গুৱাহাটী-কৰিমগঞ্জ-ধুবুৰী, 6 এপ্ৰিলঃ ৰাজ্যত নিৰ্বাচনী আচৰণবিধি বলবৎ থকা অৱস্থাত বিভিন্ন প্ৰান্তত তালাচী চলাই আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে ধন জব্দ কৰিবলৈ সক্ষম হৈছে ৷ শনিবাৰে মহানগৰীৰ পাণ্ডুত এখন এল্ট'ৰ পৰা পাঁচ লাখ টকা উদ্ধাৰ কৰা হয় ৷ কল্প ভট্টাচাৰ্য নামৰ লোকজনৰ AS-01BW-2314 নম্বৰৰ বাহনখনৰ পৰা ধনখিনি জব্দ কৰে ফ্লায়িং স্কোৱাডে ৷
ইপিনে কৰিমগঞ্জৰ পাথাৰকান্দি আছিমগঞ্জ এলেকাত একেদিনাই 3 লাখ 30 হাজাৰ টকা উদ্ধাৰ কৰা হয় ৷ তিনিখন বাহনৰ পৰা পৃথকে পৃথকে জব্দ কৰা হয় ধনখিনি ৷ ধুবুৰীৰ পাণবাৰীতো শুকুৰবাৰৰ নিশা ফ্লায়িং স্কোৱাডে দুখন বাহনৰ পৰা 1 লাখ 85 হাজাৰ টকা উদ্ধাৰ কৰে ৷