গুৱাহাটী, ১০ নৱেম্বৰ : ৰাজ্যত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ সেই কথা ৰাজ্যৰ কাৰাগাৰসমূহৰ বৰ্ধিত কয়দীৰ সংখ্যাই প্ৰতিফলিত কৰিছে ৷ ৰাজ্যৰ কেইবাখনো কাৰাগাৰত পৰিসৰৰ তুলনাত বৃদ্ধি পাইছে কয়দীৰ সংখ্যা ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ লগতে কেইবাখনো জিলা কাৰাগাৰত কয়দীৰ সংখ্যা মাত্ৰাধিক হাৰত বৃদ্ধি পাইছে ৷
শেহতীয়া অক্টোবৰ মাহৰ তথ্য অনুসৰি, কয়দী ৰাখিব পৰা পৰিসৰতকৈ কেইবাখনো কাৰাগাৰত কাৰাবন্দী অর্থাৎ কয়দীৰ সংখ্যা অধিক হৈছে ৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পঞ্জীভুক্ত পৰিসৰ বা ক্ষমতা অনুসৰি ১০০০ কয়দী ৰখাৰ ব্যৱস্থা আছে ৷ কিন্তু এইখন কাৰাগাৰত ৰখা হৈছে মুঠ ১৬৯৬ জন কয়দী ৷
![ৰাজ্যৰ কাৰাগাৰে কাৰাগাৰে কয়দীৰ ভিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-lack-of-space-in-state-jails-for-prisoners-7209925_10112021132610_1011f_1636530970_746.jpg)
লগতে চাওক: মৃত্যুৰ ওচৰত হাৰ মানিলে ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা যোছেফ মাৰাকে
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুৰুষ কয়দী ১৬০০ জন আৰু ৯৬ গৰাকী মহিলা কয়দী আছে ৷ কিন্তু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পুৰুষ কয়দী ৯০০ জন আৰু মহিলা কয়দী ১০০ গৰাকী ৰাখিব পাৰি ৷ ৰাজ্যত অপৰাধৰ ঘটনা দিনকদিনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ সংখ্যা পৰিসৰতকৈ অধিক বৃদ্ধি পাইছে ৷ একেদৰে ৬খন কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত গুৱাহাটীৰ পাছতে নগাঁও কাৰাগাৰ অধিক সংখ্যক কয়দীৰে ভৰি পৰিছে ৷
![ৰাজ্যৰ কাৰাগাৰে কাৰাগাৰে কয়দীৰ ভিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-lack-of-space-in-state-jails-for-prisoners-7209925_10112021132610_1011f_1636530970_382.jpg)
নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ৪২৪ জন কয়দী ৰাখিব পৰাৰ ব্যৱস্থা আছে । কিন্তু ৫৯৮ জন পুৰুষ কয়দী আৰু ৩৯ গৰাকী মহিলা কয়দী মিলি কাৰাগাৰখনত থকা কয়দীৰ সংখ্যা হৈছে ৬৩৭ গৰাকী ৷ এই দুখন কেন্দ্ৰীয় কাৰাগাৰৰ পাছতেই নলবাৰী, বৰপেটা, ধুবুৰী, মঙলদৈ, হাইলাকান্দি, কৰিমগঞ্জ, উত্তৰ লখিমপুৰ, শিৱসাগৰ, গোলাঘাট, ডিফু, হামৰেণ, বিশ্বনাথ চাৰিআলি, ধেমাজি, মৰিগাঁও, ওদালগুৰি আদি জিলা কাৰাগাৰত পৰিসৰতকৈ কয়দীৰ সংখ্যা বৃদ্ধি পাইছে ৷ নলবাৰী জিলা কাৰাগাৰত মাত্ৰ ১৫৫ জন কয়দী ৰাখিব পৰাৰ ক্ষমতা বা পৰিসৰ থকাৰ বিপৰীতে আছে ৫৩৮ জন কয়দী ৷ বৰপেটা জিলা কাৰাগাৰতো ২১৩ জন কয়দী ৰাখিব পৰা পঞ্জীভুক্ত আসনৰ বিপৰীতে কয়দীৰ সংখ্যা হ'লগৈ ৪৩৩ জন ৷
![ৰাজ্যৰ কাৰাগাৰে কাৰাগাৰে কয়দীৰ ভিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-lack-of-space-in-state-jails-for-prisoners-7209925_10112021132610_1011f_1636530970_857.jpg)
লগতে চাওক: দেৰগাঁৱত বিহ দি নিধন শতাধিক শৰালি হাঁহ
আন জিলা কাৰাগাৰসমূহৰ ভিতৰত ধুবুৰীত পঞ্জীভুক্ত ২২১ জন কয়দী ৰাখিব পৰা পৰিসৰৰ বিপৰীতে আছে ৪০৭ জন, ডিফু জিলা কাৰাগাৰত ২৬০ জন কয়দীৰ পঞ্জীভুক্ত আসনৰ বিপৰীতে ৫০১ জন, কৰিমগঞ্জত ১৮৫ জন কয়দী ৰাখিব পৰা পৰিসৰৰ বিপৰীতে ৩৬৪ জন, হাইলাকান্দিত ৫৮ জন কয়দী ৰাখিব পৰা পৰিসৰৰ বিপৰীতে ১১৪ জন কয়দী ৰখা হৈছে ৷ এনেদৰে আন কেইবাখনো জিলা কাৰাগাৰত পৰিসৰৰ তুলনাত কয়দীৰ সংখ্যা বৃদ্ধি পাইছে ৷ কোনো কোনো কাৰাগাৰত পৰিসৰতকৈ কয়দীৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে। বিশ্বনাথ জিলা কাৰাগাৰত বন্দী ৰখাৰ পৰিসৰ হ’ল মাত্ৰ ৯৪ জন। কিন্তু তাতেও অক্টোবৰ পর্যন্ত ২১৫ জন কয়দী ৰখা হৈছে।
![ৰাজ্যৰ কাৰাগাৰে কাৰাগাৰে কয়দীৰ ভিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-lack-of-space-in-state-jails-for-prisoners-7209925_10112021132610_1011f_1636530970_496.jpg)
ইফালে নগাঁৱত স্থাপন বিশেষ কাৰাগাৰখনতো পৰিসৰৰ তুলনাত কয়দীৰ সংখ্যা অধিক ৷ কাৰাগাৰখনত ৩৭২ জন কয়দী ৰখাৰ পৰিসৰৰ বিপৰীতে ৬০৯ জন কয়দী ৰখা হৈছে ৷ লক্ষণীয় বিষয় যে, এতিয়া কয়দী ৰাখিব পৰাকৈ কেন্দ্ৰীয় কাৰাগাৰ, জিলা কাৰাগাৰ আদিত আন্তঃগাঁথনিৰ অভাৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷ অপৰাধজনিত ঘটনা প্ৰতিৰোধ কৰিব নোৱাৰিলে এতিয়া আন কাৰাগাৰসমূহতো পৰিসৰতকৈ কয়দীৰ সংখ্যা বৃদ্ধি পাবলৈ বেছি দিন নালাগিব ৷ উল্লেখ্য যে, ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সৰু সৰু গোচৰত অভিযুক্ত কিছু অপৰাধীক বিগত বছৰত কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল ৷ কিন্তু তাৰপাছতো কয়দীৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ গৈ আছে ৷
![ৰাজ্যৰ কাৰাগাৰে কাৰাগাৰে কয়দীৰ ভিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-lack-of-space-in-state-jails-for-prisoners-7209925_10112021132610_1011f_1636530970_824.png)
অৱশ্যে ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত শেহতীয়াকৈ অপৰাধৰ হাৰ বহু বৃদ্ধি পাইছে ৷ উপাৰ্জনৰ পথ বন্ধ হৈ পৰাৰ ফলত বহু লোকে জীৱন-জীৱিকাৰ তাগিদাত সহজতেই অপৰাধৰ সৈতে জড়িত হৈ পৰিছে ৷ এইক্ষেত্ৰত চৰকাৰে বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে আগন্তুক সময়ত অপৰাধজনিত ঘটনা আৰু অধিক বৃদ্ধি পোৱাৰ লগতে কাৰাগাৰসমূহত ঠাইৰ অভাৱ ঘটিব ৷
লগতে চাওক: নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে বিজেপি