ETV Bharat / state

কিয় হোৱা নাই জালুকবাৰী পঞ্চায়তৰ কেলেংকাৰীৰ তদন্ত ?

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা সন্মানীয় জালুকবাৰী সমষ্টিৰ 80 নং লাচিতগড় গাওঁ পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস আৰু প্ৰাক্তন সভাপতি যাদৱ হালদাৰে পঞ্চায়তখনলৈ অহা প্ৰায় 36 লাখ টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন আনিছিল একেখন পঞ্চায়তৰে  আন গৰাকী সদস্যাই, কিন্তু তাৰ পাছতো এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে

author img

By

Published : Jul 27, 2019, 4:33 PM IST

কিয় হোৱা নাই জালুকবাৰী সমষ্টিৰ লাচিতগড় গাওঁ পঞ্চায়তৰ বৃহৎ কেলেংকাৰীৰ তদন্ত ?

কামৰূপ, 27 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুনীৰ্তিমুক্ত অসম গঢ়াৰ শ্ল'গান অসাৰ প্ৰতিপন্ন হৈছে জালুকবাৰী সমষ্টিত । কিয়নো ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা সন্মানীয় জালুকবাৰী সমষ্টিৰ 80 নং লাচিতগড় গাওঁ পঞ্চায়ত সাঙুৰ খাই পৰিছে দুৰ্নীতি আৰু কেলেংকাৰীত ৷ ইতিমধ্যেই পঞ্চায়তখনৰ সভাপতি প্ৰদীপ দাসৰ আৰু প্ৰাক্তন সভাপতি যাদৱ হালদাৰে পঞ্চায়তখনলৈ অহা প্ৰায় 36 লাখ টকা হৰলুকি কৰাৰ অভিযোগ আনিছিল একেখন পঞ্চায়তৰে আন গৰাকী সদস্যাই ৷ তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে উত্থাপন কৰা এই দু্ৰ্নীতিৰ তথ্য পৰৰ্বতী সময়ত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ তাৰ পাছতেই সভাপতি প্ৰদীপ দাসে সাংবাদিকৰ সৈতে মুখামুখি হোৱাৰ পৰিৰ্বতে সংবাদ মাধ্যমৰ বাতৰিক মিছা বুলি কৈ বাতৰি কাকতত বিজ্ঞাপন আকাৰে ষ্পষ্টীকৰণ দিছিল ৷ কিন্তু উল্লেখযোগ্য যে, নিজ সমষ্টিৰ অন্তৰ্গত এখন পঞ্চায়তত হৈ থকা ব্যাপক দুৰ্নীতিৰ কথা জানিও এতিয়ালৈকে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এনে প্ৰেক্ষাপটত প্ৰশ্ন উঠিছে সততে দুনীৰ্তি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শ্ল'গান দিয়া বৰ্তমানৰ চৰকাৰে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?

Intro:*SLUG= AMINGAON PANCHYAT BIG SCAM FOLLOW UP*

👉কিয় হোৱা নাই জালুকবাৰী সমষ্টিৰ লাচিতগড় গাওঁ পঞ্চায়তৰ বৃহৎ কেলেংকাৰীৰ তদন্ত ?

👉৮০নং লাচিতগড় গাওঁ পঞ্চায়তৰ পৰা হৰলুকি ৩৬ লাখ টকাকলৈ জালুকবাৰী সমষ্টিত চাঞ্চল্য ।

👉পঞ্চায়ত সভাপতিয়ে হৰলুকি কৰাৰ অভিযোগ খোদ পঞ্চায়ত সদস্যাৰ ।

👉RTI তথ্যত প্ৰকাশ পঞ্চায়তৰ পৰা হৰলুকি হোৱা ৩৬ লাখ টকাৰ তথ্য ।

👉 দুৰ্নীতিৰ তথ্য ফাদিল কৰাৰ বাবে ভাবুকিৰ সন্মুখীন পঞ্চায়ত সদস্যা আৰু সাংবাদিক ।

👉 ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতো নিমাত সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

👉 জালুকবাৰী সমষ্টিত অসাৰ প্ৰতিপন্ন মুখ্যমন্ত্ৰী সোণোৱালৰ দুনীৰ্তিমুক্ত অসম ।

👉সমষ্টিবাসীৰ আহ্বান উচ্চ পৰ্যায়ৰ উচিত তদন্ত কৰক মুখ্যমন্ত্ৰী সোণোৱালে ।

Body:*

V/O = মুখ্যমন্ত্ৰী সোণোৱালৰ দুনীৰ্তিমুক্ত অসম শ্লোগান অসাৰ প্ৰতিপন্ন জালুকবাৰী সমষ্টিত ।ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ আমিনগাওঁ ৮০নং লাচিতগড়ৰ গাওঁ পঞ্চায়তত চানি ধৰিছে অবাধ দুৰ্নীতিয়ে । ৮০নং লাচিতগড়ৰ গাওঁ পঞ্চায়তত বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ সভাপতি প্ৰদীপ দাসৰ বিৰুদ্ধে । ক'লৈ গ'ল পূৰ্ব সভাপতি যাদৱ হালদাৰে ৮০নং লাচিতগড় গাওঁ পঞ্চায়তৰ একাউন্টত থৈ যোৱা ৩৬ লাখ টকা । পঞ্চায়তখনৰ ৩৬ লাখ টকা হৰলুকি হোৱাৰ পাছত পঞ্চায়ত কৰ্মী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । পঞ্চায়তখনৰ বেংক একাউন্টতত নাই ৩৬ লাখ টকা ক'ত কেনেদৰে এই বৃহৎ পৰিমাপৰ ব্যয় কৰিলে তাৰ তথ্য । এই সকলোবোৰ দেখিও নিমাত কিয় স্থানীয় বিধায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । আমিনগাওঁ ৮০ নং লাচিতগড় গাওঁ পঞ্চায়তৰ বৃহৎ কেলেংকাৰীৰ বাতৰি সদিষ্টাৰে প্ৰকাশ পাইছিল সংবাদ মাধ্যমত । ঘোচখোৰ সভাপতি প্ৰদীপ দাসে সাংবাদিকৰ সৈতে মুখামুখি হ'ব ভয় কৰি বাতৰি কাকতত বিজ্ঞাপন আকাৰে ষ্পষ্টীকৰন দি সাংবাদিকৰ মুখ বন্ধ কৰাৰ চেষ্টা চলাইছে । আনহাতে এই বৃহৎ দুৰ্নীতিৰ তথ্য ফাদিল কৰাৰ বাবে ভাবুকিৰ সন্মুখীন পঞ্চায়ত সদস্যা আৰু সাংবাদিক । তথ্য জনাত অধিকাৰ আইনক অৱমাননা কৰি সংবাদ মাধ্যমৰ বাতৰিক মিছা বুলি কৈ বাতৰি কাকতত ষ্পষ্টীকৰন দি নিজকে ধোৱা তুলসীৰ পাত সজাইছে এই গৰাকী দুৰ্নীতিগ্ৰস্থ পঞ্চায়ত সভাপতিয়ে । Conclusion:* জালুবাৰী সমষ্টিৰ এই পঞ্চায়ত খনৰ দুৰ্নীতি ৰোধ কৰিবলৈ সক্ষম হ'বনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । CM VISILANE ৰ দ্বাৰা মুখ্যমন্ত্ৰীক উচিত তদন্তৰ আহ্বান ৰাইজৰ । কেতিয়া তদন্ত হ'ব পঞ্চায়তখন দুৰ্নীতিগ্ৰস্থ বিষয়া সকলৰ । এই ক্ষেত্ৰত চকু ৰাখিব সচেতন ৰাইজৰ লগতে সংবাদ মাধ্যমে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.