ETV Bharat / state

তিনিচুকীয়াত কিডনী ব্যৱসায় চক্ৰৰ নেতৃত্ব লোৱা কোন এই পম্পী বাইদেউ ?

author img

By

Published : Jul 17, 2021, 8:56 AM IST

ৰাজ্যজুৰি মানৱ শৰীৰৰ অংগ ব্যৱসায়ী চক্ৰৰ খবৰে তোলপাৰ লগাই থকাৰ সময়তে তিনিচুকীয়াত পোহৰলৈ আহিছে এক নতুন ঘটনা ৷ 'পম্পী বাইদেউ' ৰূপে পৰিচিত এগৰাকী মহিলাই জিলাখনত চলাই আছে মানৱ শৰীৰৰ অংগৰ ব্যৱসায় ৷

lady-leading-kidney-trading-in-tinsukia
তিনিচুকীয়াত কিডনী ব্যৱসায় চক্ৰৰ নেতৃত্ব লোৱা কোন এই পম্পী বাইদেউ ?

তিনিচুকীয়া, 17 জুলাই : ৰাজ্যজুৰি কিডনী বিক্ৰী (kidney trading)ৰ বাতৰি সম্প্ৰচাৰিত হৈ থকাৰ সময়তে তিনিচুকীয়াত পম্পী বাইদেউ ৰূপে পৰিচিত এগৰাকী মহিলাই কিডনী কিনা বেচাৰ দালালী কৰাৰ তথ্য পোহৰলৈ আহিছে । দৰিদ্ৰ লোকক ধনৰ প্ৰলোভোন দি দেহৰ অংগ বিক্ৰী কৰাৰ বাবে সৈমত কৰায় মহিলাগৰাকীক । জানিব পৰা মতে, তিনিচুকীয়াৰ শ্ৰীপুৰীয়া অঞ্চলৰ নিবাসী অৰূপ সিং নামৰ যুৱক এজন এই দালাল চক্ৰৰ জালত পৰে ।

অৰূপে ৪ লাখ টকাৰ বিনিময়ত নিজৰ কিডনী বিক্ৰী কৰাৰ বাবে সৈমত হয় । অৰূপ সিঙৰ পত্নীয়ে প্ৰকাশ কৰা মতে, তেওঁ আত্মসহায়ক গোটৰ জড়িয়তে মাইক্ৰফাইনেন্স কোম্পানী(microfinance company)ৰ পৰা ঋণ ল’বলৈ যাওঁতে লগ পাইছিল পম্পী বাইদেউক । তেতিয়াই পম্পীয়ে পৰিয়ালটোৰ লগত এক সম্পৰ্ক গঢ়ি তুলিছিল । পম্পীয়ে তেওঁলোকক ৪ লাখ ধনৰ বিনিময়ত কিডনী ক্ৰয় কৰাৰ প্ৰলোভন দিয়ে ।

চাৰি সন্তানৰ পিতৃ অৰূপে তেওঁৰ প্ৰলোভনত মান্তি হোৱাত পম্পীয়ে পৰিয়ালটোক যোগাযোগ কৰাই দিয়ে কলিকতাত থকা চক্ৰটোৰ আন এজন দালাল জিতুৰ সৈতে । অৰূপে প্ৰকাশ কৰা অনুসৰি কলকাতাত তেওঁৰ কিডনীৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় ।

অভিযোগ মতে, কলকাতাৰ দালাল চক্ৰই কিডনী বিচাৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত কিছু এজেণ্ট নিয়োগ কৰিছে । কলকাতাৰ জীতু নামৰ কোনো দালালে এজেণ্ট নিয়োগ কৰিছে । তিনিচুকীয়াৰ পম্পীও জীতুৰে এজেণ্ট । কিন্তু, কোনেও নাজানে পম্পীৰ উপাধি আৰু ঠিকনা । তথাপি অশিক্ষিত আৰু দৰিদ্ৰ পৰিয়ালটোৱে পম্পীক কেইবাখনো কাগজত চহী কৰি দিয়ে ।

অৰূপ সিঙে জনোৱা মতে, লক-ডাউনৰ বাবে আৰ্থিক উৰ্পাজনৰ পথ বন্ধ হৈ পৰাত পৰিয়াল ভৰণ পোষণ দিব নোৱাৰি তেওঁ নিজৰ কিডনী বিক্ৰীৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল । কিন্তু, পম্পীয়ে অৰূপক মাত্ৰ ৩ লাখ টকাহে দি বাকী ১ লাখ টকাৰ পাঞ্জাব নেচনেল বেংক(Punjab national bank) খানাপাৰা শাখাৰ এখন চেক দিছিল ৷ কিন্তু, চেকখন বাউন্স হোৱাত বাকী টকাখিনিৰ পৰা বঞ্চিত হয় অৰূপ ৷

প্ৰথমে মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল গাঁও তাৰপিছত নগাঁও আৰু ডিব্ৰুগড় জিলাত পোহৰলৈ আহিছিল মানৱ শৰীৰৰ অংগৰ ব্যৱসায় (illegal organ trading)ৰ কথা পোহৰলৈ আহিছিল ৷ ইয়াৰ পিছত, তিনিচুকীয়াত প্ৰথম বাৰৰ বাবে মানৱ অংগ কিনা বেচাৰ ঘটনা পোহৰলৈ আহিল । ৰাজ্যজুৰি সংঘটিত হোৱা এনে ঘটনাৰ অন্তত এতিয়া সচেতন মহলে ধাৰণা কৰিছে যে, সঠিক তদন্তৰ পিছত এতিয়া আৰু অধিক ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : অৰুণোদয় আঁচনিৰ বাবে অজন্তা নেওগৰ বাজেটত ১৮০০ কোটি ধাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.