ETV Bharat / state

HSLC Exam results 2022: ভায়োলিন বজাই ভালপোৱা জুৰিষ্মাৰ বিজ্ঞানী হোৱাৰ লক্ষ্য - Jurisma Chakraborty secure 10th rank in HSLC exam

সদ্যঘোষিত HSLC ৰ ফলাফলৰ পাছতেই হাঁহি বিৰিঙিছে বহুতৰে মুখত(HSLC Exam Results Announced) । একেদৰে হাঁহি বিৰিঙিলে চেইন্ট ষ্টিফেন বিদ্যালয়ৰ ছাত্ৰী জুৰিষ্মা চক্ৰৱৰ্তীৰ মুখত । ই টিভি ভাৰতৰ সন্মুখত মনৰ ভাৱ ব্যক্ত কৰিলে জুৰিষ্মাই ।

jurisma chakraborty who finished 10th in hslc aims to become a scientist
ভায়োলিন বজায় ভালপোৱা দশম স্থান লাভ কৰা জুৰিষ্মা চক্ৰৱৰ্তীৰ লক্ষ্য বিজ্ঞানী
author img

By

Published : Jun 7, 2022, 9:03 PM IST

গুৱাহাটী,৭ জুন: SEBAৰ দ্বাৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মঙ্গলবাৰে ঘোষিত ফলাফল(HSLC Exam Results Announced) অনুযায়ী কামৰূপ মহানগৰ জিলাৰ খীষ্টানবস্তিত থকা চেইন্ট ষ্টিফেন স্কুলৰ ছাত্ৰী জুৰিষ্মা চক্ৰৱৰ্তীয়ে দশম স্থান অধিকাৰ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । মহানগৰীৰ জাপৰিগোগৰ নিবাসী জয়ন্ত চক্ৰৱৰ্তী আৰু উষাৰাণী চক্ৰৱৰ্তীৰ কন্যা জুৰিষ্মা চক্ৰৱৰ্তীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 588 নম্বৰ লাভ কৰি দশম স্থান অধিকাৰ কৰিছে(Jurisma Chakraborty secure 10th rank in HSLC exam) ।

জুৰিষ্মা চক্ৰৱৰ্তীৰ সাফল্যত বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে । জুৰিষ্মা চক্ৰৱৰ্তীয়ে সাফল্যত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে । ই টি ভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত দশম স্থান পোৱা জুৰিষ্মা চক্ৰৱৰ্তীয়ে কয় যে তেঁও স্থান পোৱাৰ কোনো পৰিকল্পনা কৰা নাছিল । ভালকৈ পঢ়িছিল জুৰিষ্মাই, চাপ লৈ নহয় দায়িত্ব সহকাৰে পঢ়িছিল বুলিও উল্লেখ কৰে ।

ভায়োলিন বজায় ভালপোৱা দশম স্থান লাভ কৰা জুৰিষ্মা চক্ৰৱৰ্তীৰ লক্ষ্য বিজ্ঞানী

উল্লেখ্য যে জুৰিষ্মা চক্ৰৱৰ্তীৰ জেষ্ঠ ভগ্নী কৃষ্ণা চক্ৰৱৰ্তীয়েও কিছুবছৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰিছিল । এই সন্দৰ্ভত জুৰিষ্মা চক্ৰৱৰ্তীয়ে কয় যে জেষ্ঠ ভগ্নীয়ে তেওঁক পঢ়াত বহুত সহায় কৰিছিল । জুৰিষ্মাই একেৰাহে বেছি সময় পঢ়া নাছিল । কিন্তু, যিখিনি পঢ়িছিলোঁ সেয়া ভালদৰে পঢ়িছিল ।

আনহাতে আজৰি সময়ত ভায়োলিন বজায়, ছবি আঁকি ভালপোৱা জুৰিষ্মা চক্ৰৱৰ্তীয়ে ভৱিষ্যতে বিজ্ঞানী অথবা অধ্যাপক হোৱাৰ সপোন পুহি ৰাখিছে । জুৰিষ্মাই বৰ্তমান বিজ্ঞান শাখাত অধ্যয়ন কৰিব । জুৰিষ্মা চক্ৰৱৰ্তীয়ে কয় যে তেওঁৰ জ্ঞান সমাজৰ উপকাৰৰ কাৰণে ব্যৱহাৰৰ ইচ্ছা আছে । লগতে কয়, পঢ়াৰ সময়চোৱাত পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষকসকলে বহুত সহায় কৰিছিল জুৰিষ্মাক । তেওঁলোকে জুৰিষ্মাক পঢ়াৰ বাবে কোনো চাপ দিয়া নাছিল ।

পিতৃ মাতৃয়েও তেওঁৰ পৰা আশা কৰা মতে ফল পাইছে বুলি মত পোষণ কৰে । বিদ্যালয়খনৰ পৰা ৫৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল‌ আৰু ৫৩ গৰাকীয়েই ভাল ফলাফলেৰে উত্তীৰ্ণ হৈছে । ইয়াৰে ৫২ গৰাকীয়ে প্ৰথম, ১ গৰাকীয়ে দ্বিতীয় আৰু ১৫ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে ।

লগতে পঢ়ক: ৫৮৯ নম্বৰেৰে নৱম স্থান দখল কৰিলে ডিব্ৰুগড়ৰ ছল্টব্ৰুক স্কুলৰ ছাত্ৰ ধৃতীস্মান দত্তই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.