ETV Bharat / state

JPP join BJP: আনুষ্ঠানিকভাৱে BJP ত চামিল জিম'ছায়া পিপলচ পাৰ্টি

author img

By

Published : Jan 4, 2023, 8:16 AM IST

আনুষ্ঠানিকভাৱে BJP ত চামিল হ'ল দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ বিজয়ী আঞ্চলিক দল JPP(Jimosaya Peoples Party officially joins BJP) । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত জেপিপিৰ সভাপতি মহেশ দেউৰী সহিতে ৭ গৰাকী পাৰিষদৰ ৬ গৰাকী পাৰিষদে যোগদান কৰে ।

BJP joining program at Guwahati
গেৰুৱাবসন পিন্ধিলে দেউৰী স্বায়ত্ত শাসিত পৰিষদত বিজয়ী আঞ্চলিক দল JPP য়ে
গেৰুৱাবসন পিন্ধিলে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিজয়ী আঞ্চলিক দল JPP ৰ সদস্যই

গুৱাহাটী,৩ ডিচেম্বৰ: গেৰুৱা বসন পিন্ধিলে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিজয়ী আঞ্চলিক দল জিম'ছায়া পিপলচ পাৰ্টি চমুকৈ জেপিপিয়ে (Jimosaya Peoples Party officially joins BJP) । মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়(BJP joining program at Guwahati) । যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Assam BJP president Bhabesh Kalita), মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক নৱ দলেৰ লগতে অন্যান্য BJP নেতা কৰ্মীসকল ।

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত অন্যতম ৰাজনৈতিক দল তথা দেউৰী সকলৰ আঞ্চলিক দল জেপিপিয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত । ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভৱেশ কলিতাই জনোৱা অনুসৰি জেপিপিৰ সকলো নেতা কৰ্মীয়ে বিজেপিত চামিল হয়(JPP join BJP) । জেপিপিৰ সভাপতি মহেশ দেউৰী সহিতে ৭ গৰাকী পাৰিষদৰ ৬ গৰাকী পাৰিষদে যোগদান কৰে । বুধবাৰে বিয়লি মুখ্যমন্ত্রীৰ সৈতে চাহমেলতো অংশ ল'ব বিজেপিত যোগদান কৰা জেপিপিৰ নেতা কেইগৰাকীয়ে ।

যোগদান অনুষ্ঠানৰ পাছতে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । এয়া আনন্দৰ দিন বুলি উল্লেখ কৰি তেওঁ কয় যে আজিৰ পৰা ৩০/৪০ বছৰ আগতে যি পৰিৱেশ আছিল সেয়া এতিয়া নাই । এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ প্ৰতিতো জাতি-জনগোষ্ঠীয়ে সম অধইকাৰ আৰু সম বিকাশৰ লক্ষৰে আগবাঢ়িব লাগে ।

ইফালে মন্ত্ৰী ৰণোজ পেগুৱে কয় যে উন্নয়ণৰ কাৰণে একতাৰ প্ৰয়োজন । সেই একতা এতিয়া সাধিত হৈছে । এই পদক্ষেপৰ জৰিয়তে দেউৰী স্বায়ত্ব শাসিত পৰিষদখনৰ (Deuri Autonomous Council) উন্নয়ণৰ ক্ষেত্ৰত কাম কৰিবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী ৰণোজ পেগুৱে । এতিয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়ণ ত্বৰান্বিত হ'ব । বিৰোধী থাকিলে ভাল কাম হ'ব বুলি ভবা ধাৰণাতো এটা পুৰণি ধাৰণা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া বিতৰ্ক নোহোৱা হ'ব, গতিকে এতিয়া উন্নয়ণ ত্বৰান্বিত হ'ব ।

উল্লেখ্য যে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত দেউৰীসকলৰ আঞ্চলিক দল জিম'চাঁয়া পিপ'লছ পাৰ্টীয়ে ৭ খন আসন লাভ কৰি বিজেপিৰ বাবে পৰিষদ গঠনত প্ৰত্যাহ্বানৰ সৃষ্ঠি কৰিছিল(DAC election 2022) ৷ যাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ ২ মাহ পিছতো পৰিষদ গঠন কৰিব পৰা নাছিল(DAC election result) । পৰৱৰ্তী সময়ত জেপিপিৰ সভাপতি মহেশ দেউৰীৰ সৈতে এটা দলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জে পি পিৰ পাৰিষদসকলে বিজেপিত চামিল হোৱাৰ ইংগিত দিছিল ৷

লগতে পঢ়ক: Kola Utsav in Odisha : কলা উৎসৱত ঢোল বাদনেৰে অসমক প্ৰতিনিধিত্ব কৰিব মৰাণৰ প্ৰাৰ্থনা চুতীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.