ETV Bharat / state

শিলসাঁকোৰ উচ্ছেদিত লোকৰ পুনঃসংস্থাপনৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Jun 22, 2022, 10:55 PM IST

গুৱাহাটীৰ থলুৱা ভূমিহীন পৰিয়ালসমূহক ভূমিৰ পত্তা (Land security to landless families ) আৰু শিলসাঁকো বিলৰ পাৰত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা খিলঞ্জীয়া লোকসকলক উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMMS Protest against eviction)।

Kmss protest
Kmss protest

গুৱাহাটী, 22 জুন : ৰাজ্যজুৰি জলপ্ৰলয়ৰ মাজতে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (KMMS protest)৷ গুৱহাটীৰ থলুৱা ভূমিহীন পৰিয়ালসমূহক ভূমিৰ পত্তা (Land security to landless families) আৰু শিলসাঁকো বিলৰ পাৰত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা খিলঞ্জীয়া লোকসকলক প্ৰশাসনে উচ্ছেদ কৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMMS Protest against eviction)।

বুধবাৰে চচলৰ প্ৰতিবাদস্থলীত গুৱাহাটীবাসীৰ ভূমিস্বত্ব আন্দোলনত প্ৰাণ হেৰুওৱা শ্বহীদসকলৰ সোঁৱৰণত আৰু ভূমিপট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে(protest in Guwahati) ৷ শিলসাঁকো বিলৰ পাৰত দীৰ্ঘদিনৰ পৰা বসবাস কৰি আহা থলুৱা খিলঞ্জীয়া লোকসকলক কৰা উচ্ছেদৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, ২০১১ চনৰ ২২ জুন গুৱাহাটীবাসীৰ ভূমিৰ অধিকাৰ আন্দোলনৰ এক ঐতিহাসিক দিন । এই ঐতিহাসিক দিনটোতে দিছপুৰত গুৱাহাটীৰ থলুৱা ভূমিহীন লোকসকলে ভূমিৰ অধিকাৰ বিচাৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল । সেই আন্দোলনত আৰক্ষীৰে হোৱা হতাহতিত বীৰেন কলিতা, শিৱকুমাৰ চৌহান, জেৰিণা বেগম আৰু শিশু ৰুহুল আলীয়ে প্ৰাণ হেৰুৱাইছিল ৷

পৰৱৰ্তী সময়ত গুৱাহাটীবাসীৰ ভূমিৰ অধিকাৰ আন্দোলনৰ নেতৃত্ব দি অহা প্ৰণৱ বড়োৱে আত্মজাহৰ দৰে মৰ্মস্তুদ প্ৰতিবাদেৰে প্ৰাণ বিসর্জন দিছিল । ইয়াৰ পিছতো গুৱাহাটীবাসীয়ে ধাৰাবাহিকভাৱে আন্দোলন, প্ৰতিবাদ, আলোচনা আৰু আবেদন-নিবেদন কৰাৰ পাছতো আজিলৈকে গুৱাহাটীবাসীৰ ভূমিৰ অধিকাৰৰ সন্দৰ্ভত চৰকাৰে সমাধান নকৰিলে বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷

ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে কয় যে ইয়াৰ সমান্তৰালকৈ বিভিন্ন সময়ত চৰকাৰে গুৱাহাটীবাসীক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি পৰৱৰ্তী সময়ত উচ্ছেদ চলাই থকাহে পৰিলক্ষিত হৈছে । ইয়াৰ উদাহৰণ হৈছে শেহতীয়াকৈ শিলসাঁকো বিলৰ পাৰত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা থলুৱা খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰাৰ ঘটনা ।

সেয়েহে সকলোৱে ঐক্যৱদ্ধ হৈ সৰ্বাত্মক আন্দোলনৰ জৰিয়তেহে গুৱাহাটীবাসীয়ে ভূমিৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে সংগঠনটোৱে ৷ প্ৰতিবাদৰ অন্তত কৃষক সংগঠনটোৰ তৰফৰ পৰা গুৱাহাটীবাসীৰ ভূমিপত্তাকে ধৰি কেইবাটাও সমস্যাৰ সমাধানৰ দাবী উত্থাপন কৰি দিছপুৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্তৰ জৰিয়তে চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Decoding Agnipath protests : কৃষি ব্যৱস্থাৰ হতাশা অগ্নিপথ আন্দোলনৰ অন্যতম কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.