গুৱাহাটী, ৯ আগষ্ট : ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ (Sun on the hot Seat in Assam) ৷ প্ৰচণ্ড গৰমৰ বাবে মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা মহানগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকে মহানগৰৰ বিদ্যালয়মূহক জাৰি কৰিছে এক কঠোৰ নিৰ্দেশ ৷ সেই নিৰ্দেশ অনুসৰি, মহানগৰৰ সকলো বিদ্যালয়য়ে পুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাৰ ভিতৰত পাতিব লাগিব (Kamrup district administration orders to hold morning prayer meetings inside classroom) ৷
উক্ত জাননীখনত উল্লেখ কৰা মতে, কেৱল চৰকাৰী বিদ্যালয়সমূহেই নহয়, প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰৰ প্ৰাদেশিক, ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ে মানিব লাগিব এই নিয়ম ৷ অকল বিশেষ দিনতহে মুকলি স্থানত প্ৰাৰ্থনা কৰিবলৈ উক্ত জাননীত উল্লেখ কৰা হৈছে ।
উল্লেখ্য যে, 4 আগষ্টত প্ৰখৰ ৰ’দত প্ৰায় এঘন্টাৰ প্ৰাৰ্থনা সভাত উপস্থিত থাকি মহানগৰীৰ নিকলছ হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী স্নিগ্ধাশিখা দাস অসুস্থ হৈ পৰিছিল (School girl falling ill)। তাৰ পাচতেই অভিভাৱকৰ তৎপৰতাত ভৰ্তি কৰোৱা হৈছিল হাস্পতালত ৷ কিন্তু 6 আগষ্টৰ পুৱতি নিশা চিকিৎসাধীন অৱস্থাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ছাত্ৰীগৰাকীৰ (School Girl death in Guwahati)।
লগতে পঢ়ক : School Girl death in Guwahati: মহানগৰীত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু