গুৱাহাটী, ২৪ ডিচেম্বৰ: অসমৰ পৰৱৰ্তী মুখ্য সচিবৰ আসনত অধিষ্ঠিত হ'ব সুদক্ষ আই এ এচ বিষয়া কুমাৰ সঞ্জয় কৃষ্ণ। ইতিমধ্যে তেওঁৰ নিযুক্তি সম্পৰ্কীয় ফাইলত যাৱতীয় অনুমোদন জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে,অহা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য সচিব আলোক কুমাৰে। তেওঁৰ অৱসৰৰ পিচতে নতুন মুখ্য সচিবৰ দায়িত্ব চমজি ল'ব কুমাৰ সঞ্জয় কৃষ্ণই । ১৯৮৫ চন অসম মেঘালয় কেডাৰৰ এইগৰাকী আই এ এচ বিষয়াই বিগত সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ কেবাটাও বিভাগক প্ৰতিনিধিত্ব কৰিছিল। বৰ্তমান তেওঁ অসম চৰকাৰৰ গৃহ,ৰাজহ,দুৰ্যোগ ব্যৱস্থাপনা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে ।
লগতে পঢ়ক: CAAৰ বিৰুদ্ধে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ অভিনৱ প্ৰতিবাদ