গুৱাহাটী, ১৮ জানুৱাৰী:অৱশেষত উদ্ধাৰ হ'ল গুৱাহাটীৰ সিজুবাৰীৰ পৰা অপহৃত হোৱা নমাজ আলী আৰু ৰকিবুল মল্লা । হাতীগাঁও আৰক্ষীয়ে নগাঁৱৰ পৰা উদ্ধাৰ কৰে যুৱক দুজনক । গুলজাৰ আলী নামৰ এজন লোকক লগ কৰিবলৈ যোৱা ১১ জানুৱাৰীত সিজুবাৰীৰ পৰা দুয়োজন যুৱক নগাঁৱলৈ গৈছিল । নগাঁৱৰ মনালিছা হোটেলৰ সমীপৰ পৰা নমাজ আলী আৰু ৰকিবুল মল্লাক চৰ অঞ্চললৈ লৈ যোৱা হৈছিল ।
গুলজাৰ আলীয়ে অতি কৌশলেৰে অপহৰণৰ জাল পেলাইছিল । দুয়োকে চৰ অঞ্চললৈ লৈ যোৱাৰ পিছত ১৫ লাখ টকা দাবী কৰিছিল । এজন যুৱকৰ পৰিয়ালৰ লোকে ১ লাখ টকা আদায় দিছিল । দুয়োৰে ঘৰ বৰপেটাত । সিজুবাৰীত ভাৰাতীয়া হিচাপে আছিল ৷ যুৱক দুজনৰ অপহৰণৰ খবৰ পোৱাৰ পিছতে হাতীগাঁও আৰক্ষীয়ে অভিযান চলাইছিল ৷ সেই অনুসৰি, হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ পৰা উদ্ধাৰ কৰে দুই যুৱকক ৷
ইতিমধ্যে, দুই অপহৃতই চিনাক্ত কৰিছে নগাঁৱৰ কচুৱাৰ গুলজাৰ আলীক ৷ বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত গুলজাৰ ৷ নমাজ আলী আৰু ৰকিবুল মল্লাই প্ৰকাশ কৰা মতে, দুয়োজনকে অপহৰণকাৰীৰ দলে মাৰ-পিটো কৰিছিল । এজন যুৱকৰ দেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল ।
লগতে পঢ়ক:চতিয়াত গঁড়ৰ মুক্ত বিচৰণ