গুৱাহাটী, ৬ ছেপ্টেম্বৰ : ৰাজ্যত প্ৰাৰ্থমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত খালী হৈ আছে শিক্ষকৰ কুৰি হাজাৰৰো অধিক পদ । ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তিৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও প্ৰাৰ্থমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত ২৮,৯১০ টা শিক্ষকৰ পদ খালী হৈ আছে । ইয়াৰ ভিতৰত প্ৰাৰ্থমিক বিদ্যালয়তেই ১৩,২১৭ টা শিক্ষকৰ পদ খালী হৈ আছে ।
মাধ্যমিক বিদ্যালয়ত খালী হৈ আছে ৩৭৮ টা পদ । লক্ষণীয় কথাটো হ’ল যে মাধ্যমিক পর্যায়ত সকলো বিষয়ৰ ক্ষেত্ৰত শিক্ষকৰ অভাৱ আছে । ৰাজ্যৰ মাধ্যমিক বিদ্যালয়সমূহত বিষয় অনুযায়ী শিক্ষকৰ সংখ্যা হ’ল ৭১.৪ শতাংশ । এতিয়াও বহু বিদ্যালয়ত নাই বিজ্ঞান শিক্ষক (Large number of posts are lying vacant) ।
কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনতে এই তথ্য প্ৰকাশ পাইছে । ইফালে সৰ্বশিক্ষা, সমগ্ৰ শিক্ষা মিছন আদিৰ অধীনত কৰ্মৰত শিক্ষকসকলক ৰাজ্য চৰকাৰে স্থায়ী পদত নিযুক্তি নিদিলে ভৱিষ্যতে এইসকল শিক্ষক সমস্যাৰ সন্মুখীন হ’ব পাৰে । কিয়নো শিক্ষকৰ দৰমহাৰ নামত যোগান ধৰা পুঁজি কমাই আনিব কেন্দ্ৰীয় চৰকাৰে । বৰ্তমানৰ ৯০ শতাংশৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত ৮৫ শতাংশ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষত ৭৫ শতাংশলৈ দৰমহাৰ পুঁজি হ্ৰাস কৰিব কেন্দ্ৰই ।
আগন্তুক সময়ত এইবোৰ বিষয় অতি গুৰুত্বপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক হ’ব । আনহাতে, ৰাজ্যৰ ২,৬৫৯ খন অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ প্ৰায় ২৩,৯১০ গৰাকী শিক্ষক-কর্মচাৰীয়ে প্ৰাদেশিকীকৰণৰ আশাত বন্দী হৈ আছে । লক্ষণীয় বিষয় যে, মানসম্পন্ন শিক্ষা প্ৰদানৰ নামত ৰাজ্যত চলিছে ভেঁকোভাওনা ।
লগতে পঢ়ক : পৌৰ এলেকাৰ সম্পত্তি কৰ বৃদ্ধিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ
প্ৰাৰ্থমিক পর্যায়ত বৃহৎ সংখ্যক পদ খালী হৈ থকাৰ সমান্তৰালকৈ ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটো খালী হৈ আছে বহুসংখ্যক শিক্ষক-কৰ্মচাৰী পদ । কেৱল ৰাজ্য চৰকাৰৰ দ্বাৰা স্থাপিত উচ্চ শিক্ষা প্ৰতিষ্ঠানেই নহয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ইয়াৰ সমান্তৰাল শিক্ষা প্ৰতিষ্ঠানৰ বিভাগে বিভাগে অধ্যাপকৰ পদ খালী হৈ থকাত ব্যাঘাত জন্মিছে শৈক্ষিক ক্ষেত্ৰত (Large number of State Govt Posts Lying Vacant in Assam) ।
আজিৰ তাৰিখত যিদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত শিক্ষকৰ খালী পদ খালী হৈ আছে (Large number of teachers Posts Lying Vacant in Assam) ৷ ঠিক তেনেদৰে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান চমুকৈ আই আই টিৰ দৰে প্ৰতিষ্ঠানতো বিভিন্ন বিভাগত খালী হৈ আছে তিনি শতাধিক শিক্ষকৰ পদ । কেৱল সেয়াই নহয় ৰাজ্যখনৰ ৰাজ্যিক অথবা কেন্দ্ৰীয় আন উচ্চ শিক্ষা প্ৰতিষ্ঠানত খালী থকা বা প্ৰয়োজন অনুসাৰে নিযুক্তি নিদিয়া অনাশিক্ষকৰ পদেও শৈক্ষিক আৰু প্ৰশাসনীয় কাম-কাজত সমস্যাৰ সৃষ্টি কৰিছে ।
আশ্চর্যজনক কথা যে, ৰাজ্যিক তথা কেন্দ্ৰীয় ১৬ খন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত বর্তমানে ৯২৫ টা অধ্যাপকৰ পদ খালী হৈ থকাৰ পিচতো শিক্ষক নিযুক্তিৰ কোনো তৎপৰতা দেখুওৱা নাই । তেনেদৰে এই প্ৰতিষ্ঠানকেইখনত খালী হৈ থকা ১,৫২৯ টা অনাশিক্ষকৰ পদৰ লগতে প্ৰয়োজনীয় ৮৪১ টা অনুমোদিত পদ অর্থাৎ মুঠ ২,৩৭০ টা পদত নিযুক্তিৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।
লগতে পঢ়ক : বুধবাৰৰ পৰা কেজৰিৱালৰ ভাৰত ভ্ৰমণ অভিযান
ৰাজ্যৰ ১৬ খনকৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানত এনেদৰে দীৰ্ঘদিন ধৰি শিক্ষক-অনাশিক্ষকৰ পদ খালী হৈ থকা বিষয়টোৱে ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডৰ প্ৰকৃত স্বৰূপটোকে উদঙাই দিছে । উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে লুইতৰ দুয়োপাৰ জিলিকাই তোলা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত আজিৰ তাৰিখত শিক্ষকৰ ১৩২ টা পদ খালী হৈ থকাৰ বিপৰীতে ৭৪৬ টাকৈ অনাশিক্ষক পদ খালী হৈ আছে ।
তেনেদৰে অসম আন্দোলনৰ ফলত প্ৰতিষ্ঠা হোৱা উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানত বৰ্তমানে ৩০৭ টা অধ্যাপকৰ পদ খালী হৈ থকাৰ সমান্তৰালভাৱে ১৩৮ টা অনাশিক্ষকৰ পদ খালী হৈ আছে । সেইদৰে লখিমপুৰৰ নাৰায়ণপুৰত স্থাপিত মাধৱদেৱ বিশ্ববিদ্যালয়ত ৪৫ টা শিক্ষকৰ পদ খালী হৈ থকাৰ লগতে পূৰণ কৰা নাই ৬৮ টা অনাশিক্ষকৰ খালী পদ ।
ইফালে শিলচৰস্থিত কেন্দ্ৰীয় ‘‘অসম বিশ্ববিদ্যালয়’’ত ৮৯ টা শিক্ষকৰ পদ খালী হৈ থকাৰ বিপৰীতে ৩০ টা অনাশিক্ষকৰ পদ খালী হৈ আছে । তেজপুৰ বিশ্ববিদ্যালয়তো একেই পৰিস্থিতি । কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানখনত ৩৮ টা শিক্ষকৰ পদৰ লগতে ১৯ টা অনাশিক্ষকৰ পদ খালী হৈ আছে ।
শিলচৰস্থিত এন আই টিত ৮৬ টা শিক্ষক পদৰ লগতে ২৪২ টা অনাশিক্ষক পদত দীর্ঘদিন ধৰি নিযুক্তি দিয়া নাই । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২৫ টা অধ্যাপকৰ পদ খালী হৈ থকাৰ লগতে ১৪২ টা অনাশিক্ষকৰ পদত দীর্ঘদিন নিযুক্তি হোৱা নাই । কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়তো অধ্যাপকৰ ২৬ টা পদ খালী আৰু ২ টা অনাশিক্ষক পদ খালী হৈ আছে ।
লগতে পঢ়ক : কোকৰাঝাৰ কেবিনেটৰ সিদ্ধান্ত: প্ৰণয়ন হ’ব আৰক্ষী দায়বদ্ধতা আইন
তেনেদৰে কটন বিশ্ববিদ্যালয়ত আজিৰ তাৰিখত ৯০ টা অধ্যাপকৰ পদ খালী হৈ থকাৰ লগতে ৮ টা অনাশিক্ষকৰ পদত নিযুক্তি হোৱা নাই । মাজুলীস্থিত সাংস্কৃতিক বিশ্ববিদ্যালয়ত ১২ টা শিক্ষক পদৰ লগতে ২৯ টা অনাশিক্ষকৰ পদ খালী হৈ আছে । কেন্দ্ৰীয় শিক্ষা প্ৰতিষ্ঠান আই আই আই টিত ৩৫ টা শিক্ষক পদৰ বিপৰীতে ৪ টা অনাশিক্ষকৰ পদ খালী হৈ আছে ।
একেদৰে কোকৰাঝাৰস্থিত চি আই টিত ২১ টা শিক্ষক পদৰ বিপৰীতে ৪৮ টা অনাশিক্ষকৰ পদ খালী হৈ আছে । আনহাতে, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়তো ২ টা অধ্যাপকৰ আৰু ৬ টা অনাশিক্ষকৰ পদ খালী হৈ আছে । ভাস্কৰবৰ্মা সাংস্কৃতিক আৰু পুৰাতন বিশ্ববিদ্যালয়ত ১৭ টা অধ্যাপক পদৰ লগতে ৩ টা অনাশিক্ষকৰ পদ খালী হৈ আছে । বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত ৪ টা অধ্যাপকৰ পদ খালী হৈ আছে ।
এনেদৰে এখনৰ পিছত সিখনকৈ মুঠ ১৬ খন কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ত পর্যাপ্ত শিক্ষক আৰু অনাশিক্ষকৰ পদ খালী হৈ থকাত একপ্ৰকাৰ অৰাজকতাই দেখা দিছে । সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱৰা, সময়মতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব নোৱৰা সমস্যাৰো মূল কাৰণ এই শিক্ষক-অনাশিক্ষকৰ পদ খালী হৈ থকাটো বুলি চিহ্নিত হৈছে । কিন্তু তাৰ পাচতো খালী পদসমূহ পূৰণৰ ব্যৱস্থা কৰা হোৱা নাই ।
লগতে পঢ়ক : শোচনীয় অৱস্থাত ৰাজ্য়ৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়