ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীৰে 50 লাখ পৰিয়ালৰ ওচৰলৈ গৈ প্ৰচাৰ কৃৃষক মুক্তিৰ - kmss press meet at guwahati

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে 1 ছেপ্তেম্বৰৰ পৰা প্ৰচাৰ চলাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অসমৰ 50 লাখ পৰিয়ালৰ ওচৰলৈ গৈ অখিল গগৈৰ মুক্তিৰ বাবে চলোৱ এই প্ৰচাৰত আঞ্চলিক শক্তি আৰু দল সংগঠনক ঐক্যবদ্ধ হ’বলৈ আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াৰ ৷

অখিল গগৈ
অখিল গগৈৰ মুক্তিৰ দাবীৰে 50 লাখ পৰিয়ালৰ ওচৰলৈ গৈ প্ৰচাৰ কৃৃষক মুক্তিৰ
author img

By

Published : Aug 31, 2020, 8:17 PM IST

গুৱাহাটী, ৩১ আগষ্টঃ ৰাজ্যৰ পঞ্চাশ লক্ষাধিক পৰিয়ালৰ ওচৰলৈ গৈ কাৰিবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ বাবে প্ৰচাৰ চলাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ পহিলা ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা এই প্ৰচাৰ অভিযানৰ বাবে সকলো আঞ্চলিক শক্তি আৰু দল সংগঠনক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই ৷ নিৰ্বাচন পৰ্যন্ত অখিলক যদিহে চৰকাৰে মুক্তি নিদিয়ে তনেহ’লে ২০২১ৰ নিৰ্বাচনৰ এটা প্ৰধান দাবী কৰা হ’ব অখিল গগৈৰ মুক্তি৷ এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াৰ ৷

অখিল গগৈৰ মুক্তিৰ দাবীৰে 50 লাখ পৰিয়ালৰ ওচৰলৈ গৈ প্ৰচাৰ কৃৃষক মুক্তিৰ

উল্লেখ্য যে সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি বিগত প্ৰায় ৯ মাহে কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ৷ অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ লগতে ৰাজ্যৰ বিভিন্ন দল সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ৷ সমান্তৰালভাৱে সংগঠনটোৱে অখিলৰ মুক্তিৰ বাবে চলাই গৈছে আইনী যুঁজ ৷ যাৰ বাবে কিছু বিত্তীয় সমস্যাৰ সন্মুখীন হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব৷ সেয়েহে অখিলৰ হৈ আইনী যুঁজ চলাবলৈ প্ৰয়োজন হোৱা অৰ্থ সংগ্ৰহ কৰিবলৈ সংগঠনটোৰ নেতৃত্ব কাষ চাপিছিল ৰাজ্যৰ জনতাৰ ৷ সংগঠনটোৰ আহ্বানৰ প্ৰতি সমৰ্থন জনাই ইতিমধ্যে বিভিন্ন ব্যক্তি তথা দল সংগঠনে কৃষক মুক্তিক যোগান ধৰিছে আৰ্থিক সাহায্য৷ সোমবাৰে কৃষক নেতা অখিল গগৈৰ হৈ আইনী যুঁজ চলাবলৈ প্ৰয়োজন হোৱা সংগৃহীত ধনৰ হিচাপ সংবাদমেল যোগে ৰাজহুৱা কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ সংগঠনটোৰ নেতৃত্বৰ মতে বৰ্তমানলৈকে ৰাইজৰ ফালৰ পৰা যোগান ধৰা ধনৰ পৰিমাণ হ’ল ২২ লাখ ২৫ হাজাৰ ১৪১ টকা ৷

আনহাতে, আগন্তুক নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হ’লে সকলো জাতীয় দল সংগঠন তথা নতুনকৈ গঠিত হোৱা সকলো আঞ্চলিক ৰাজনৈতিক শক্তিকে একত্ৰিত হ’বলৈ আহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে ৷

নিৰ্বাচনত মিত্ৰতাৰ প্ৰসঙ্গতো মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াৰ ৷ কৃষক মুক্তিয়ে নিৰ্ধাৰণ কৰা চাৰিটা নীতিত একমত প্ৰকাশ কৰা ৰাজনৈতিক শক্তিৰ লগতহে মিত্ৰতা কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গঠন হ’ব লগা নতুন ৰাজনৈতিক দলে ৷ তেওঁলোকৰ মতে আঞ্চলিকতাবাদত বিশ্বাসী, সকলো ধৰণৰ সাম্প্ৰদায়িকতাবাদৰ বিৰোধিতা কৰা, যুক্তৰাষ্ট্ৰবাদত বিশ্বাসী আৰু থলুৱাৰ নেতৃত্বত সকলোকে সামৰি লোৱা ইনক্লুচিভ জাতীয়তাবাদক বিশ্বাস কৰা সকলো সংগঠনৰ লগতে তেওঁলোকে মিত্ৰতা কৰিব বুলিও মত প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ পৃথিৰাজ নাৰায়ণ মেচৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অবড়ো গণ সুৰক্ষা পাৰ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.