ETV Bharat / state

Assam land encroached by neighbouring states: চাৰিখন ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫০ হেক্টৰ ভূমি - চাৰিখন ৰাজ্যৰ দখলত অসমৰ ৮২৭৫০ হেক্টৰ ভূমি

এফালে সীমা সমস্যাক লৈ আলোচনা চলিছে আৰু আনফালে চুবুৰীয়া ৰাজ্যই দখল কৰি গৈছে অসমৰ ভূমি । বিগত ডেৰ বছৰত মিজোৰাম, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডে অসমৰ ১৩,৭৪১ হেক্টৰ ভূমি দখল কৰিছে । অৰুণাচল প্রদেশে দখল কৰা ভূমিৰ পৰিমাণ ১৬,১৪৪ হেক্টৰ । নাগালেণ্ডে দখল কৰা ভূমিৰ পৰিমাণ ৫৯,৪৩০ হেক্টৰ । মিজোৰামে দখল কৰা ভূমিৰ পৰিমাণ ৩৬৭৫.৭৮ হেক্টৰ । মেঘালয়ে বিগত ডেৰ বছৰত নতুনকৈ দখল কৰা নাই যদিও ৰাজ্যখনৰ দখলত আছে অসমৰ ৩৪৪১.৮৬ হেক্টৰ ভূমি(Assam land encroached by neighbouring states) ।

Assam land encroached by neighbouring states
চাৰিখন ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫০ হেক্টৰ ভূমি
author img

By

Published : Jan 1, 2023, 4:26 PM IST

গুৱাহাটী,১ জানুৱাৰী: চুবুৰীয়া ৰাজ্যৰে থকা দীৰ্ঘদিনীয়া সীমা বিবাদ মীমাংসাৰ বাবে অসম চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ সময়তে অব্যাহত আছে চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন । এফালে সীমা সমস্যাক লৈ আলোচনা চলিছে আৰু আনফালে চুবুৰীয়া ৰাজ্যই দখল কৰি গৈছে অসমৰ ভূমি । লক্ষণীয় বিষয় যে বিগত ডেৰ বছৰতে চুবুৰীয়া ৰাজ্যই অসমৰ প্রায় ১৩,৭৪১ হেক্টৰ ভূমি নিজৰ দখললৈ নিছে । এইক্ষেত্ৰত সকলোতকৈ আগত আছে অৰুণাচল প্রদেশ আৰু নাগালেণ্ড(Assam land encroached by neighbouring states) ।

Assam land encroached by neighbouring states
চাৰিখন ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫০ হেক্টৰ ভূমি

উল্লেখ্য যে বৰ্তমান সময়ত মিজোৰাম, মেঘালয়, অৰুণাচল প্রদেশ আৰু নাগালেণ্ডে অসমৰ ৮২,৭৫০.৮৬ হেক্টৰ ভূমি দখল কৰি আছে । অথচ ২০২১ চনৰ জুলাই মাহত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি চুবুৰীয়া ৰাজ্যই অসমৰ দখল কৰা ভূমিৰ পৰিমাণ আছিল ৬৯,০১০.৮৩ হেক্টৰ । অর্থাৎ বিগত ডেৰ বছৰতে ৰাজ্যকেইখনে অসমৰ ১৩,৭৪১.০২৯ হেক্টৰ ভূমি দখল কৰিছে ।

অৱশ্যে সীমা সমস্যাক লৈ আলোচনা আৰম্ভ হোৱাৰ পাছত মেঘালয়ে বিগত ডেৰ বছৰত অসমৰ কোনো ভূমি দখল কৰা নাই । ইয়াৰ বিপৰীতে সীমাক লৈ আলোচন চলি থকাৰ সময়তো অৰুণাচল প্রদেশে এই সময়ছোৱাৰ ভিতৰতে বৃহৎ পৰিমাণৰ ভূমি দখল কৰিছে । তথ্য অনুসৰি ২০২১ চনৰ জুলাই মাহলৈকে অৰুণাচল প্রদেশে দখল কৰা ভূমিৰ পৰিমাণ আছিল ৮৩৯৫.২৫ হেক্টৰ । কিন্তু এতিয়া ৰাজ্যখনে দখল কৰা ভূমিৰ পৰিমাণ বৃদ্ধি পাই হৈছেগৈ ১৬,১৪৪ হেক্টৰ ।

নাগালেণ্ডে দখল কৰি থোৱা ভূমিৰ পৰিমাণো পূৰ্বৰ ৫৫,৩৯৬ হেক্টৰৰ পৰা বৃদ্ধি পাই এতিয়া ৫৯,৪৩০ হেক্টৰ হৈছেগৈ । একেদৰে মিজোৰামে দখল কৰা ভূমি পূৰ্বৰ ১৭৭৭.৫৮ হেক্টৰৰ পৰা এতিয়া ৩৬৭৫.৭৮ হেক্টৰলৈ বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে মেঘালয়ে দখল কৰা ভূমি পূর্বৰ দৰেই এতিয়াও ৩৪৪১.৮৬ হেক্টৰ হৈয়ে আছে । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই দীর্ঘদিন ধৰি চুবুৰীয়া ৰাজ্যৰ লগত চলি অহা সীমা সংঘাতৰ ওৰ পেলাবলৈ তৎপৰতা আৰম্ভ কৰিছে ।

তাৰে প্ৰথম পদক্ষেপ হিচাপে মেঘালয়ৰ লগত থকা ১২টা বিবদমান স্থানৰ ভিতৰৰ ছটাৰ মীমাংসা কৰা হৈছে । একে সময়তে অৰুণাচল প্রদেশৰ সৈতেও সীমা সমস্যা সমাধানৰ বাবে আলাপ-আলোচনা চলি আছে । একেদৰে নাগালেণ্ড আৰু মিজোৰামৰ সৈতেও সীমাক লৈ কিছুদিনৰ পূৰ্বে বৈঠক অনুষ্ঠিত হৈছিল । উক্ত বৈঠকত দুয়োখন ৰাজ্যই সীমান্তত পূৰ্বৰ স্থিতি বৰ্তাই ৰখাৰ প্ৰতিশ্ৰুতি দিছিল ।

কিন্তু প্রকৃতাৰ্থত মেঘালয়ৰ বাহিৰে বাকী তিনিওখন ৰাজ্যই এই প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই । ইয়াৰ বিপৰীতে নিতৌ অসমৰ ভূমি দখল কৰাতহে নামি পৰিছে চুবুৰীয়া ৰাজ্যকেইখন । আনকি ভূমি দখলক লৈ সীমান্তত বিগত সময়ত বহুবাৰ উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছে । এনে পৰিস্থিতিত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই সীমা সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা উদ্যোগ কিমান সফল হ'ব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Forest land encroachment: দেশৰ বেদখলকৃত বনাঞ্চলৰ ৫৪ শতাংশই অসমৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.