ETV Bharat / state

Assam CM in Jharkhand Politics: ঝাৰখণ্ডৰ ৰাজনীতিত কেনেকৈ সাঙোৰ খালে হিমন্ত বিশ্ব শৰ্মাৰ নাম?

author img

By

Published : Jul 31, 2022, 6:03 PM IST

Updated : Jul 31, 2022, 6:23 PM IST

চৰকাৰ ভঙা-পতাৰ খেলত পুনৰ সাঙোৰ খাই পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম(Assam CM Himanta Biswa Sarma) ৷ ঝাৰখণ্ডৰ ঝাৰখণ্ড মুক্তি মৰ্চা(JMM) আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰ উফৰোৱাৰ ষড়যন্ত্ৰত মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বিসম্বাদী বিধায়কক 10 কোটি টকাৰ লগতে মন্ত্ৰিত্ব প্ৰদানৰ প্ৰলোভন দিয়া বুলিও হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ আনিছে ঝাৰখণ্ডৰ বিধায়কে ৷

Assam CM in Jharkhand Politics
ঝাৰখণ্ডৰ ৰাজনীতিত কেনেকৈ সাঙোৰ খালে হিমন্ত বিশ্ব শৰ্মাৰ নাম?

নিউজ ডেস্ক, 31 জুলাই: ঝাৰখণ্ডৰ তিনিজন কংগ্ৰেছ বিধায়ক বৃহৎ পৰিমাণৰ ধনসহ শনিবাৰে নিশা পশ্চিমবংগত ধৰা পৰাৰ(Jharkhand Congress MLA Arrest in West Bengal) এটা দিনৰ পাছতে সমগ্ৰ ঘটনাত সাঙোৰ খাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম (Assam CM Himanta Biswa Sarma)৷ পশ্চিমবংগ আৰক্ষীয়ে বিধায়ক তিনিজনক গ্ৰেপ্তাৰ কৰাৰ পাছত ঝাৰখণ্ডৰ আন এজন কংগ্ৰেছ বিধায়কে উত্থাপন কৰিছে এক চাঞ্চল্যকৰ অভিযোগ ৷

Assam CM in Jharkhand Politics
বিধায়ক কুমাৰ জয়মংগলৰ বিস্ফোৰক পত্ৰখন

ঝাৰখণ্ডৰ হেমন্ত চোৰেণ চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ ৰচি বিধায়ক ৰাজেশ কাছাপ, নমন বিক্সাল আৰু ইৰফান আনছাৰীয়ে গুৱাহাটীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ঝাৰখণ্ডৰ বাৰ্মো সমষ্টিৰ কংগ্ৰেছ বিধায়ক কুমাৰ জয়মংগলে ।

কুমাৰ জয়মংগলে পশ্চিমবংগত শনিবাৰে গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছৰ তিনিজন বিধায়কৰ বিৰুদ্ধে ৰাঁচী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে যে, তেওঁলোকে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ চৰকাৰখন উফৰোৱাৰ উদ্দেশ্যে ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল । লগতে তেওঁ অভিযোগ কৰিছে যে বিধায়ক ৰাজেশ কাছাপ, নমন বিক্সাল আৰু ইৰফান আনছাৰীয়ে তেওঁকো বিসম্বাদী ফৈদত যোগদানৰ বাবে নিমন্ত্ৰণ জনাইছিল ৷ ইয়াৰ পাছতে ঝাৰখণ্ডত নতুন চৰকাৰ গঠন কৰি গাইপতি ১০ কোটিকৈ টকাৰ লগতে মন্ত্ৰিত্ব প্ৰদানৰ প্ৰলোভনো দিছিল ৷

কংগ্ৰেছ বিধায়ক জয়মংগল সিঙে ৰাঁচী আৰক্ষীক ইতিমধ্য অৰ্পণ কৰা এই বিস্ফোৰক অভিযোগ পত্ৰখনে পুনৰ দেশজুৰি আন এক ৰাজনৈতিক আলোড়নৰ সৃষ্টি কৰিছে ৷ চৰ্চিত হৈছে যে সৌ সিদিনা মহাৰাষ্ট্ৰত চৰকাৰ ভঙা-পতাৰ নামত গুৱাহাটীক অভিকেন্দ্ৰ কৰি যি ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰা হৈছিল, তেনেকুৱা এক পৰিস্থিতিয়েই ঝাৰখণ্ডৰ ক্ষেত্ৰত সৃষ্টি কৰিব বিচৰা হৈছে নেকি? কিয়নো পত্ৰখনত বাৰম্বাৰ উল্লেখ কৰা হৈছে গুৱাহাটী আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷

এই পত্ৰখন ৰাজহুৱা হোৱাৰ লগেলগে সৰৱ হৈ পৰিছে অসমৰ কংগ্ৰেছ দলো ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও সমগ্ৰ বিষয়টো সন্দৰ্ভত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, বিগত সময়তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ৰাজ্যৰ বিধায়কক কিনা-বেচা কৰি বিজেপিৰ প্ৰভূত্ব বিস্তাৰৰ চেষ্টা চলাই আহিছে ৷ মহাৰাষ্ট্ৰৰ একনাথ সিন্ধে চৰকাৰক কৌশলেৰে আঁতৰোৱাত হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি বিৰোধী দলপতিগৰাকীয়ে ঝাৰখণ্ডৰ বিধায়ক তিনিজনৰ লগতে হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ পৰা এই ঘটনাৰ চিবিআই অথবা EDৰ তদন্তৰ দাবী জনায় ৷

লগতে পঢ়ক: Jharkhand Congress MLAs Arrested: বৃহৎ পৰিমাণৰ নগদ ধনসহ তিনি বিধায়কক গ্ৰেপ্তাৰ

Last Updated : Jul 31, 2022, 6:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.