গুৱাহাটী, 20 ছেপ্টেম্বৰ: গুৱাহাটীৰ শিলসাকোঁৰ উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ দাবীত কেবিনেট মন্ত্ৰী ৰণোজ পেগুৰ (Education Minister Ranoj Pegu) সৈতে জনতা ভৱনৰ B ব্লকত মঙলবাৰে শিলসাকোঁৰ পাৰত উচ্ছেদিত পৰিয়ালসমূহৰ যৌথ মঞ্চ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ প্ৰতিনিধিৰ সৈতে আলোচনা অনুষ্ঠিত হয় (KMSS delegates meets with Ranoj Pegu) শিলসাকোঁৰ পাৰত উচ্ছেদিত পৰিয়ালসমূহৰ যৌথ মঞ্চৰ তৰফৰ পৰা মন্ত্ৰী ৰণোজ পেগুক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয় ৷
স্মাৰক পত্ৰৰ জৰিয়তে গুৱাহাটীৰ শিলসাঁকো জলাশয়ৰ পাৰত বসবাস কৰা লোকসকলক “জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) আইন, ২০০৮” ৰ প্ৰয়োগ হোৱাৰ বৰ্ষ আৰু তাৰিখক ভিত্তিবৰ্ষ আৰু দিন হিচাপে লৈ ইয়াৰ পূৰ্বৰে পৰা বসবাস কৰি অহা সকলো থলুৱা পৰিয়ালক মাটি পট্টা প্ৰদানৰ ব্যৱস্থা কৰা, যোৱা ১৩ মে'ত উচ্ছেদ কৰা পৰিয়ালসমূহক যথোপযুক্ত ক্ষতিপূৰণ আৰু উচ্ছেদ হোৱা ঠাইতে অতিশীঘ্ৰে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, শিলসাঁকো জলাশয়ৰ পাৰত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা থলুৱা লোকসকলৰ ওপৰত চলোৱা উচ্ছেদ অমানৱীয় আৰু আইনবিৰোধী বুলি আখ্যা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।
অতিশীঘ্ৰেই চৰকাৰে শিলসাঁকো বিলৰ পাৰত কৰা উচ্ছেদ বন্ধ কৰা, জলাশয়ৰ মাটি কৰ্প'ৰেট আৰু বৃহৎ বিল্ডাৰসকলক দিয়া বন্ধ কৰা ইতিপূৰ্বে কোম্পানী বা বিভাগকক দিয়া (ৰাজহুৱা প্ৰতিষ্ঠানৰ বাদে) তিনি কঠাতকৈ অধিক মাটিৰ প্লটৰ আৱণ্টন বাতিল কৰাৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।
আলোচনাৰ অন্তত মন্ত্ৰী ৰণোজ পেগুয়ে দুৰ্গা পূজাৰ পিছত শিলসাকো বিলত জৰীপ চলোৱাৰ কথা সদৰি কৰে । লগতে শিলসাকো বিলৰ পৰা ১০০ মিটাৰ ভিতৰত থকা সকলো উচ্ছেদ কৰা হ’ব বুলি ৰণোজ পেগুয়ে সদৰি কৰা বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোৱৰে সদৰি কৰে ।
আলোচনাত শিলসাকো পাৰত উচ্ছেদিত ৰাইজৰ যৌথ মঞ্চৰ তৰফৰ পৰা শিলসাঁকো বিলত থকা টাটাৰ জিঞ্জাৰ হোটেল, বদৰুদ্দিন আজমলৰ পত্নীৰ মালিকানাধীন হামজা প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেড, হিম্মত সিংকাৰ আইডিয়েল হিলভিউ, ৰয়েল হেৰিটেজ, পৃথিৱী গ্ৰীণ, অমিয়কুমাৰ দাস ইনষ্টিটিউট আদিকে ধৰি বহু পুঁজিপতিৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা বৃহৎ বৃহৎ অট্টালিকাসমূহ উচ্ছেদ কৰাৰ বাবে দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে ৷
বৈঠকত শিলসাকোঁ পাৰত উচ্ছেদিত ৰাইজৰ যৌথ মঞ্চৰ উপ সভাপতি ইব্ৰাহিম আলি, উপদেষ্টা পৰেশ বৰ্মন, সাধাৰণ সম্পাদক দিব্য বসুমতাৰী, সহকাৰী সম্পাদক মজনুৰ আলি মুকুল বৰুৱা, কৃষক মুক্তিৰ উপদেষ্টা ধৈৰ্য কোঁৱৰ, সভাপতি দেৱেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, প্ৰচাৰ সম্পাদক পৃথিৰাজ দলে, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে, কেন্দ্ৰীয় সদস্য অৰিন্দম গগৈ উপস্থিত আছিল ।