ETV Bharat / state

Lachit Divas 2021 : মহানগৰীত লাচিত দিৱস উদযাপন

author img

By

Published : Nov 24, 2021, 5:19 PM IST

আজি লাচিত দিৱস (Lachit Divas 2021) ৷ মহানগৰীত অনুষ্ঠিত লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ কুইন ওজাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে ৷

lachit-divas-celebrations-at-guwahati
মহানগৰীত লাচিত দিৱস উদযাপন

গুৱাহাটী, ২৪ নৱেম্বৰ : সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত মহানগৰীৰ লাচিত ঘাটৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত উদয়াপন কৰা হয় লাচিত দিৱস (Lachit Divas 2021) ৷ এই অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ কুইন ওজা, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, স্বৰ্গদেও চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ ড৹ দয়ানন্দ বৰগোঁহাই, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, কামৰূপ(ম) জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

lachit-divas-celebrations-at-guwahati
আজি লাচিত দিৱস

অনুষ্ঠানটোৰ মুখ্য অতিথি বিশ্বজিৎ দৈমাৰীয়ে ভাষণ প্ৰসংগত কয় যে, অসমখন হৈছে বীৰ ভূমি ৷ অসমখনক বাদ দি মহাভাৰত সম্পূৰ্ণ নহয় বুলি উল্লেখ কৰি তেওঁ ভগদত্ত, নৰকাসুৰ, ঘটোৎকচ আদি অসমৰ বীৰসকলৰ বীৰত্বৰ বিষয়ে সাৰুৱা বক্তব্য প্ৰদান কৰে ৷ নৱপ্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰৰ বিষয়ে নতুবা ইতিহাসৰ জ্ঞান প্ৰদান নকৰিলে কালক্ৰমত নৱপ্ৰজন্মই একালৰ ইতিহাসক কাল্পনিক কাহিনীলৈ ৰূপান্তৰ কৰিব বুলি ভাষণত প্ৰকাশ কৰে দৈমাৰীয়ে ৷

lachit-divas-celebrations-at-guwahati
আজি লাচিত দিৱস

অনুষ্ঠানত সাংসদ কুইন ওজাই লাচিত বৰফুকন জড়িত অসমৰ ইতিহাসক স্মৰণ কৰি ভৱিষ্যত প্ৰজন্মক লাচিত বৰফুকনৰ দৰে বীৰৰ বিষয়ে জানিবলৈ উৎসাহ প্ৰদান কৰে ৷

lachit-divas-celebrations-at-guwahati
আজি লাচিত দিৱস

লগতে চাওক: Lachit Divas : টীয়কৰ ঐতিহাসিক মৈদামত উদযাপন লাচিত দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.