ETV Bharat / state

নিশাৰ আন্ধাৰত আৰক্ষী অহাটো দুৰ্ভাগ্যজনকঃ ভাস্ক’ ডি শইকীয়া - নিশাৰ আন্ধাৰত আৰক্ষী অহাটো দুৰ্ভাগ্যজনকঃভাস্ক’ ডি শইকীয়া

মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেল । সংবাদমেলখন সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই ।

KMSS Pressmeet gandhibasti kamrup metro assam etv bharat news
কৃষক মুক্তিৰ সংবাদমেল
author img

By

Published : Mar 19, 2020, 9:29 AM IST

গুৱাহাটী,19 মাৰ্চঃ মহানগৰীৰ গান্ধীবস্তিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত হয় এক সংবাদমেল । সংবাদমেলখন সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ ডি শইকীয়াই । অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে কাৰাৰুদ্ধ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে । নিয়াৰ আদালতে অখিল গগৈৰ জামিন মঞ্জুৰ কৰাৰ পিছত পুনৰ নতুন গোচৰত ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে কৃষক মুক্তিৰ নেতাগৰাকীক ৷ উক্ত বিষয় সন্দৰ্ভত এতিয়া সৰৱ হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । কেৱল সেয়া নহয়,নিশাৰ ভাগত শিৱসাগৰৰ পৰা অখিল গগৈক গ্ৰেপ্তাৰৰ বাবে আৰক্ষী অহাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ।

KMSS Pressmeet gandhibasti kamrup metro assam etv bharat news
কৃষক মুক্তিৰ সংবাদমেল

আনহাতে,তিনিচুকীয়াৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহি থকা অৱস্থাত অখিল গগৈৰ বিৰুদ্ধে প্ৰতিখন থানাত গোচৰ ৰুজু কৰা হৈছিল ৷ গগৈক বৰ্তমান ৰাষ্ট্ৰদ্ৰোহী গোচৰৰ বাবে গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে ৷ অখিল গগৈৰ বিৰুদ্ধে কোনো প্ৰমাণ নাথাকিলেও সোণোৱাল চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এটাৰ পিছত আন এটা নতুন গোচৰত অখিল গগৈক গ্ৰেপ্তাৰ কৰিব বুলি ক্ষোভেৰে প্ৰকাশ কৰে সভাপতিগৰাকীয়ে। গগৈৰ পিছতে বিতু সোণোৱাল,ধৈৰ্য্য কোঁৱৰ আৰু মানস কোঁৱৰে শীঘ্ৰে জামিন লাভ কৰাৰ সম্ভাৱনা আছে বুলি সংবাদমেলত জানিবলৈ দিয়ে সভাপতি ভাস্ক’ ডি শইকীয়াই । বিপৰীতে গগৈয়ে জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা নাই বুলি সংবাদমেলত প্ৰকাশ কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে ।

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ

কা বিৰোধী আন্দোলনত সকলো দল-সংগঠনে বিৰোধিতা কৰি প্ৰতিবাদ কৰিছিল ৷ কিন্তু কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলক চৰকাৰে আটক কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কৃষক মুক্তিৰ সভাপতি গৰাকীয়ে । ৰাজ্য চৰকাৰে প্ৰতিজন কা বিৰোধী আন্দোলনকাৰীক বিনাদোষত হাৰাশাস্তি কৰি নিতৌ সোধ-পোছ অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷

লগতে চাওকঃডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকক নিয়াৰ চমন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.