গুৱাহাটী, 29 ডিচেম্বৰঃ অহা 10 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ ৷ ইতিমধ্যে সমাৰোহৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত আছে ৷ দেওবাৰে মহানগৰীৰ সৰুসজাইত সমাৰোহৰ শিখা প্ৰজ্বলন আৰু মুখ্যমন্ত্ৰী ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷ দক্ষিণ এছিয়া গেমছ আৰু চাউথ এছিয়ান গেমছ, 13 সংখ্যক এছিয়ান লং বল চেম্পিয়নশ্বিপ, এছিয়ান ৱেথ লিফটিং আদি প্ৰতিযোগিতাত বঁটাপ্ৰাপ্ত অসমৰ খেলুৱৈসকলক উক্ত অনুষ্ঠানত পুৰস্কাৰ প্ৰদান কৰা হয় ৷ ৰাজ্যৰ উঠি অহা খেলুৱৈসকলক উৎসাহ যগোৱাৰ উদ্দেশ্যে সংহত ক্ৰীড়া নীতি অনুসৰি নগদ ধনসহ এই পুৰস্কাৰ প্ৰদান কৰা হয় খেলুৱৈসকলক ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ ভুৱনেশ্বৰ কলিতা, মন্ত্ৰী অতুল বৰা, খেলো ইণ্ডিয়াৰ CEO অভিনাশ যোশীকে প্ৰমুখ্য কৰি ভালেসংখ্যক ক্ৰীড়াবিদ আৰু নৱাগত খেলুৱৈ ৷
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈসকলক এই বঁটা প্ৰদান কৰি সমাজক ক্ৰীড়াৰ জৰিয়তে আগুৱাই নিব লাগিব বুলি মন্তব্য কৰে। তাৰোপৰি অসমক দেশৰ ক্ৰীড়া হাব হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ উপৰিও গাঁৱে-ভুঁঞে খেলো ইণ্ডিয়াৰ প্ৰচাৰ কৰাৰ উদ্দেশ্যে শিখা দৌৰ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে উদ্যোক্তাই ৷ উল্লেখ্য যে, খেলো ইণ্ডিয়াত অসমৰ প্ৰায় ৭০০ খেলুৱৈ অংশগ্ৰহণ কৰিব ৷ আনহাতে খেলো ইণ্ডিয়াৰ সফল সমাপ্তিৰ পিছতে অসমত ভিলেজ হান্ট শীৰ্ষক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়ক- প্লাষ্টিকৰ বিৰুদ্ধে অকলেই যুঁজত নামিছে কৰ্ণাটকৰ বাসৱাৰাজে