ETV Bharat / state

কাজিৰঙা গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ড কেৰালাত গ্ৰেপ্তাৰ

author img

By

Published : Feb 17, 2022, 2:10 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিলেখুন্দা বন শিবিৰত সংঘটিত গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ডক কেৰালাত গ্ৰেপ্তাৰ (Rhino killer arrested in Kerala)। গঁড় হত্যা কৰিয়েই অসমৰ পৰা পলায়ন কৰি কেৰালাত আত্মগোপন কৰি আছিল আচমত আলী (Asmat Ali killed Rhino in Kaziranga) । অসম আৰক্ষীৰ এটা দলে বুধবাৰে নিশা কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰে আচমতক ৷

Rhino_killer
কাজিৰঙা গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ড কেৰালাত গ্ৰেপ্তাৰ

গুৱাহাটী,১৭ ফেব্ৰুৱাৰীঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ সংঘটিত হোৱা গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ড আচমত আলী ওৰফে নালকোক (৩৫) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী । ২০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিলেখুন্দা বন শিবিৰত সংঘটিত গঁড় হত্যাৰ মূল মাষ্টাৰ মাইণ্ডজনক অসম আৰক্ষীৰ এটা দলে বুধবাৰে নিশা কেৰালাৰ পৰা গ্ৰেপ্তাৰ কৰে (Rhino killer arrested in Kerala)। গঁড় হত্যা কৰিয়েই অসমৰ পৰা পলায়ন কৰি কেৰালাত আত্মগোপন কৰি আছিল আচমত আলী ।

কেৰালাত বাহৰ পাতি থকাৰ কথা জানিব পাৰিয়েই অসম আৰক্ষীৰ এটা দলে কেৰালা আৰক্ষীৰ সহযোগত অভিযান চলাই আচমত আলী ওৰফে নালকোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Asmat Ali killed Rhino in Kaziranga) । ধৃত আচমত আলীৰ ঘৰ বিশ্বনাথৰ চতিয়া থানাৰ অন্তৰ্গত মিলনপুৰ গাঁৱত বুলি জানিব পৰা হৈছে ।

উল্লেখ্য যে, নালকোৰ উপৰি এই গঁড় হত্যাৰ লগত জড়িত চাৰিজন লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হৈছে (Kaziranga Rhino killing incident) । ম’ষ্ট ৱাণ্টেড হৈ থকা গঁড়ৰ চোৰাং চিকাৰীজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাৰ পিছত বনমন্ত্ৰীৰ লগতে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে এখন ফটো শ্বেয়াৰ কৰি এই কথা জনায় । উল্লেখ্য যে, আৰক্ষীয়ে ম’ষ্ট ৱাণ্টেড গঁড়ৰ চোৰাং চিকাৰীজনৰ সম্ভেদ দিওঁতালৈ নগদ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।

লগতে পঢ়ক: Assam Police encounter: আৰক্ষীৰ গুলীত আহত ত্ৰিপুৰাৰ গাঞ্জা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.