৰিব লাগে বুলি আক্ষেপেৰে প্ৰকাশ কৰে অধিবক্তা সন্থাৰ সম্পাদক গৰাকীয়ে । উল্লেখ্য যে,বিষয়টোৰ সন্দৰ্ভত অসম অধিবক্তা সন্থাই অসম চৰকাৰক ইতিমধ্যে কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰিছে যদিও বৰ্তমানলৈকে চৰকাৰৰ তৰফৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ৷

লগতে চাওকঃ ছীল কৰি দিয়া হ'ল GMCHৰ দুটাকৈ ছাত্ৰাবাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.