ETV Bharat / state

Journalist Gautam Hazarika passes away:অকালতে চিৰ বিদায় মাগিলে সাংবাদিক গৌতম হাজৰিকাই - চিৰ বিদায় মাগিলে সাংবাদিক গৌতম হাজৰিকাই

সাংবাদিক গৌতম হাজৰিকাৰ বিয়োগত শোকস্তব্ধ সংবাদ জগত । বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ ৷

Journalist Gautam Hazarika passes away
চিৰ বিদায় মাগিলে সাংবাদিক গৌতম হাজৰিকাই
author img

By

Published : Jul 10, 2023, 10:47 PM IST

গুৱাহাটী, ১০ জুলাই : এসময়ত তেওঁ বাতৰিৰ পিছে পিছে দৌৰি ফুৰিছিল গুৱাহাটী মহানগৰৰ জনসমুদ্ৰৰ মাজে মাজে ৷ নিজৰ ওপজা ঠাই বিশ্বনাথৰ বাতৰি বিলাইছিল অসমবাসীক ৷ বাতৰি সংগ্ৰহৰ তাড়নাত ইমূৰৰ পৰা সিমূৰলৈ দৌৰিছিল দ্ৰুত গতিৰে ৷ আজি যুৱ অৱস্থাতে নিজেই বাতৰিৰ শিৰোনাম হ’ল তেওঁ । একালত 'আজি' কাকত আৰু পিচলৈ ছেটেলাইট নিউজ চেনেল DY365 ৰ জৰিয়তে গুৱাহাটীৰ সংবাদ জগতৰ পৰিচিত নাম হৈ পৰা সাংবাদিক তথা বিশ্বনাথৰ সন্তান গৌতম হাজৰিকাই অকাল মৃত্যুক সাৱটিলে সোমবাৰে ৷

Journalist Gautam Hazarika passes away
চিৰ বিদায় মাগিলে সাংবাদিক গৌতম হাজৰিকাই

বিশ্বনাথ জিলা সাংবাদিক সংস্থা আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা সাংবাদিক গৌতম হাজৰিকাৰ সোমবাৰে গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত দেহাৱসান ঘটে । বিশ্বনাথ চাৰিআলিৰ লেহুগাঁৱৰ গৌতম হাজৰিকা গুৱাহাটীত DY365 নামৰ চেটেলাইট টিভি চেনেলত কৰ্মৰত অবস্থাতে উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈছিল কেইবছৰ মানৰ পূৰ্বে । তাৰ পিছৰে পৰা সক্ৰিয় সাংবাদিকতাৰ পৰা নিজকে আতৰাই ৰাখিবলগীয়া হৈছিল তেওঁ ৷

Journalist Gautam Hazarika passes away
সাংবাদিক গৌতম হাজৰিকা

শেহতীয়াকৈ গুৱাহাটীতে বাস কৰা গৌতম হাজৰিকা পুনৰ এবাৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ৩ দিন পূৰ্বে পুনৰ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় । চিকিৎসাধীন অবস্থাতে আজি সন্ধ্যা শেষ নিশ্বাস ত্যাগ কৰে সাংবাদিকগৰাকীয়ে । প্ৰাপ্ত তথ্য মতে, অসমীয়া দৈনিক আজি কাকতত পাভৈ, বিশ্বনাথ চাৰিআলিৰ সাংবাদদাতা হিচাবে সেৱা আগবঢ়োৱাৰ পিছত 'আজি' ৰ বিশ্বনাথ সংস্কৰণৰ তত্বাবধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল গৌতম হাজৰিকাই ।

Journalist Gautam Hazarika passes away
সাংবাদিক গৌতম হাজৰিকা

তদুপৰি সাংস্কৃতিক প্ৰতিবেদক ৰূপে গুৱাহাটীত চেটেলাইট টিভি চেনেলৰ সেৱা আগবঢ়োৱাৰ লগতে হাজৰিকাই নিজেও এজন গীতিকাৰ আৰু সুৰকাৰ ৰূপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল । আজি গৌতম হাজৰিকাৰ মৃত্যুৰ বাতৰি গুৱাহাটীৰ সংবাদসেৱী সকলৰ লগতে বিশ্বনাথত বিয়পি পৰাৰ লগে লগে গুণমুগ্ধ সকলৰ মাজত শোকৰ ছাঁ পৰে । ইতিমধ্যে হাজৰিকাৰ মৃত্যুত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰা, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ উপদেষ্টা নিৰঞ্জন হাজৰিকা, বসন্ত বৰা, সভাপতি পুলক হাজৰিকা, সাধাৰণ সম্পাদক আমিৰ খান, বিহালী প্ৰেছ ক্লাৱৰ সভাপতি দীপক শৰ্মা, সম্পাদক শ্ৰীমন্ত দাসকে ধৰি বিভিন্ন জাতীয় দল সংগঠন তথা গুণমুগ্ধই শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক : Tributes paid to Manjit Mahanta: বিহপুৰীয়াত মনজিৎ মহন্তলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.